ashomiyapatrika.com

অৱশেষত জালত পৰিল ঘগ্ৰাপাৰ কাণ্ডৰ খলনায়ক বিমান ৰয়

0 53

নলবাৰী আৰক্ষীয়ে চমজি ল’লে ঘগ্ৰাপাৰ থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া গৰাকীকঃ পুৱাই হাজিৰ কৰিব আদালত

গুৱাহাটীঃ সমগ্ৰ ৰাজ্য জোকাৰি যোৱা ঘগ্ৰাপাৰ কাণ্ডৰ খলনায়ক তথা ঘগ্ৰাপাৰ থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া বিমান ৰয়ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে কিশোৰীৰ আপত্তিজনক ফটো তোলা ঘটনাত অভিযুক্ত বিমান ৰয়ে বিগত ৮দিনে পলাতক হৈ আছিল৷ আজি মুমুৰ্ষ অৱস্থাত গুৱাহাটী ৰেলৱে ৰে’ল ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ কৰা হয় বিমান ৰয়ক৷ অসুস্থ অৱস্থাত উদ্ধাৰ হোৱা বিমান ৰয়ক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা বিমান ৰয়ক আৰক্ষী বিষয়া অনিন্দিতা গগৈৰ নেতৃত্বত ভঙাগড় আৰক্ষী থানাত উপস্থিত হোৱা নলবাৰী আৰক্ষী দলে

গ্ৰেপ্তাৰ কৰে৷ পিছত তেওঁক নলবাৰীলৈ লৈ যোৱা হয় আৰু কালি আদালতত হাজিৰ কৰোৱাই আৰক্ষীৰ জিন্মাত লোৱাৰ সম্ভাৱনা আছে৷ ৯দিনৰ মুৰত গ্ৰেপ্তাৰ হোৱা ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে থানাৰ ভিতৰত এগৰাকী কিশোৰীক নিৰ্যাতনৰ অভিযোগ উঠিছিল। থানাৰ ভিতৰতে কিশোৰীগৰাকীৰ আপত্তিজনক ফটো তোলাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে আনকি আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে ৰয়ক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল। কিন্তু পৰিতাপৰ বিষয় অসম আৰক্ষী স্মাৰ্ট হোৱা বুলি সততে দাবী কৰি অহা ৰাজ্যৰ গৃহ বিভাগে গুৰতৰ অভিযোগত অভিযুক্ত বিমান ৰয়ক ইমান দিনে বিছাৰি উলিয়াব নোৱাৰা বিষয়টোৱে আৰক্ষীৰ ফোপোলা


স্বৰূপটো উদঙাই দিছে৷ আৰক্ষীৰে গিজগিজাই থকা গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৰয়ে থকাৰ পিছতো কিয় আৰক্ষীয়ে ইমানদিনে গ্ৰেপ্তাৰ কৰিব পৰা নাছিল সেয়া ৰহস্যৰ বিষয় বুলি উল্লেখ কৰাৰ বিপৰীতে নলবাৰী জিলাৰ লোকসকলে কিশোৰীৰ আপত্তিজনক ফটো তুলি আসুৰিক তৃপ্তি লাভ কৰা বিমান ৰয়ৰ উচিত তদন্তৰ দাবী জনায়৷

Leave A Reply

Your email address will not be published.