ashomiyapatrika.com

বকোত অপ্ৰাদেশীকৃত শিক্ষক সন্থাৰ সংবাদ মেলঃ ভাৰতৰ নিৰ্বাচন আয়োগক সমষ্টিৰ খচৰা নিৰ্ধাৰণ কৰাৰ বাবে আদৰণি

0 34

বকোঃ ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক আদৰণি জনায় আজি কামৰূপ জিলাৰ বকোত সংবাদ মেলৰ আয়োজন কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ এলেকাৰ অপ্ৰাদেশীকৃত শিক্ষক সন্থাই। আজি বকোস্থিত কোচিং একাডেমীত আয়োজন কৰে এক বিশেষ সংবাদ মেলৰ। ৰাভা হাছং এলেকাৰ অপ্ৰাদেশীকৃত শিক্ষক সন্থাৰ সভাপতি ৰঞ্জন ৰাভাই সম্বোধন কৰা সংবাদ মেলত বহু কেই গৰাকী শিক্ষকে অংশগ্ৰহণ কৰে। সংবাদ মেলত ভাৰতৰ নিৰ্বাচন আয়োগে ৰাভা হাছং এলেকাৰ পশ্চিম গোৱালপাৰা আৰু বকো বিধানসভা সমষ্টিক অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত ঘোষণা কৰি খচৰা প্ৰস্তূত কৰাত নিৰ্বাচন

আয়োগক আদৰণি জনায়। লগতে অসমৰ মুখ্যমন্ত্ৰী আৰু সমষ্টিৰ খচৰা প্ৰস্তূত সমিতিৰ অধ্যক্ষ মন্ত্ৰী অশোক সিংঘাল আৰু ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া টংকেশ্বৰ ৰাভাকো উষ্ণ শুভেচ্ছা জনায়। ৰাভা হাছং এলেকাৰ কামৰূপ আৰু গোৱালপাৰা জিলাৰ মুখ্যত বাইদা আৰু বিকালী মহাবিদ্যালয়, বকোৰ কণিষ্ঠ মহাবিদ্যালয়, মুঠ চৈধ্য খন হাইস্কুল, ছয় খন এম ই স্কুল, ১৮ খন প্ৰাথমিক বিদ্যালয় অতি শীঘ্ৰে প্ৰাদেশীকৰণ কৰি বছৰ বছৰ ধৰি মানৱ সম্পদ গঢ়া কাৰ্য্যত জড়িত শিক্ষক সকলোক ন্যায় প্ৰদান কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীক আহ্বান জনায়। সংবাদ মেলত অপ্ৰাদেশীকৃত শিক্ষক

সন্থাৰ ৰাহুল বড়ো, কবিন্দ্ৰ দাস, পবিত্ৰ ৰাভা, মদন ৰাভাকে ধৰি ৰাভা হাছং এলেকাৰ ৰাণীৰ পৰা জয়ৰামকুচীৰ অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক উপস্থিত থাকে। ইফালে শিক্ষক সকলে চৰকাৰক তেওঁলোকৰ জীৱন আৰু জীৱিকাৰ কথা ভাবিবলৈ অনুৰোধ জনাইছে চৰকাৰক।

Leave A Reply

Your email address will not be published.