ashomiyapatrika.com

মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ সোচ্চাৰ কৃষক মুক্তি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিঃ দীঘলীপুখুৰীৰ পাৰত প্ৰতিবাদ

0 42

গুৱাহাটীঃ কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ আহ্বান ও কামনাৰে, শাসকৰ ব্যৰ্থতাৰ প্ৰতিবাদ, ক্ষমতাতকৈ ৰাইজৰ জীৱন, নিৰাপত্তাৰ বিষয়ত অধিক মনোযোগ দিয়াৰ দাবীত আজি দীঘলীপুখুৰীৰ পাৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়৷ কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কয় যে, মণিপুৰে দেশৰ প্ৰতিটো ক্ষেত্ৰলৈ নিজৰ বৰঙণি আগবঢ়াই অহাৰ বিপৰীতে কেন্দ্ৰই সাধাৰণতেই উত্তৰ পূবৰ ৰাজ্যৰ প্ৰতি লৈ অহা কৌটিকলিয়া উলাই কৰা যি মনোভাৱ, সেই মনোভাৱৰ পুনৰ স্বৰূপ উদঙাই দিলে৷ মেৰি কম, মীৰা বাঈ চানু আদিৰ দৰে আন্তঃৰাষ্ট্ৰীয় পদক বিজয়ীৰে দেশক

গৌৰাম্বিত কৰা ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নুন্যতমো ব্যৱস্থা গ্ৰহণ নকৰি কেৱল ক্ষমতাৰ লালসাত গৃহ যুদ্ধত ৰাজ্যখন ছাৰখাৰ হবলৈ এৰি দিয়া কাৰ্য কোনোপধ্যেই গ্ৰহণযোগ্য হব নোৱাৰে৷ সমগ্ৰ বিশ্বৰ আগত মখমলৰ চাদৰ এখনেৰে পুতিগন্ধ ময়, বীভৎস পৰিস্থিতি এটা ঢাকি ৰাখি বুকু ফিন্দাই বিশ্বগুৰু ৰ ভাও দি আনৰ ঘৰত শান্তিৰ চাকি জ্বলাবলৈ যোৱা মহা মনীষিৰ কেন্দ্ৰীয় চৰকাৰ কেতিয়া সাৰ পাব ? এখন ফটো, এটা ভিডিঅ ই বিশ্বৰ আগত উলংগ কৰি দিয়া ভণ্ডামিৰে আজি কত লুকাব বুলি প্ৰশ্ন উত্থাপিত হৈছে৷ কাৰ্যসূচীৰ নেতৃত্ব দিয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদিকা অনিন্দিতা দাস আৰু চিৰাজ আলীয়ে। উপস্থিত থাকে বিদ্যুৎ শইকীয়া, আকাশ দলে, নবদ্বীপ বৰপাত্ৰ গোঁহাই আদি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.