জনপ্ৰিয়তাক উপহাস এচাম সুবিধাবাদীৰ
কামৰূপ জিলা সংহত জনজাতীয় উন্নয়ণ প্ৰকল্পৰ অধ্যক্ষা লাৱন্য বড়োৰ সংবাদ মেল
বকোঃ ভাৰত বৰ্ষৰ নিৰ্বাচন আয়োগে অসম প্ৰদেশৰ কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণৰ খচৰা প্ৰকাশ কৰাৰ পিছতে নিজৰ মাজতেই দলীয় পদবীক লৈ সৃষ্টি হৈছে উৎকন্ঠাৰ। ইজনে সিজনক অভিযোগ প্ৰতিঅভিযোগ দিয়াৰ ফলত পৰিবেশ বিনষ্ট হৈ পৰিছে দক্ষিণ কামৰূপৰ বকো – বনগাঁও অঞ্চলত। ইফালে ভাৰতীয় জনতা পাৰ্টীৰ বকো – বনগাঁওৰ দলীয় কৰ্মীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনে এক বিতৰ্কৰ বিষয় হৈ পৰিছে সংহত জনজাতীয় উন্নয়ণ প্ৰকল্পৰ অধ্যক্ষা লাৱন্য বড়ো। উল্লেখ্য যে অতি কম সময়ৰ ভিতৰতে দক্ষিণ কামৰূপৰ জনসাধৰণৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰি মণ্ডল সভাপতিৰ পৰা
জিলা মহিলা মৰ্চাৰ দায়িত্ব পালন কৰাৰ পিছত আই টি ডি পিৰ অধ্যক্ষৰ দায়িত্বভাৰ লৈ কাম কৰি আহিছে লাৱন্য বড়োই। সেৱাই সংগঠনৰ আৰ্হিত কামৰূপ জিলাৰ দলীয় কৰ্মীৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰা আৰু হিতাধিকাৰীৰ মাজত সফল নেত্ৰী হিচাপে স্থান লাভ কৰা লাৱন্য বড়োৰ পিছত লাগিছে দলৰে একাংশ কৰ্মী। একাংশ বি জে পিৰ জনজাতীয় সম্প্ৰদায়ৰ নেতাই সমাগম সাধাৰণ নিৰ্বাচনত বকো সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াৱ বিচাৰিছে যদিও লাৱন্য বড়োৰ জনপ্ৰিয়তাক পৰাভূত কৰিব নোৱাৰিব বুলি সন্দেহ কৰি কেতবোৰ মনেসজা অভিযোগ উত্থাপন কৰে লাৱন্য বড়োৰ বিৰুদ্ধে। ইফালে আজি লাৱন্য বড়োই অভিযোগকাৰীৰ অভিযোগ খণ্ডন কৰি আয়োজন কৰে
সংবাদ মেলৰ। নেত্ৰী গৰাকীৰ নিজ গৃহত আয়োজন কৰা সংবাদ মেলত সাংবাদিকক সম্বোধন কৰি তেওঁ কয় যে দলীয় কৰ্মীৰ নিকৃষ্ট মানসিকতাৰ বাবে কেতবোৰ মনেসজা তথা ভিত্তিহীন অভিযোগ আনিছে যিবোৰৰ কোনো সত্যাসত্যৰ প্ৰমাণ নাই। ইফালে সংবাদ মেলত অধ্যক্ষা গৰাকীক সংগ দিয়ে ছয়গাঁও, বনগাঁও, গৰৈমাৰী, বকো, ছমৰীয়া, নগৰবেৰা আদিকে ধৰি অঞ্চলটোৰ মণ্ডল সমিতিৰ সভাপতি/সম্পাদক আৰু শতাধিক দলীয় কৰ্মীয়ে। ছয় গৰাকী মণ্ডল সমিতিৰ সভাপতি আৰু সম্পাদকে লাৱন্য বড়োৰ সোপক্ষে দলীয় কাম কাজত সহযোগ পোৱা আৰু সেৱাৰ বাবে শলাগ লয়। ইফালে বকো বিধানসভা সমষ্টি অনুসূচিত জনজাতিৰ বাবে
সংৰক্ষিত ঘোষণা কৰাত দলে সমাগত সাধাৰণ নিৰ্বাচনত সংহত জনজাতীয় উন্নয়ণ প্ৰকল্পৰ অধ্যক্ষা লাৱন্য বড়োক বিধায়কৰ বাবে প্ৰক্ষেপ কৰিব বুলি প্ৰচাৰ চলিছে। এই কথাত ক্ৰোধিত হৈ বা লাৱন্য বড়োৰ জনপ্ৰিয়তা লাঘৱ কৰিবলৈ লগতে সমাজত হেয় প্ৰতিপন্ন কৰিবলৈ মনেসজা অভিযোগ উত্থাপন কৰে বুলি জানিব দিয়ে সংবাদ মাধ্যমৰ জৰিয়তে। পৰৱৰ্তী সময়ত ইয়াৰ সত্যা সত্য প্ৰকাশ পাব বুলি বিশ্বাস কৰে দলীয় কৰ্মী সকলে।