ashomiyapatrika.com

পলাশবাৰী ৰঙামাটি নামঘৰ নৱনিৰ্মিত হীৰেণ চন্দ্ৰ দাস সোঁৱৰণী তোৰণ মুকলি

0 58

মিৰ্জাঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পলাশবাৰী জিলাৰ অন্তৰ্গত ৰঙামাটি প্ৰাথমিক শাখাৰ নামঘৰৰ নৱনিৰ্মিত মূল প্ৰৱেশ তোৰণ ১৮ জুলাইত আনুষ্ঠানিকভাবে মুকলি কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। ৰঙামাটি ৩ নং মেধিপাৰা নিবাসী বিশিষ্ট সমাজকৰ্মী, অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত সহ কাৰ্যবাহী অভিযন্তা প্ৰয়াত হীৰেণ চন্দ্ৰ দাসৰ স্মৃতিত নিৰ্মাণ কৰা এই তোৰণ ভাগ তেখেতৰ পত্নী মঞ্জুলা দাস আৰু পৰিয়াল বৰ্গই নিৰ্মাণ কৰি দিয়ে। জিলাখনৰ দুই শতাধিক ভকত আৰু আইমাতৃৰ হৰি নাম ধ্বনিৰ মাজত এই তোৰণ ভাগ ৰাইজৰ বাবে মুকলি কৰে বিধায়ক ঠাকুৰীয়াই। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক

প্ৰয়াত অভিযন্ত্ৰা হীৰেণ চন্দ্ৰ দাসৰ ৭০ সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি দিনযোৰা কাৰ্যসূচীৰে নাম প্ৰসংগ, ভাগৱত পাঠ, বন্তি প্ৰজ্বলন, বৃক্ষ ৰোপণ আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়‌। এই কাৰ্যসূচীত ভাগৱত প্ৰতিষ্ঠা কৰে বুঢ়া ভকত নৰেণ দাসে। নামাচাৰ্য ফটিক চন্দ্ৰ দাসে পৰিচালনা কৰা নাম-প্ৰসঙ্গত শতাধিক ভকত, আই মাতৃয়ে অংশগ্ৰহণ কৰে। শঙ্কৰ সঙ্ঘৰ পলাশবাৰী জিলাৰ শৰণ সদস্য মহেশ মহন্ত, সমাজকৰ্মী কনক দাস আৰু দাতা পৰিয়ালৰ মঞ্জুলা দাস আৰু নিলিমা দাসে বন্তি প্ৰজ্বলন কৰে। ৰঙামাটি নামঘৰ চৌহদত বৃক্ষৰোপণ কৰে সঙ্ঘৰ পলাশবাৰী জিলাৰ সভাপতি ৰমনী কলিতা, সম্পাদক সুৰেণ কলিতা, সাংবাদিক সংগঠন ইলেক্ট্ৰনিক

এণ্ড প্ৰিন্ট মিডিয়া ফ’ৰাম চাউথ কামৰূপৰ সম্পাদক নীৰেন চন্দ্ৰ মালী, দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সম্পাদক বেদব্ৰত দাস আৰু প্ৰাথমিক শাখাৰ সভাপতি দীনেশ কলিতাই। এই ধৰ্মীয় কাৰ্যসূচীত ভাগৱত পাঠ কৰে বিশিষ্ট শঙ্কৰী সংস্কৃতিৰ সাধক ৰাধিকা ৰাম দাসে। সমাজসেৱক কনক দাসৰ সভাপতিত্বত আয়োজিত স্মৃতিচাৰণ সভাত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, সঙ্ঘৰ মূলৰ সদস্য অনিল চন্দ্ৰ কলিতাকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তিয়ে হীৰেণ চন্দ্ৰ দাসৰ জীৱন আৰু তেখেতে শৈক্ষিক আৰু ধৰ্মীয় দিশত আগবঢ়োৱা অৱদানৰ বিষয়ে আলোকপাত কৰে। তেখেতে অৱসৰৰ পিছত লাভ কৰা সাচতীয়া ধনেৰে স্থানীয় ৰঙামাটি হাইস্কুলৰ মূখ্য তোৰণ

ভাগ নিৰ্মাণ কৰি দিয়াৰ কথা উল্লেখ কৰে দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সম্পাদক বেদব্ৰত দাসে। জলসিঞ্চন বিভাগৰ অভিযন্তা হিচাপে কৰ্মৰত সময়ত এগৰাকী সৎ আৰু সুদক্ষ বিষয়া হিচাপে সু-নাম থকা দাসৰ ২০২১ চনৰ ১৮ মে’ত ইহলীলা সম্বৰণ কৰিছিল।

Leave A Reply

Your email address will not be published.