ashomiyapatrika.com

মণিপুৰৰ নাৰী নিৰ্যাতনৰ ঘটনাক উদ্বেগ অসম তৃণমূল মহিলা কংগ্ৰেছৰঃ মণিপুৰৰ ঘটনা সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ লঘু মন্তব্যক গৰিহণা

0 40

গুৱাহাটীঃ মণিপুৰত মানৱ সমাজক লজ্জানত কৰা নাৰী নিৰ্যাতনৰ ঘটনা আৰু এই সন্দৰ্ভত বিজেপি চৰকাৰৰ বক্তব্যৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম তৃণমূল মহিলা কংগ্ৰেছ৷ অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত আজি ৰাজ্যিক উপসভানেত্ৰী আখলুনা বেগম, কামৰূপ মহানগৰ জিলা তৃণমূল মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰেখা বৰগোহাঁই ঋ, অসম তৃণমূল মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা অঞ্জলি ব্ৰহ্ম , সম্পাদিকা জীলম সত্যনাৰায়ণ আৰু ধেমাজি জিলা তৃণমূল মহিলা কংগ্ৰেছৰ সভানেত্ৰী নিকুমণি শইকীয়াই বক্তব্য ৰাখি কয়, ‘মণিপুৰত আমাৰ দুগৰাকী ভগ্নীৰ ওপৰত চলা নিৰ্যাতনৰ ঘটনাত মৰ্মাহত হৈ পৰিছো। বেটী

বচাও বেটী পঢ়াও’ শ্ল’গান দিয়া বিজেপিৰ দিনত ভেটিৰ কি অৱস্হা হৈছে আমি সকলোৱেই দেখিছো। আনহাতে মণিপুৰৰ উক্ত ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীকে ধৰি বিজেপিৰ নেতা-কৰ্মীসকলে যি মন্তব্য দি আহিছে সি আমাক ক্ষুব্ধ কৰি তুলিছে। ৭৭ দিনৰ নীৰৱতাৰ অন্তত নৰেন্দ্ৰ মোদীয়ে মণিপুৰ সন্দৰ্ভত প্ৰথমটো মন্তব্যৰ সময়ত ৰাজস্হান, ছট্টিশগড়ৰ কথা কৈ মণিপুৰৰ ঘটনাক যেন ন্যায্যতা দিবহে খুজিলে। একেই পদক্ষেপ ল’লে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। শৰ্মাই ৰাজস্থান, পশ্চিমবঙ্গতো এনে ঘটনা ঘটিছে বুলি কৈ মণিপুৰৰ ঘটনাৰ পৰা মূৰ পোলোকা মাৰিব খুজিছে। বিজেপি চৰকাৰৰ এই আচৰিত স্হিতিয়ে এই ধৰণৰ ঘটনাক উৎসাহিত কৰাৰ সম্ভাৱনাহে বৃদ্ধি

কৰিব। ইয়াৰ জৰিয়তে বিজেপি চৰকাৰে ৰাজনীতিহে কৰিব বিচাৰিছে। কিন্তু তেওঁলোকেই ওলোটাই বিৰোধীক কৈ আছে, মণিপুৰৰ ঘটনাক লৈ ৰাজনীতি কৰিব নালাগে। আমি মণিপুৰৰ লজ্জাজনক ঘটনাৰ লগত জড়িতক কঠোৰতম শাস্তি বিহাৰ দাবী জনাইছো। লগতে বিজেপি চৰকাৰক যিকোনো ধৰণৰ লঘু মন্তব্য দিয়াৰ পৰা আঁতৰি থাকিবলৈ দাবী জনাইছো।’

Leave A Reply

Your email address will not be published.