ashomiyapatrika.com

অসমসহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি

0 25

গুৱাহাটীঃ প্ৰায় এমাহৰ বিৰতিৰ অন্তত আজি সন্ধিয়া মধ্যমীয়া প্রাবল্যৰ এটা ভূমিকম্পই অসমকে ধৰি উত্তৰ পূবৰ কেবাখনো ৰাজ্য জোকাৰি যায়৷ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি ভাৰতীয় মান সময় মতে সন্ধিয়া ৭ বাজি ৫৩ মিনিট ৫৪ ছেকেণ্ডত প্ৰায় ১৫ ছেকেণ্ড সময়ৰ বাবে জোকাৰণি অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাবল্যৰ পৰিমাণ আছিল ৪.২ কম্পনাংক। তেনেদৰে ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল অসমৰ দক্ষিণ কামৰূপৰ বকোৰ লাংপিৰ গাতে লগা পশ্চিম খাছী পাহাৰ জিলাৰ সদৰ নংষ্টেইনৰ উত্তৰ পূব দিশত ১০ কিলোমিটাৰ গভীৰতাত৷ অৱশ্যে ভূমিকম্পৰ ফলত কতো ক্ষয় ক্ষতি

হোৱাৰ বাতৰি পোৱা হোৱা নাই৷ ইয়াৰ পূৰ্বে ২৮ মে’ত বিয়লি ২ বাজি ৫৮মিনিটৰ পৰা ৩ বাজি ৫৮ মিনিটলৈ মাত্ৰ এঘণ্টাৰ ভিতৰত চাৰিটাকৈ নিম্ন আৰু মজলীয়া কম্পনাংকৰ ভূমিকম্পই অসমকে ধৰি উত্তৰ পূবৰ কেবাখনো ৰাজ্য জোকাৰি গৈছিল৷ ইয়াৰ ভিতৰত দুটা ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মেঘালয়ৰ পশ্চিম খাছী পাহাৰ জিলা আৰু দুটা ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল অসমৰ শোণিতপুৰ জিলাৰ গাতে লগা অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলা। তেনেদৰে কম্পনাংকৰ পৰিমাণ আছিল ৩.৩ ৰ পৰা ৪.৭ কম্পনাংক । তাৰ পাছত ২৯ আৰু ৩০ মে’, ৯ জুন, ১১ জুন আৰু ১৬ জুনত এটাকৈ মুঠ পাঁচটা ভূমিকম্পই ৰাজ্যখনক জোকাৰি গৈছিল৷

Leave A Reply

Your email address will not be published.