ashomiyapatrika.com

কামৰূপ জিলা সাহিত্য সভাৰ ৩৬ সংখ্যক দ্বি – বাৰ্ষিক ৰঙিয়া অধিবেশন সম্পন্নঃ গ্ৰন্থ উন্মোচনী সভা

0 50

বকোঃ অসম সাহিত্য সভাৰ অন্যতম জিলা কামৰূপ জিলা সাহিত্য সভাৰ ৩৬ সংখ্যক দ্বি – বাৰ্ষিক ‘ৰঙিয়া’ অধিবেশন আজি ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত সম্পন্ন হয়। চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষক বাণীৰে ৰণদিয়া শতদল’ সাহিত্য সভা ৰঙিয়াৰ সহযোগত আয়োজন কৰা কামৰূপ জিলা সাহিত্য সভাৰ অধিৱেশনত বহু কেইখন গ্ৰন্থ উন্মোচন কৰা হয়। জিলা সাহিত্য সভাৰ অধিৱেশন খন আদৰণি সমিতিৰ সভাপতি তথা ৰঙিয়া সমষ্টিৰ বিধায়ক, অসম সাহিত্য সভাৰ পৰম সুহৃদ হিতৈষী সভ্য ভবেশ কলিতা, সাধাৰণ সম্পাদক হেমন্ত কলিতা (হেমেন), কাৰ্য্যকৰী সভাপতি জয়ন্ত জিত কলিতা, সম্পাদক উজ্বল ডেকাই জনোৱা মতে অসম সাহিত্য সভাৰ নীতি নিৰ্দেশনা

অনুসাৰে পৰিচালিত কামৰূপ জিলা সাহিত্য সভাৰ আজি দিনযোৰা বিস্তৃত কাৰ্য্যসুচীৰে আয়োজন কৰা হৈছে অধিবেশন খন। অধিবেশনৰ কাৰ্য্যসূচী অনুসৰি পতাকা উত্তোলন, স্মৃতি তৰ্পণ, প্ৰতিনিধিৰ নাম পঞ্জীয়ন, প্ৰতিনিধি সভা ও প্ৰাৰম্ভিক বৈঠক তথা অন্তৰঙ্গ আলাপ। সভাত কামৰূপ জিলা সাহিত্য সভাৰ অধিৱেশনৰ লগত সংগতি ৰাখি সম্পাদকীয় প্ৰতিবেদন, হিচাব পৰীক্ষকৰ প্ৰতিবেদন আদিকে ধৰি বহু কাৰ্য্যসুচী ৰূপায়ণ হয়। ইয়াৰ পিছতে অনুষ্ঠিত হয় অধিবেশনৰ মুকলি সভা। মুকলি সভাত কামৰূপ জিলা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতিক আদ বাটৰ পৰা আই মাতৃ তথা বাপ বান্ধৱে আদৰি লৈ গৈ মুকলি সভাৰ মঞ্চত আসন প্ৰদান কৰে।

মুকলি সভাত ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশ সমিতিৰ সভাপতি ভবেশ কলিতা, অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি পদ্মশ্ৰী ড° সুৰ্য্যকান্ত হাজৰিকা, প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মা, অসম সাহিত্য সভাৰ বহু কেইজন বিষয় ববীয়া, বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সভাপতি ড° সুৰোজ নাৰ্জাৰী, কামৰূপ জিলা সাহিত্য সভাৰ ন পুৰণি বিষয় ববীয়া আৰু জিলাৰ অন্তৰ্গত শাখা সাহিত্য সভা সমুহৰ বিষয় ববীয়া সকল। ইফালে মুকলি সভা আনুস্থানিক ভাৱে উদ্বোধন কৰে সমাজৰত্ন তথা এমন্ট্ৰোনৰ সঞ্চালক দিনমণি ভাণ্ডাৰ কায়স্থই। অনুস্থানত কামৰূপ জিলা সাহিত্য সভাৰ মুখপত্ৰ কামৰূপা আনুস্থানিক ভাৱে উন্মোচন কৰে বিশিষ্ট

সাহিত্যিক থানেশ্বৰ মালাকাৰে। মুকলি সভাত সাহিত্য সভাৰ বহু বিষয়ৰ ওপৰত আলোকপাত কৰে। সভাত বকো সাহিত্য সভা শতদল শাখাৰ পৰাও ড° গণেশ্বৰ চহৰীয়া আৰু বিষ্ণু ৰাম দাসৰ লগতে কেৱাজনো বিষয় ববীয়াই অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.