ashomiyapatrika.com

বকোত ডিজিটেল ইণ্ডিয়াৰ পথত একাঠু বোকা – পানীঃ ৰাইজৰ প্ৰশ্ন – মুখ্যমন্ত্ৰী মহোদয় কালিয়াবড়ী গাওঁৰ পথটো নিৰ্মাণ কেতিয়া কৰিব ?

0 42

বকোৰ পৰা বিষ্ণুৰাম দাসঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সভাই সমিতিয়ে জনতাক সম্বোধন কৰি কেৱল ব্যক্তিগত লাভালাভৰ বাবে আঁচনি ঘোষণা কৰে। ৰাজহুৱা আঁচনি ঘোষণা কৰা প্ৰায় বন্ধই কৰিছে, বকোৰ কালিয়াবড়ী গাওঁৰ ৰাইজৰ অতি দৰকাৰী পথটো মেৰামতি নকৰাত এইদৰে ক্ষোভ উজাৰে গাওঁৰ পুৰুষ মহিলা আৰু ছাত্ৰ ছাত্ৰী সকলে। আজি গাওঁৰ ৰাইজে ৰাজ্যৰ মুখ্যমন্ত্ৰী লৈ প্ৰশ্ন উত্থাপন কৰে কালিয়াবড়ী গাওঁৰ মাজেদি যোৱা পথটো কেতিয়াবা আধুনিকীকৰণৰ কৰি নিৰ্মাণ কৰিবনে ? উল্লেখ্য যে ৰাজ্যত শাসনাধীন ভাৰতীয় জনতা পাৰ্টীৰ পদুম ফুলৰ চৰকাৰ খনে শাসন আৰু শোষণৰ নামত সৰিয়হ ফুল দেখুৱাইছে জনতাক। চৰকাৰ খনৰ

পৰা বিকাশৰ নামত সকাহ পোৱাৰ সলনি কামৰূপ জিলাৰ বকোৰ জনসাধাৰণে পাইছে যমৰ যাতনা। চৰকাৰ খনে জনতাৰ পৰা কৰ কাটল, ইন্ধনৰ মুল্যবৃদ্ধি, উচ্চ বৰ্ধিত হাৰত বিদ্যুৎ মাছুল, গাড়ী – মটৰৰ জৰিমনা, খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰে জনতাৰ মুৰত ৰাম টাঙোন সোধাইছে যদিও উন্নয়ণৰ নামত শূণ্য। চৰকাৰ খনৰ বিভাগ বোৰৰ ভিতৰত গড়কাপ্তানী বিভাগৰ আৰু ইয়াৰ সংশ্লিষ্ট খণ্ডৰ কাম কাজ পয়ালগা। চৰকাৰ খনৰ ছবি বাহিৰে ৰং ছং ভিতৰে কোৱাভাতুৰীৰ লেখিয়া। ৰাস্তাৰ মাজত বৃহৎ বৃহৎ খাল। এনে ভাষাৰে দুখ প্ৰকাশ কৰা জনসাধাৰণ হৈছে কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ কেন্দ্ৰ অথবা ৰাজধানী স্বৰুপ বকোৰ বহু পথৰ

যাতায়াতকাৰীৰ। এই পথবোৰৰ ভিতৰত বকো – পয়ৰঙ্গা গড়কাপ্তানি পথ সংযোগী কালিয়াবড়ী গাওঁৰ মাজেদি পাৰ হৈ যোৱা পথটো, ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পূৱ বৰপাৰাৰ মাছলেংকা হোটেলৰ পৰা মডেল ইংলিছ স্কুললৈ যোৱা পথটো, বকো বজাৰৰ মাজমজিয়াত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বকো শনিবৰীয়া বজাৰলৈ যোৱা পথটো, এনে লিখি শেষ কৰিব নোৱাৰা পথ বোৰ অতি বেছি বিধ্বস্ত। পথ কেইটাৰে অহা যোৱা কৰা জনতাৰ মুখত চৰকাৰৰ ডিজিটেল ইণ্ডিয়াৰ উন্নয়ণ আৰু বিকাশ ক’ত ক’ত হৈছে বুলি প্ৰশ্নহে উত্থাপন হৈছে। আজি এই প্ৰতিবেদকৰ লগত কেইবাজনো জেষ্ঠ্য সমাজ কৰ্মীৰ লগত হোৱা আলোচনাত উক্ত অঞ্চলৰ যাতায়তৰ ব্যৱস্থাৰ

