ashomiyapatrika.com

বকোত টাটা ট্ৰাষ্টৰ টি বি এছ আই দলৰ দ্বাৰা প্ৰয়ুক্তি বিদ্যাৰ ওপৰত গ্ৰীষ্মকালীন শিবিৰ সম্পন্ন

0 48

বকোঃ ৰাজ্যৰ শিক্ষা বিভাগৰ আধুনিকীকৰণৰ বাবে কাম কৰি আহা টাটা ট্ৰাষ্টৰ অৰ্থ সাহাৰ্য্যত বিভাগৰ চি এম এল ৰ উদ্যোগত কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াৰ সহযোগত ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰয়ুক্তি বিদ্যাৰ জ্ঞান সম্পৰ্কে পাঠদান শিবিৰ সম্পন্ন কৰে। উল্লেখ্য যে বকো, ছমৰীয়া আৰু ছয়গাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত টি বি এছ আই প্ৰকল্প চলি থকা বিদ্যালয় সমূহত দুইদিনীয়াকৈ আয়োজন কৰে প্ৰয়ুক্তি বিদ্যাৰ প্ৰয়োগৰ জ্ঞান সম্পৰ্কে পাঠদান। টাটা ট্ৰাষ্টৰ টি বি এছ আই গ্ৰুপৰ কাৰিকৰী সহায়ক সঞ্জীৱ দাসে জনোৱা মতে প্ৰত্যেক খন বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলোৰ সহযোগত

শুভাৰম্ভ কৰা হয় পাঠদান শিবিৰৰ। বিদ্যালয়ৰ শিক্ষাত ষষ্ঠ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত আয়োজন কৰা প্ৰয়ুক্তি বিদ্যাৰ জ্ঞানৰ পাঠদান আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয় আৰু উদ্ধোধক সকলোক ফুলাম গামোচাৰে সম্বোৰ্ধনা জনোৱা হয় আৰু গছ পুলি প্ৰদান কৰে। প্ৰয়ুক্তি বিদ্যাৰ পাঠদানত ছাত্ৰ ছাত্ৰীক কম্পিউটাৰৰ প্ৰাথমিক জ্ঞানৰ বিষয়ে অৱগত কৰে। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক কম্পিউটাৰত নিজৰ নিজৰ ফাইল খুলি লৈ ডাটা মজুত কৰাৰ বিষয়ে শিক্ষা দিয়ে। লগতে বিভিন্ন বিভাগৰ প্ৰকল্প প্ৰস্তুত কৰাৰ বিষয়ে জ্ঞান দিয়ে। ইয়াৰোপৰি ছাত্ৰ ছাত্ৰী সকলে সততে ইংৰাজী শিকিব পৰা তথা কম্পিউটাৰত ক্লিক্সৰ জৰিয়তে কিছু

উৎসাহ জনক পাঠ প্ৰদান কৰে। টাটা ট্ৰাষ্টৰ প্ৰকল্প বিষয়া জনক বড়োই তদাৰক কৰা গ্ৰীষ্মকালীন পাঠদান শিবিৰত সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰে সঞ্জীৱ দাসৰ লগতে সংগীতা শইকীয়া, বিশ্বজিৎ ৰাভা আৰু হৰ্ষষ্মিতা ওজাই। টাটা ট্ৰাষ্টৰ ক্ষেত্ৰীয় পৰিচালনক কন্দৰ্প কলিতাই সহযোগ কৰা পাঠদান শিবিৰত ছাত্ৰ ছাত্ৰী সকলে উৎসাহ জনক ভাৱে সহাঁৰি জনোৱা বাবে শলাগ লয় আৰু বিদ্যালয় সমূহৰ প্ৰধান শিক্ষক সকলেও আদৰণি জনায় বুলি জানিব দিয়ে সঞ্জীৱ দাসে।

Leave A Reply

Your email address will not be published.