লোকসভা নিৰ্বাচনত বিজেপিয়ে সাম্প্রদায়িক মেৰুবিভাজনৰ ৰাজনীতিক মূল ইচ্ছ্যু হিচাপে লবলৈ বিচাৰিছেঃ ভূপেন কুমাৰ বৰা
গুৱাহাটীঃ আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে সাম্প্রদায়িক মেৰুবিভাজনৰ ৰাজনীতিক মূল ইচ্ছ্যু হিচাপে লবলৈ বিচাৰিছে। এই গুৰুতৰ অভিযোগ উত্থাপন কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে যিমানে লোকসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু এ আই ইউ ডি এফৰ মূৰব্বী বদৰুদ্দিন আজমলে সন্মিলিতভাৱে অসমত সাম্প্রদায়িক মেৰু বিভাজনৰ ৰাজনীতি তুংগত তুলিবলৈ উঠি পৰি লাগিছে, ষড়যন্ত্ৰত লিপ্ত হৈছে। এফালে আজমলে মিঞা- অসমীয়াৰ নতুন সংজ্ঞা নিৰূপন কৰিছে আনফালে হিমন্ত বিশ্ব শৰ্মাই উজনিৰ যুৱকসকলক – মিঞাক নিঃশেষ কৰাৰ বাবে
ওলাই আহিবলৈ আহ্বান জনাইছে। বিজেপি চৰকাৰে নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে, বানপানী-গঢ়া খহনীয়াৰ সমস্যা সমাধান কৰিব নোৱাৰে, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰে, চাহ-শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিব নোৱাৰে। ৰাজ্যখনত আন্তঃগাঠনিৰ উন্নয়ন প্ৰায় স্থবিৰ হৈ পৰিছে, ৰাজভঁৰাল শূণ্য, ধাৰ লৈ লৈ চৰকাৰ চলি আছে। তদুপৰি বিদেশী খেদা, ক’লা ধন ঘূৰাই অনা, নিবনুৱাক সংস্থাপিত কৰাকে ধৰি যি এশ এবুৰি প্ৰতিশ্ৰুতি দিছিল সেয়া ৰূপায়নত বিজেপি চৰকাৰখন চূড়ান্তভাৱে ব্যৰ্থ হৈছে। গতিকে চৰকাৰখনৰ এই ব্যৰ্থতাসমূহৰ বিষয়ে যাতে নিৰ্বাচনৰ সময়ত ৰাইজে আলোচনা কৰিবলৈ সুবিধা নাপায়, সেয়া সুনিশ্চিত কৰিবলৈকে বিজেপি চৰকাৰে
অহা লোকসভা নিৰ্বাচনত সাম্প্রদায়িক মেৰু বিভাজনৰ ৰাজনীতিক মূল ইচ্ছ্যু হিচাপে গ্ৰহণ কৰিবলৈ বিচাৰিছে। বদৰুদ্দিন আজমলক শক্তিশালী কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে যে সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিছে সেই কথা এতিয়া আৰু গোপন হৈ থকা নাই। লোকসভা নিৰ্বাচনৰ প্ৰাকমূহূৰ্তত হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলে কিয় এইদৰে উচতনিমূলক বক্তব্য আগবঢ়াই সাম্প্রদায়িক বিবাষ্প বিয়পাই দিয়াৰ চেষ্টা কৰিছে সেই কথা উপলব্ধি কৰিবলৈ সচেতন ৰাইজক আহ্বান জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে কয়- বিভাজনমুখী সাম্প্রদায়িক ৰাজনীতিৰ আশ্রয় লোৱা বিজেপি আৰু এ আই ইউ ডি এফৰ কু-অভিসন্ধিৰ বিষয়ে সচেতন ৰাইজে উপলব্ধি কৰিলেই চৰকাৰখনৰ ব্যৰ্থতা ৰাইজৰ মাজত আলোচনাৰ বিষয় হব আৰু তেতিয়াই চৰকাৰখন দিছপুৰৰ পৰা ক্ষমতাচ্যুত হব।