ওপৰত চৰকাৰৰ দৃষ্টি আকৰ্ষণ নহোৱা আৰু স্থানীয় বিধায়িকা নন্দিতা দাসে মাহী আইৰ দৃষ্টিৰে চোৱা বুলি উল্লেখ কৰিছে। এই পথ সমূহেদি চৰকাৰী বিষয়া কৰ্মচাৰী, বিধায়ক আৰু মন্ত্ৰী অথবা বি জে পিৰ কৰ্মী নাহে বাবে পয়ালগা পথৰ ছবি চকুত নপৰে বুলি ক্ষোভ উজাৰে অঞ্চলটোৰ বহু সংখ্যক লোকে। ইফালে বকো কালিয়াবড়ী গাওঁৰ মাজেদি যোৱা পথটো অতি ব্যস্ত আৰু জনবহুল। সকলো সময়তে পথটো গাড়ী – মটৰ, টেক্টৰ আদিৰে ভিৰ হৈ থাকে কিন্তু জহি খহি যোৱাৰ ফলত যাতায়তৰ অনুপযোগী হৈ পৰে। পথটোত খৰালিতেই পুখুৰী সদৃশ প্ৰকাণ্ড প্ৰকাণ্ড গাত আৰু এতিয়া বাৰিষা বতৰত কেনে কেনে পৰিবেশ সৃষ্টি হ’ব বুজাইহে বুজিব। মুঠৰ ওপৰত

যাতায়াতৰ ক্ষেত্ৰত চৰম যন্ত্ৰনা। আনহাতে বকো বৰপাৰাৰ নালাঘাট গাঁওলৈ যোৱা পথটোৰ অৱস্থা অতি শোচনীয়। বছৰ বছৰ ধৰি মেৰামতি নকৰাৰ ফলত পথবোৰ জহি খহি গৈছে। এই পথটোৰে অহা যোৱা কৰে মডেল ইংলিছ মিডিয়াম স্কুলৰ ছাত্ৰ ছাত্ৰী সকল। যাৰ ফলত সাংঘাটিক ধৰণেৰে দূৰ্ঘটনা হোৱাৰ প্ৰৱল সম্ভাৱনা আছে। এই ক্ষেত্ৰত চৰকাৰে বিষয়টো গুৰুত্ব আৰোপ কৰিব লাগে বুলি জানিব দিয়ে অঞ্চলটোৰ বহু যাতায়াতী আৰু সমাজ সচেতন ৰাইজে। এই ক্ষেত্ৰত ভূক্তভোগীয়ে সাংবাদিকৰ আগত অভিযোগ কৰে যে চৰকাৰৰ মন্ত্ৰী – বিধায়কে উন্নয়ণ কৰিম বুলি কয়হে কিন্তু নকৰে। অতি আৱশ্যকীয় পথ বোৰ তৎস্বতেও বিভাগ বোৰৰ লগতে

বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসৰ কাণষাৰ নাই মুল পথটোৰ মেৰামতি আৰু উন্নয়নৰ ক্ষেত্ৰত। এই কথায় প্ৰমাণ কৰে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়াৰ কামত ব্যৱহাৰ কৰা লোকৰ দায়িত্ব আৰু কৰ্ত্যব্যৰ নিদৰ্শন। চৰকাৰক বকোৰ গ্ৰাম্য পথৰ সমস্যাৰ সমাধান কৰিবলৈ আহ্বান জনাইছে বৃহত্তৰ অঞ্চলটোৰ সমাজ সচেতন নাগৰিকে।

Leave A Reply

Your email address will not be published.