ashomiyapatrika.com

বিজেপিয়ে ৯ বছৰত কৰা উন্নয়নমূলক কাম কংগ্ৰেছে ষাঠি বছৰত কৰা কামৰ কেইবাগুণো বেছিঃ সৰ্বানন্দ সোণোৱাল

0 31

জন সম্পৰ্ক সুদৃঢ় হোৱা মানেই সমাজ আৰু দল শক্তিশালী হোৱা, সমাজ আৰু দল শক্তিশালী হোৱা মানেই ৰাষ্ট্ৰ শক্তিশালী হোৱা

দুলীয়াজানঃ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলক সততা, নিষ্ঠা, আন্তৰিকতা আৰু দায়বদ্ধতাৰে জনতাৰ সেৱাৰ্থে কাম কৰি যাবলৈ আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ‘ভাৰতীয় সভ্যতা-সংস্কৃতি, দৰ্শন তথা মানৱীয় মূল্যবোধৰ প্ৰতিফলন কৰ্মৰ মাজেৰে কৰিব লাগিব। শান্তি-ঐক্য অটুট ৰাখি নিজৰ কৰ্তব্য পালনেৰে ভাৰতবৰ্ষক বিশ্ব গুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ যাত্ৰাত সকলোৱে দায়বদ্ধ ভূমিকা পালন কৰিব কৰা উচিত। এখন শক্তিশালী ভাৰতীয় সমাজ গঢ় দিয়াৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই মূল্যবোধৰ বাণীৰে আগুৱাই কৰিব লাগিব।’ দেশজুৰি চলিত বিজেপিৰ ‘মহা জনসম্পৰ্ক অভিযান’ৰ অংশ হিচাপে

আজি দুলীয়াজান বিধানসভা সমষ্টিৰ টেঙাখাতত আয়োজিত জ্যেষ্ঠ কাৰ্যকৰ্তা সন্মিলন তথা টিফিন বৈঠকত অংশগ্ৰহণ কৰি সোণোৱালে এই কথা উল্লেখ কৰে। দলৰ সাংগঠনিক ভেটি মজবুত ৰাখি সমন্বয় আৰু ভাতৃত্ববোধৰ মাজেৰে সমাজৰ প্ৰতিটো পৰিয়ালৰ মাজলৈ যাবলৈ কাৰ্যকৰ্তাসকলক তেখেতে আহ্বান জনায়। ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত নিষ্ঠা আৰু দায়বদ্ধতাৰে সমৰ্পিত সেৱা আগবঢ়াই যাবলৈ আমি প্ৰতিগৰাকী কাৰ্যকৰ্তা প্ৰতিটো মুহূৰ্ততে বদ্ধপৰিকৰ বুলি তেখেতে উল্লেখ কৰে। বিজেপি চৰকাৰৰ ৯ বছৰীয়া বিভিন্ন কল্যাণকামী পদক্ষেপৰ সন্দৰ্ভত আলোকপাত কৰি সোণোৱালে কয়, ‘মোদীৰ দূৰদৰ্শিতাৰ ফলশ্ৰুতিত বিজেপি চৰকাৰে এনে কেতবোৰ

জনকল্যাণমূলক পদক্ষেপ গ্ৰহণ কৰিছে, যিবোৰ কংগ্ৰেছে ষাঠি বছৰতো ভাবিব পৰা নাছিল। বিজেপিয়ে ৯ বছৰত কৰা উন্নয়নমূলক কাম কংগ্ৰেছে ষাঠি বছৰত কৰা কামৰ কেইবাগুণো বেছি। প্ৰধানমন্ত্ৰী আৱাস যোজনা, পিএম কিষাণ, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, আয়ুষ্মান ভাৰত, মেক ইন ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, মুদ্ৰা যোজনা, উজ্জ্বলা যোজনা, জল জীৱন মিছন, প্ৰধানমন্ত্ৰী জন ধন যোজনা আদি অনেক আঁচনিৰ সফল ৰূপায়ণেৰে বিজেপি চৰকাৰে উন্নয়নৰ এক নৱজাগৰণৰ সৃষ্টি কৰিছে। গাঁও, চহৰ, চাহ বাগিচা- সকলো ঠাইৰ নাগৰিকেই চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ সুফল লাভ কৰি জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ সক্ষম হৈছে। প্ৰায় ৪৮

