ashomiyapatrika.com

গৰিয়া আৰু দেশী সকলে এতিয়ালৈ একো এটা নাপালে বৰঞ্চ মিঞা হৈয়ে থাকিলঃ বাবু আহমেদ

0 38

গুৱাহাটীঃ আজি যিদৰে গৰিয়া মৰিয়া দেশী সকলে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ সৰব হৈছে ঠিক তেনেকৈ যদি আগতে এই তিনিটা জনগোষ্ঠীৰ সুকীয়া লোকপিয়লৰ বাবে গৰজি উঠিল হৈ চাগে এতিয়া লৈ আমি আমাৰ জনগোষ্ঠীয় পৰিচয় পাই গলো হয়৷ এই মন্তব্য গৰিয়া মৰিয়া জনগোষ্ঠীয় নেতা বাবু আহমেদৰ৷ তেওঁ লগতে কয় নাজানো ইয়াত কি ৰাজনৈতিক অভিসন্ধি আছে৷ মই এটা কথা বুজি নাপালো চৰকাখনে আমাক নিঃশেষ কৰিব বিচৰাতো ধ্ৰুব সত্য৷ কিন্তু আমাক যে পূৰ্ব বংগীয় সকলৰ লগত একাকাৰ কৰিব খুজিছে সেয়াও সত্য৷ এইবোৰ কৰিবলৈ চৰকাৰে কিয় সুবিধা পালে ? এবাৰ নিজকে সুধি চাওচোন বুলিও তেওঁ প্ৰশ্ন কৰে৷ এই সকলোবোৰৰ আৰত

কিন্তু সচাকৈয়ে আমিবোৰ দায়ী৷ মন কৰক অসমৰ প্ৰায়বোৰ জনগোষ্ঠীয়ে নিজৰ অধিকাৰ নিজৰ প্ৰাপ্য আজুৰি আনিবলৈ সক্ষম হৈছে৷ কিন্তু এক মাত্ৰ এই গৰিয়া আৰু দেশী সকলে এতিয়ালৈ একো এটা নাপালে বৰঞ্চ মিঞা হৈয়ে থাকিল৷ ভালকৈ চিন্তা কৰক এই জনগোষ্ঠী দুটাৰ কিছু বাঘা বাঘা নেতাই নতুনকৈ হবলগীয়া এখন চকী বা অনাগত সময়ত ৰাজনৈতিক মুনাফা লাভৰ বাবে সময়ে সময়ে এই সাধাৰণ লোক সকলক উচতাই জোল খাব চেষ্টা কৰে ।যদি সুকীয়া লোকপিয়লৰ বাবে আমি জোৰ দাৰকৈ ওলাই আহিলো হৈ তেন্তে আমি আজি আন জনগোষ্ঠী সমূহৰ দৰে মূৰ তুলি জীয়াব পাৰিলো হৈ ।কিন্তু আজি আমি লেঠু চিঙা বেঙেনা হৈ পৰিছো বাবে এই ৰজাঘৰীয়াই আমাক যতে মন যায় তালৈ ফুটবলৰ দৰে দলিয়াই৷ সাধাৰণ গৰিয়া আৰু দেশী সমাজে ভালকৈ চিন্তা কৰক৷

Leave A Reply

Your email address will not be published.