বকোৰ ছমৰীয়াত ঘোচখোৰ লাটমণ্ডল জীৱেশ্বৰ শৰ্মাক গ্ৰেপ্তাৰঃ দুৰ্নীতি নিবাৰক শাখাই ছয় হাজাৰ টকা ঘোচ লোৱাত হাতেলোটে গ্ৰেপ্তাৰ কৰে লাটমণ্ডল জনক
বকোঃ ৰাজ্যত দুৰ্নীতি ভ্ৰষ্টাচাৰ কমিব দূৰৈৰ কথা দিনক দিনে বাঢ়িছেহে। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত প্ৰতিদিনে সংঘটিত হৈছে দুৰ্নীতিৰ বেহা। আজিও কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত ছমৰীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ এগৰাকী লাট মণ্ডল ছয় হাজাৰ টকা ঘোচ লোৱা অপৰাধত হয় গ্ৰেপ্তাৰ। ঘটনাক্ৰমে জানিব পৰা মতে ছমৰীয়া ৰাজহ চক্ৰৰ সোনতলী মৌজাৰ ২ নং লাটৰ চৰকাৰী মণ্ডল জীৱেশ্বৰ শৰ্মা নামৰ মণ্ডল জনে তেওঁৰ এলেকাৰ এগৰাকী লোকৰ মাটি বাৰীৰ সমস্যা সমাধান কৰি দিয়াৰ বাবদ সঘনাই লৈ আহিছে উৎকোছ। ইফালে ছমৰীয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উৎকোচ লোৱাৰ উদাহৰণ গণিব নোৱাৰা। আজিও মণ্ডল
গৰাকীয়ে পাঠেলীপাৰা গাওঁৰ মোজামিল হ’ক নামৰ লোক এজনৰ মাটি নামজাৰি কৰি দিয়াৰ বাবদ লৈছিল ছয় হাজাৰ টকা। সেই সময়ত চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত নজৰ দি আছিল মুখ্যমন্ত্ৰীৰ দূৰ্ণিতী নিবাৰণ শাখাৰ লোক। লগে লগে মূখ্যমন্ত্ৰী তদাৰকী শাখাৰ অভিযানত গ্ৰেপ্তাৰ হয় মণ্ডল জীৱেশ্বৰ শৰ্মা। ইফালে জীৱেশ্বৰ শৰ্মাৰ ছমৰীয়াৰ ভাড়াতীয়া ঘৰতো অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই। জানিব পৰা মতে জীৱেশ্বৰ শৰ্মা নামৰ মণ্ডল জনে সোনতলী মৌজাৰ ছমৰীয়া পাম, চাঙৰদিয়া ননকে, টাঙ্গনমাৰী, নিমুৰটাৰী গাওঁ, পাঠেলীপাৰা, ৰৌমাৰী, শেলোসূতী, সূতীৰপাৰ, সোনতলী সত্ৰ আৰু চৌধুৰী পাম নামৰ মুঠ দহ খন ৰাজহ গাওঁৰ লাট মণ্ডল।
উল্লেখ্য যে এগৰাকী লাট মণ্ডলে এখন অথৱা দুখন ৰাজহ গাওঁৰ মাটি বাৰীৰ লগতে অন্যান্য সমস্যা সমাধান কৰিবলৈ সময় নাপায় কিন্তু দহ খন ৰাজহ গাওঁৰ সমস্যা সমাধানৰ বাবে মণ্ডলক দায়িত্ব দিয়া হৈছে। ইও এক চৰকাৰৰ ৰাজহ বিভাগৰ জনসেৱাৰ নমুনা। সম্প্ৰতি গ্ৰেপ্তাৰ হোৱা মণ্ডল জীৱেশ্বৰ শৰ্মা আৰক্ষীৰ জিম্মাত আছে।