আজাৰা ৰাজহ চক্ৰৰ গাঁওবুঢ়া নন্দৰাম ফাংচৰ মৃত্যু
গুৱাহাটীঃ পশ্চিম গুৱাহাটীৰ আজাৰা ৰাজহ চক্ৰ এলেকাৰ মিকিৰপাৰা চকৰ্দো – দেউচতালৰ চৰকাৰী গাঁওবুঢ়া, বিশিষ্ট সমাজকৰ্মী নন্দৰাম ফাংচৰ অসুখত ভুগি আজি পুৱা নিজ গৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৬ বছৰ৷ কেইবাদিনো ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা নন্দৰাম ফাংচৰ মৃত্যুৰ খবৰ পাই বিভিন্নজনে মৃতকৰ দেউচতালস্থিত বাসভৱনত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইফালে আজাৰা ৰাজহ চক্ৰ গাঁও প্ৰধান সন্থাই মৃতকৰ আত্মাৰ সদগতি কামনাৰে আজি দুপৰীয়া শোক সভা অনুষ্ঠিত কৰে। সন্থাৰ সভাপতি আৰু সম্পাদক ক্ৰমে গোলক চন্দ্ৰ দাস আৰু ধৰণী দাসে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জনায়। মৃত্যুৰ সময়ত
তেওঁ পত্নী আৰু এজন পুত্ৰ এজনী কন্যাসহ বহু আত্মীয়-কুটুম এৰি থৈ যায়। মৃত্যুৰ সময়লৈকে তেওঁ কাৰ্বি দেহাল, কাৰ্বি বাংথে অসম, ভীমাশংকৰ মন্দিৰ পৰিচালনা সমিতি, দেউচতাল নবজ্যোতি সংঘকে ধৰি বিভিন্ন দল – সংগঠনৰ সৈতে জড়িত আছিল৷ তেওঁৰ মৃত্যুত দেউচতাল নবজ্যোতি সংঘৰ সভাপতি বলেশ্বৰ ৰংপী আৰু সাধাৰণ সম্পাদক বিজয় বড়োকে ধৰি বিভিন্ন দল – সংগঠন আৰু ব্যক্তিয়ে গভীৰ শোক ব্যক্ত কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