ashomiyapatrika.com

ৰাজ্যবাসীক কন্দুৱাই পুৱাই ইহসংসাৰ ত্যাগ কৰিলে বিশিষ্ট সংগীত শিল্পী সুদক্ষিণা শৰ্মাইঃ শোকৰ ছাঁ, মৰনোত্তৰ দেহদান

0 33

গুৱাহাটীঃ পুৱাই ৰাজ্যবাসীৰ বাবে আহিল এটা দুঃখবৰ! পৰিয়াল তথা গুনমুগ্ধক শোকসাগৰত পেলাই পুৱা ৮.২৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সংগীত শিল্পী সুদক্ষিণা শৰ্মাই৷ অসুস্থতাৰ বাবে দীৰ্ঘদিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল৷ শিল্পীগৰাকীৰ মৃত্যুৰ বাতৰিয়ে ৰাজ্যজুৰি শোকৰ ছাঁ শিল্পীগৰাকীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পেলাইছে৷ উল্লেখ্য যে প্রয়াত গীতিকাৰ, শিল্পী দিলীপ শৰ্মাৰ পত্নী তথা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জ্যেষ্ঠ ভগ্নী আছিল সুদক্ষিণা শৰ্মা৷ স্বামীৰ পিছত কিছুদিন পূৰ্বে পুত্ৰ ঋষিৰাজ শৰ্মাৰ মৃত্যু হোৱাত শোকত ভাগি পৰিছিল বিশিষ্ট সংগীত শিল্পী

গৰাকী৷ দীৰ্ঘদিন ধৰি বহু ৰোগত আক্ৰান্ত হৈ থকা শিল্পীগৰাকী ৮৫ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে৷ শিল্পীগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে পৰিয়ালৰ লগতে অসংখ্য গুনমুগ্ধই জিএমচিএইছত ভিৰ কৰেহি৷ মৰনোত্তৰ ভাৱে দেহদান কৰা শিল্পীগৰাকীৰ নশ্বৰ দেহ আজি দিনৰ এঘাৰ বজাৰ পৰা দুই বজালৈ তেখেতৰ বাসগৃহত ৰখা হ’ব আৰু আঢ়ৈ বজাত মেডিকেল কলেজত শিল্পীৰ ইচ্ছানুসৰি দেহ প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে৷

Leave A Reply

Your email address will not be published.