নিৰ্বাচন আয়োগৰ ৰাজহুৱা শুনানি এক ভেকোঁভাওনা
বিজেপি আৰএছএছৰ শ্ৰতলিপিত খিলঞ্জীয়াৰ অধিকাৰ কাঢ়ি হিন্দু বাংলাদেশীৰ শক্তি বৃদ্ধি কৰা সমষ্টি পুনৰ নিৰ্দ্ধাৰণ মানি নলওঁঃ ধৈৰ্য্য কোঁৱৰ
গুৱাহাটীঃ অসমৰ সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগে শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত কৰা ৰাজহুৱা শুনানিৰ আজি তৃতীয় দিনা ৰাইজৰ দলে সমষ্টি পুনৰ্নিদ্ধাৰণৰ খচৰা বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰৰ নেতৃত্বত দলৰ উজনি অসমৰ কৰ্মকৰ্তাসকলে কলাক্ষেত্ৰৰ সমুখত খিলঞ্জীয়া বিৰোধী খচৰা খন বাতিল কৰাৰ দাবী জনায়। ৰাইজৰ দলৰ সাধাৰণ সম্পাদক কৃষক নেতা ধৈৰ্য্য কোঁৱৰে কয় যে আহোম, কোঁচ ৰাজবংশী, মটক, চাহ জনজাতি, ঠেঙাল কছাৰী, মিছিঙকে আদি কৰি সকলো সৰু বৰ জাতি জনগোষ্ঠীকে এই খচৰাৰ জৰিয়তে ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত
কৰা হৈছে। তেখেতে হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় যে যদি আহোম, মটক, ঠেঙাল কছাৰী, মিছিং, কোঁচ ৰাজবংশী, চাহ জনগোষ্ঠী আদি খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ পৰা ৰাজনৈতিক ক্ষমতা কাঢ়ি নিয়াটোৱে হিমন্ত বিশ্ব শৰ্মাৰ খিলঞ্জীয়াৰ তত্ব হয়, সেই তত্ত্ব ৰাইজৰ দলে কেতিয়াও মানি ল’ব নোৱাৰে। নিৰ্বাচন আয়োগৰ এই ৰাজহুৱা শুনানি ভেকোঁ ভাওনা বুলি অভিহিত কৰি কোঁৱৰে কয় খিলঞ্জীয়াৰ পক্ষত যদি এই পুনৰ্নিদ্ধাৰণ নহয়, এই পুনৰ্নিদ্ধাৰণ বাতিল হ’বই লাগিব। হিন্দু বাংলাদেশীৰ শক্তি বৃদ্ধিৰ বাবে কৰা এনে অভিসন্ধি সহ্য নকৰে ৰাইজৰ দলে। ৰাইজৰ দলৰ অন্যতম নেতা চিত্ত গগৈয়ে অভিযোগ উত্থাপন কৰি কয় যে নিৰ্বাচন
আয়োগে বিজেপি আৰু আৰ এছ এছ ৰ শ্ৰতলিপি মতে কাম কৰিছে। খিলঞ্জীয়াক বঞ্চিত কৰি কেৱল গাদীৰক্ষাৰ স্বাৰ্থত তেওঁলোকে এনে কাম কৰিছে বুলি অভিযোগ কৰে নেতাগৰাকীয়ে। ঘটনাস্থলীত আৰক্ষীৰ সৈতে তীব্ৰ খণ্ড যুদ্ধ হোৱাৰ লগতে আৰক্ষী বাহিনীয়ে ধৈৰ্য্য কোঁৱৰ, চিত্ত গগৈকে আদি কৰি প্ৰায় ৫০ জন ৰাইজৰ দলৰ কৰ্মীক চোঁচৰাই নি আটক কৰে। আজি আবেলি ৪ মান তেখেতসকলক মুকলি কৰি দিয়া হয়।