কোটি লোকক বিত্তীয় ব্যৱস্থাৰ অন্তৰ্ভুক্তি কৰিছে বিজেপি চৰকাৰে। নতুন আন্তঃগাঁথনি নিৰ্মাণ, যাতায়াত- যোগাযোগ ব্যৱস্থাৰ দ্ৰুত উন্নয়নে সমগ্ৰ দেশৰ ৰূপৰেখা সলনি কৰি দিছে। ২০১৪ চনৰ পূৰ্বৰ ভাৰত আৰু এতিয়াৰ ভাৰতৰ মাজত আকাশ-পাতাল পাৰ্থক্য। কংগ্ৰেছৰ দিনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কোনো গুৰুত্বই নাছিল। কেৱল শোষণ আৰু লুণ্ঠনৰ স্থলী আছিল উত্তৰ-পূৰ্বাঞ্চল। ইয়াৰ জনতাৰ আশা-আকাংক্ষাক তিলমানো গুৰুত্ব দিয়া নাছিল কংগ্ৰেছে। কিন্তু মোদীয়ে এক্ট ইষ্ট নীতিৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ দৃশ্যপটেই জাকতজিলিকা কৰি তুলিলে। এসময়ৰ অৱহেলিত অঞ্চলটোত এতিয়া প্ৰগতিৰ নতুন দিগন্তৰ সূচনা হোৱাৰ লগতে স্থায়ী শান্তিৰ বাতাৱৰণ সৃষ্টি

হৈছে। এতিয়া উত্তৰ-পূব ভাৰতে দেশৰ নতুন ইঞ্জিন হিচাপে আগুৱাই যোৱাৰ শক্তি আৰু সাহস লাভ কৰিছে।২০৪৭ চন অৰ্থাৎ ভাৰতৰ স্বাধীনতাপ্ৰাপ্তিৰ ১০০ বছৰৰ ভিতৰত, চলিত এই অমৃতকালত মোদীয়ে দেশক আত্মনিৰ্ভৰ কৰাৰ সপোন ৰচিছে। সেই সপোন আজি বিভিন্ন ক্ষেত্ৰত বাস্তৱ ক্ষেত্ৰত ৰূপায়িত হ’বলৈ ধৰিছে। মোদীৰ দূৰদৃষ্টিৰ ফলশ্ৰুতিতেই দেশবাসীৰ দীৰ্ঘদিনীয়া আশা-আকাংক্ষাবোৰ বাস্তৱায়িত হৈছে। শেহতীয়াকৈ ভাৰতে ইউ কে-ক পিছপেলাই বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতি হিচাপে উজলি উঠিছে, যিটো প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৌৰৱৰ বিষয়। শেহতীয়াকৈ বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলেও মোদীক উষ্ম প্ৰশংসাৰে উপচাই দিয়াটো

ভাৰতৰ বাবে এক আনন্দৰ বতৰা। তদুপৰি, সোণোৱালে কয়, লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ কল্যাণকামী আঁচনি আৰু কাম-কাজসমূহৰ ব্যাপক প্ৰচাৰেৰে আৰু দলৰ সাংগঠনিক শক্তি বিস্তাৰিত কৰি কাৰ্যকৰ্তাসকলে অগ্ৰণী ভূমিকা ল’ব লাগিব। কাৰ্যকৰ্তাসকল হৈছে আমাৰ চালিকাশক্তি। এই চালিকাশক্তিয়ে এতিয়াৰপৰাই নিৰ্বাচনৰ কথা লক্ষ্য ৰাখি প্ৰস্তুতি তুংগত কৰিব লাগিব। লোকসভাৰ নিৰ্বাচনত বিজেপিয়ে যাতে অসমত পূৰ্বতকৈও অধিক আসন লাভ কৰিব পাৰে, তাৰ বাবে কাৰ্যকৰ্তাসকলে ৰণনীতি অনুযায়ী কঠোৰ পৰিশ্ৰম কৰিব লাগিব। জন সম্পৰ্ক অভিযানক শক্তিশালী ৰূপ দি জনতাৰ হৃদয়ত বিজেপিৰ স্থান

নিগাজী কৰি ল’বলৈ কাৰ্যকৰ্তাসকলে সমৰ্পিত সেৱাৰে আগুৱাই যাব লাগিব। জন সম্পৰ্ক সুদৃঢ় হোৱা মানেই সমাজ আৰু দল শক্তিশালী হোৱা, সমাজ আৰু দল শক্তিশালী হোৱা মানেই ৰাষ্ট্ৰ শক্তিশালী হোৱা। এই অনুষ্ঠানত লগতে উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী, দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি জগদীশ ৰাজকোঁৱৰ, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা প্ৰমুখ্যে দলীয় বিষয়ববীয়াসকল আৰু গণ্য-মান্য ব্যক্তিসকল।

Leave A Reply

Your email address will not be published.