ashomiyapatrika.com

চিকিৎসাধীন অৱস্থাতে কংগ্ৰেছ নেতা তথা জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্তৰ মৃত্যুঃ ৰাজ্যজুৰি শোকৰ ছাঁ

0 52

ৰাজীৱ ভৱন – গুৱাহাটী প্ৰেছ ক্লাৱত শেষ শ্ৰদ্ধাঃ নৱগ্ৰহ স্মশানত শেষকৃত্য সম্পন্ন

গুৱাহাটীঃ জনপ্ৰিয় কংগ্ৰেছ নেতা তথা জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্তৰ বিয়োগৰ বাতৰিয়ে ৰাজ্যজুৰি শোকৰ ছাঁ পেলাইছে। নিশা ২ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে মহন্তই। চিকিৎসাধীন অৱস্থাতে দেহাৱসান ঘটে কংগ্ৰেছ নেতাগৰাকীৰ। দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল তেওঁ। হৃদৰোগৰ বাবে কৰা জটিল অস্ত্ৰোপচাৰৰ পিছত তেওঁৰ অৱস্থা জটিল হৈ পৰে৷ মৃত্যুৰ সময়ত মনজিৎ মহন্তৰ বয়স আছিল ৫৫ বছৰ। জিএমচিএইছৰ পৰা পোনে পোনে গীতানগৰস্হিত বাসগৃহলৈ লৈ যোৱা হয় আৰু তাত পৰিয়ালৰ আত্মীয় স্বজন আৰু অসংখ্য গুনমুগ্ধই শেষ শ্ৰদ্ধা জনোৱাৰ পিছত শ্ৰদ্ধাঞ্জলীৰ বাবে কংগ্ৰেছৰ মূখ্য কাৰ্যালয় ৰাজীৱ ভৱনলৈ

অনা হয়৷ ৰাজীৱ ভৱনত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্য, ববিতা শৰ্মাকে ধৰি অসংখ্য লোকে মৃতদেহক শেষ শ্ৰদ্ধা নিবেদন কৰে৷ ইয়াৰ পিছত বৃহৎ সমদলেৰে তেওঁৰ নশ্বৰ দেহ শেষ শ্ৰদ্ধা জনাবৰ বাবে গুৱাহাটী প্ৰেছ ক্লাৱলৈ অনা হয়৷ তাত কেইবাগৰাকীও জেষ্ঠ সাংবাদিকৰ উপস্থিতত শ্ৰদ্ধা জনোৱাৰ পিছত নৱগ্ৰহ স্মশানলৈ অনা হয় আৰু তাতেই শেষকৃত্য সম্পন্ন কৰে৷ উল্লেখ্য যে সাংবাদিকতাৰ পৰা ৰাজনীতিলৈ অহা মনজিৎ মহন্তই ২০২১ চনত বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। দিছপুৰ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিজেপিৰ প্ৰাৰ্থী অতুল বৰাৰ হাতত পৰাজিত হৈছিল৷ প্ৰদেশ কংগ্ৰেছ মিডিয়া কোষৰ

অধ্যক্ষ হিচাপে দায়িত্বত থকা মনজিত মহন্তই বি বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল৷ অসমীয়া প্ৰতিদিন, আজিৰ অসমত কাৰ্যবাহী সম্পাদক হিচাপে দায়িত্ব পালন মহন্তই আমাৰ অসম, এনইটিভি, ফ্ৰন্টিয়াৰৰ উপৰিও প্ৰাইম নিউজৰ মূখ্য সম্পাদকৰ দায়িত্ব পালন কৰিছিল৷ ৰাজ্যৰ কেইবাটাও সামাজিক সংগঠন, অনুষ্ঠানৰ সৈতে তেওঁ ওতপ্ৰোতভাবে জৰিত আছিল৷
প্ৰাক্তন সাংবাদিক-ৰাজনীতিক মনজিৎ মহন্তৰ মৃত্যুত গুৱাহাটী প্ৰেছ ক্লাবৰ শোক প্ৰকাশঃ প্ৰাক্তন সাংবাদিক মনজিৎ মহন্তৰ সোমবাৰে পুৱতি নিশা ২ বজাত চিকিৎসাধীন অৱস্থাত অকাল বিয়োগ ঘটে। মহন্ত সুদীৰ্ঘ দিন ধৰি সংবাদ সেৱাৰ লগত জড়িত আছিল। তেওঁ ‘অসমীয়া প্ৰতিদিন’ আৰু ‘আজিৰ অসম’ কাকতৰ

