ashomiyapatrika.com

মণিপুৰৰ বিবস্ত্ৰ কাণ্ডৰ বিৰুদ্ধে ১২ দলীয় বিৰোধী মৰ্চাৰ গুৱাহাটীত উত্তাল প্ৰতিবাদ

0 36

গুৱাহাটীঃ সমগ্ৰ বিশ্বজুৰি ধিক্কাৰ আৰু গৰিহণাৰে ওপচি পৰা মণিপুৰৰ কুকি ‘মহিলা বিবস্ত্ৰ কাণ্ড’ৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ অব্যাহত থকাৰ মাজতে আজি গুৱাহাটীত ১২ টা ৰাজনৈতিক দলৰ কেইবাশ নেতা কর্মীয়ে প্রতিবাদ- সাব্যস্ত কৰি ধৰ্ণা প্ৰদৰ্শন কৰে। গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰৰ লক্ষ্মীধৰ বৰা ক্ষেত্ৰত আজি সমবেত প্ৰতিবাদকাৰী ৰাজনৈতিক কৰ্মী সকলৰ লগতে আন বহুতো প্ৰতিবাদী নাগৰিকে ধর্ণাত অংশগ্ৰহণ কৰাৰ কথাটোৱে বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ প্ৰতি তেখেত সকলৰ অসন্তুষ্টিৰ কথাকে প্ৰতিপন্ন কৰিছে। সভাত বিৰোধী দল কেইটাৰ নেতৃবৃন্দই নিজ নিজ বক্তব্য উপস্থাপন কৰি ধৰ্ণা স্হলীতে

অনুষ্ঠিত সভাখনৰ আঁত ধৰি চি পি আই (এম) দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক সুপ্রকাশ তালুকদাৰে কয় যে “বিজেপিৰ সাম্প্রদায়িক মনোবৃতি আৰু গণতন্ত্ৰ বিৰোধী আদৰ্শৰ ফলশ্রুতিতেই মণিপুৰত গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত হয়। সংঘৰ্ষ জৰ্জৰ ৰাজ্যখনৰ প্ৰতিটো কু-কৰ্মকে ঢাকি ৰাখিবলৈ চেষ্টা কৰি সেই ঘটনা সমূহক সমর্থন জনোৱাৰ বাবেই তাত এনে মহিলাক বিবস্ত্ৰ কৰাৰ দৰে জঘন্য আৰু নিন্দনীয় ঘটনাৰ সূত্ৰপাত হয়। ইয়াৰ বিৰুদ্ধে আমি তীব্র প্রতিবাদ গঢ়ি তুলিব লাগিব। অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈয়ে কয় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মণিপুৰৰ মহিলা দুগৰাকীক বিবস্ত্ৰ কৰা আৰু ধৰ্ষণ কৰা ঘটনাটোৰ সম্পৰ্কত মতামত দি ৰাজস্হান

আৰু পশ্চিমবঙ্গতো ধৰ্ষণ হয় বুলি কৰা মন্তব্যই সভ্য সমাজৰ সকলো শালীনতা চেৰাই গৈছে বুলি অভিহিত কৰি কয় যে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ভাৰতবৰ্ষৰ সমগ্ৰ নাৰী সমাজকে ক্ষমা খুজিব লাগে। ৰাইজৰ দলৰ নেতা তথা বিধায়ক অখিল গগৈয়ে কয় যে ‘ভাৰতৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশখনকেই আৰ এছ এছৰ দৰ্শনেৰে পৰিচালিত কৰি যি হিন্দুত্ববাদী সমাজ এখন ১৪০ কোটি ভিন্নধর্মী মানুহৰ ওপৰত জাপি দিব খুজিছে। যাৰ পৰিণতিত মণিপুৰৰ দৰে এখন সীমামূৰীয়া ৰাজ্যতো হিন্দু মৈতেয়ী আৰু খ্ৰীষ্টিয়ান কুকি সকলৰ মাজত সংঘাত সৃষ্টি হৈছে৷ যাৰ ফলত মহিলাক বিবস্ত্ৰ কৰি কৰা জঘন্য দানবীয় ঘটনাকো প্ৰকান্তৰে সহজভাৱে মানি লৈ সংসদৰ

