বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সাধাৰণ সভাত উপ সমিতিৰ পূৰ্ণাংগ কৰণ
বকোঃ মানৱ সম্পদ হিচাপে গঢ় দিয়া চূড়ান্ত সময় নিৰ্ধাৰণ কৰা কমাৰশালা কামৰূপ জিলাৰ বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ এই বৰ্ষত হীৰক জয়ন্তী বৰ্ষ। ইতিপূৰ্বে গঠন কৰা হৈছে মহাবিদ্যালয় খনৰ হীৰক জয়ন্তী বৰ্ষ উদযাপন সমিতি খন। ইফালে আজি হীৰক জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ বিভিন্ন বিভাগৰ উপ সমিতি সমুহ পুৰ্ণাংগ ৰূপত গঠন কৰিবলৈ আয়োজন কৰে সাধাৰণ সভা। মহাবিদ্যালয় খনৰ হীৰক জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সভাপতি লক্ষ্মীকান্ত শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত হীৰক জয়ন্তী মহোৎসৱৰ শুভাৰম্ভণি আৰু ইয়াৰ কাৰ্য্যক্ৰমণিকাৰ ওপৰত আলোকপাত কৰে। সভাত বকোৰ বিশিষ্ট সমাজ সংগঠক ৰমেন বৰাক বিত্ত বিভাগৰ
সভাপতি, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ সুমিত ৰাভাক কাৰ্য্যকৰী সভাপতি আৰু । সভাত বিশিষ্ট জ্যেষ্ঠ্য সমাজ কৰ্মী যতীন পাঠক, বিশিষ্ট শিক্ষাবিদ ড° গণেশ্বৰ চহৰীয়া, ৰমেশ চন্দ্ৰ ডেকা, সুৰেণ চন্দ্ৰ কলিতা, মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনৰ সভাপতি ৰমেন সিং ৰাভা, সম্পাদক অঞ্চুমা বডোচা সহ বিষয় ববীয়া সকল, পৰাণজ্যোতি দাস, ৰজিত বড়ো, মনোৰঞ্জন কলিতা, পবিত্ৰ কৈৱৰ্তকে ধৰি বহু সংখ্যক অধ্যাপক অধ্যাপিকা আৰু প্ৰাক্তন ছাত্ৰ উপস্থিত থাকে। ইফালে মহাবিদ্যালয় খনৰ অধ্যক্ষ ড° তপন দত্তই জনোৱা মতে বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ সমাগম
তিনি আগষ্টত প্ৰতিষ্ঠা দিৱস। এই বেলি মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি অহা ৩ আগষ্টৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ’ব আৰু প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচী ৰূপায়ণ কৰিয়েই হীৰক জয়ন্তী বৰ্ষৰ কাৰ্য্যসূচী শুভাৰম্ভ কৰাৰ কথা ঘোষণা কৰে। উল্লেখ্য যে মহাবিদ্যালয়ৰ ৬০ বছৰ পূৰ্তি উপলক্ষে অহা ৩ আগষ্টৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৬০ খন পতাকা উত্তোলন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু হীৰক জয়ন্তী বৰ্ষ মহোৎসৱৰ শুভাৰম্ভণি কৰিব বুলি জানিব দিয়ে আজিৰ সাধাৰণ সভাই। অধ্যক্ষ দত্তই মহাবিদ্যালয় খনৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচীত বকোবাসীৰ সহায় সহযোগ কামনা কৰিছে আৰু হীৰক জয়ন্তী বৰ্ষৰ কাৰ্য্যসূচীৰ ভিন্ন ভিন্ন কাৰ্য্যক্ৰমণিকা প্ৰকাশ কৰিব।