কাৰ্যবাহী সম্পাদকৰূপে দীৰ্ঘদিন দায়িত্ব পালন কৰিছিল । গুৱাহাটী প্ৰেছ ক্লাবৰ লগতো তেওঁ সক্ৰিয়ভাৱে জড়িত আছিল। তেওঁৰ অকাল মৃত্যুত গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিগৰাকী বিষয়ববীয়া আৰু সদস্যই গভীৰ শোক প্ৰকাশ কৰিছে। অতি ৰসাল, দূৰদৰ্শী, বৌদ্ধিক চিন্তা-চৰ্চাৰে সমৃদ্ধ মনজিৎ মহন্তৰ মৃত্যু অসমৰ জাতীয় জীৱনৰ বাবে এক বৃহৎ ক্ষতি। ইফালে মহন্তৰ নশ্বৰ দেহ গুৱাহাটী প্ৰেছ ক্লাবলৈ অনাৰ পাছতে ক্লাবৰ সভাপতি,সম্পাদককে ধৰি বহু কেইগৰাকী জ্যেষ্ঠ সাংবাদিকে তেওঁক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।প্ৰাক্তন সাংবাদিক তথা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাইও প্ৰেছ ক্লাবত উপস্থিত হৈ মহন্তলৈ শেষ শ্ৰদ্ধা জনায়। মহন্তৰ মৃত্যুত গুৱাহাটী প্ৰেছ

ক্লাবে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকাকুল পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ শোকঃ অসম প্রদেশ কংগ্ৰেছ কমিটীৰ আটাইতকৈ জটিল সন্ধিক্ষণত ২০২১ চনৰ পৰা ৰাজ্যিক মেডিয়া বিভাগৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা বিশিষ্ট সাংবাদিক, অভিজ্ঞতাৰ, গাম্ভীৰ্য আৰু বৈশিষ্ট্যৰে পৰিপূৰ্ণ মনজিৎ মহন্তই প্রায় ২৫ দিন চিকিৎসাধীন হৈ থকাৰ পিছত আজি ইহলীলা সম্বৰণ কৰে। এটা শক্তিশালী চক্ৰৰ পৰা যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ স্বত্বেও যোৱা দুটা বছৰত মেডিয়া বিভাগটো সন্মুখৰ পৰা অতি নির্ভীক, বলিষ্ঠ আৰু নিৰৱচ্ছিন্ন ভাৱে যি নেতৃত্ব দিছিল আৰু যথেষ্ট সেয়া আমাৰ বাবে চিৰস্মৰণীয় হৈ ৰ’ব। নৱ গঠিত

“বিৰোধী ঐক্য মঞ্চ” ৰ সম্পাদক হিচাপেও তেখেতে বিশেষ ভূমিকা গ্ৰহন কৰিছিল। মোৰ এগৰাকী একান্ত অন্তৰংগ শুভাকাংক্ষী আজি হেৰুৱালোঁ। তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে সকলো শুভাকাংক্ষী আৰু পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। চিকিৎসালয়ত থকা অৱস্থাত যি সকল সদাশয় ব্যক্তিয়ে সহায়, সহানুভূতি আৰু প্ৰেৰণা দিছিল। সকলোলৈকে মই কৃতজ্ঞতা জনাইছোঁ। অসমৰ সমূহ সংবাদমাধ্যমৰ মাননীয় সদস্য সকলেও তেখেতৰ । অভাৱ যে অনুভৱ কৰিব সেই কথা মই নিশ্চিত। মই লখিমপুৰৰ পৰা তেখেতৰ জ্যেষ্ঠ ভাতৃ ৰঞ্জিত মহন্তৰ লগত ফোন যোগে কথা পাতিছোঁ।

Leave A Reply

Your email address will not be published.