ভিতৰত বিবৃতি দিয়াৰ পৰা বিৰত আছে। প্রধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী দুয়োজনেই নাৰীক কৰা বলৎকাৰৰ ঘটনাক প্ৰকাৰন্তৰে সমাজৰ সচৰাচৰ ঘটনা বুলি কৈ ন্যায়বর্তা প্ৰদান কৰিছে। যিটো এখন সভ্য সমাজৰ পৰিপন্হী আৰু গৰিহণাৰ যোগ্য’। সভাত কংগ্ৰেছ দলৰ হৈ প্ৰাক্তন সাংসদ বলীন কুলি, চিপিআইৰ নেতা মুনীন মহন্ত, এনচিপিৰ পৰেশ বৰুৱা, চিপিআই (এম এল)ৰ পংকজ দাস, প্রাক্তন বিধায়ক হেমেন দাস, জে-ডি-ইউৰ কাজি নেকিব আহমদ আৰু জে-ডিৰ কামাখ্যা পাণ্ডে আৰু মহিলা কংগ্ৰেছৰ হৈ গীতালী দাসে বক্তৃতা প্ৰদান কৰে। ধর্ণাত বিভিন্ন দলৰ হৈ দলৰ নেতৃত্বাধীন ব্যক্তি সকলৰ মাজত কংগ্ৰেছ দল হৈ অংশগ্ৰহণ কৰে বলীন কুলি, নৃপেন

ঠাকুৰীয়া, আবু চালেহ নাজমুদ্দিন, ৰামান্না-বৰুৱা নৱজ্যোতি তালুকদাৰ, বালিকা – লাহন পেগু, বিপুল গগৈ, গুণ কান্ত গগৈ, দীপ বায়ন, মেহদী আলম বৰা, আৰফান আলী হাজৰিকা, মুস্তাক গোলাম ওছমানী, জিন্তু হাজৰিকা, মুকুল হুচেইন, ৰফিকুল ইছলাম, উমেশ ডেকা, মইনাজান বেগম, মৈচুমী নেওগ, কৃষ্ণা দাস, চাজিয়া বেগম, দেবী ডেকা, অৰবিন্দ কুমাৰ ৰায়, বাসুদেৱ চৌধুৰী, মানস তালুকদাৰ, দেৱজিৎ ডেকা, ৰিনা বেগম, চি-পি-আই (এম)-ৰ হৈ হেমেন দাস, উদ্ধৱ বৰ্মন, অজিত দাস, নয়ন ভুঞা, নিয়তি বর্মন, তপন শর্মা, চিপি-আইৰ হৈ মুনিন মহন্ত, বিপুল তালুকদাৰ, পুলিশ দাস, ফনি দাস, কিশোৰ ফুকন, কৃষ্ণ গগৈ, ৰমেন দাস, এন-চি-পি দলৰ

পৰেশ বৰুৱা, নগেন লুংখল, দীপক দাস, কবী বৰুৱা হুছেইন আৰা বেগম, নৱধৰ বৰা, শম্ভুৰাম বৰা, অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ, ৰাজু ফুকন, জিয়াউৰ ৰহমান আৰু কেইবাজনো, ৰাইজৰ দলৰ হৈ অখিল গগৈ, হৰেশ্বৰ বৰ্মন, ৰাছেল হুছেইন, আজিজুৰ ৰহমান, চি-পি-আই (এল-এম)ৰ হৈ পংকজ দাস, বীৰেন কলিতা, সুব্রত তালুকদাৰ, জে-ডি-ইউৰ হৈ পৰেশ মাথ, কাজী নেকিব আহমেদকে আদি কৰি বাকী ১২ টা দলৰ কেইবাশ নেতা-কৰ্মীৰ ওপৰিও লেখক প্ৰণৱজ্যোতি ডেকা আৰু সোণেশ্বৰ পাটোৱাৰীয়েও যোগদান কৰে।

Leave A Reply

Your email address will not be published.