ashomiyapatrika.com

বিশ্ব হিন্দু পৰিষদ উত্তৰ পূৱ প্ৰান্তৰ উদ্যোগত বিশিষ্ট নাগৰিক সভা

0 76

গুৱাহাটীঃ মহানগৰীৰ পাঞ্জাবাৰীস্হিত শংকৰদেৱ কলাক্ষেত্ৰৰ বানীকান্ত কাকতি প্ৰেক্ষাগৃহত বিশ্ব হিন্দু পৰিষদ, উত্তৰ পূৱ প্ৰান্তৰ উদ্যোগত আজি এখন বিশিষ্ট নাগৰিক সভা অনুষ্ঠিত হয়। পৰিষদৰ প্ৰান্তীয় উপ সভাপতি ৰাজলক্ষী শৰ্মা গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকে পৰিষদৰ কেন্দ্ৰীয় মহামন্ত্ৰী মিৰিণ্ডে পাৰাণ্ডে। সভাত প্ৰতিদিন গ্ৰুপৰ স্বতাধিকাৰী তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাক পৰিষদৰ তৰফৰ পৰা সম্বৰ্ধনা জনায় আৰু বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী ৰোমান শৰ্মাকো সম্বৰ্ধনা জনায়৷ সভাত গুৰু টেক বাহাদুৰৰ বলিদান ওপৰত ৰাজলক্ষী শৰ্মা গোস্বামীয়ে অনুবাদ কৰা গ্ৰন্থখন উন্মোচন কৰে পৰিষদৰ মহামন্ত্ৰী

মিলিন্দ পাৰাণ্ডে। মহামন্ত্ৰী গৰাকীয়ে তেওৰ বক্তব্যত কয় যে যদিও ভাৰতে স্বাধীনতা পাইছে কিন্তু খণ্ড ভাৰত হিচাপেহে, কিন্তু আমি বিচাৰো অখণ্ড ভাৰত৷ তেও কয় যে বিশ্ব হিন্দু পৰিষদে হিন্দু সমাজৰ মাজত জাগৰন আনিবলৈ সক্ষম হৈছে আৰু কয় যে যদি বিশ্বত শান্তি লাগে তেতিয়াহলে ভাৰতক অনুসৰণ কৰিব লাগিব। কাৰন বৰ্তমান ভাৰত সকলোপিনে আগবাঢ়ি গৈছে। এয়া আমাৰ শক্তি কিন্তু হিন্দুই নাজানে নিজৰ শক্তি৷ তেও দেশৰ ৰাজনীতি হিন্দুক অনুসৰণ কৰিব লাগে৷ তেও সংস্কাৰৰ বিষয়ে বহল ভাবে ব্যাখ্যা কৰে৷ শেষত সভাৰ সামৰণি ভাষণ আগবঢ়ায় উপসভানেত্ৰী ৰাজলক্ষী শৰ্মা গোস্বামীয়ে৷

Leave A Reply

Your email address will not be published.