ashomiyapatrika.com

বটদ্ৰৱা সাংবাদিক সন্থাৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন

0 59

ধিঙৰ পৰা নৃপেন বৰাঃ নগাঁও জিলাৰ বটদ্ৰৱা সাংবাদিক সন্থাৰ উদ্যোগত আৰু বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ সহযোগত, ২০২৩ বৰ্ষৰ সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৃহত্তৰ বটদ্ৰৱা অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা কৃতীমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ উদেশ্যেৰে আজি এখনি অভিনন্দন অনুষ্ঠানৰ অনুষ্ঠিত হয়। বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানটিৰ সভাপতিত্বত কৰে বটদ্ৰৱা সাংবাদিক সন্থাৰ সভাপতি নিতুমনি গোস্বামীয়ে। বটদ্ৰৱা সাংবাদিক সন্থাৰ সম্পাদক মাজিদুল ইছলামে উদ্দেশ্যে ব্যাখ্যা কৰা অনুষ্ঠানটিত , বৃহত্তৰ বটদ্ৰৱা অঞ্চলৰ পৰা উচ্চ আৰু

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ষ্টাৰ আৰু ডিষ্টিংছন লাভ কৰি সুনাম কঢ়িয়াই অনা মুঠ ৫৪ গৰাকী ছাত্ৰ- ছাত্ৰীক ফুলাম গামোচা, মানপত্ৰ আৰু কলমেৰে সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানটিত উপস্থিত থাকি সময় কাৰোৰে বাবে ৰৈ নাথাকে, সময়ৰ লগত খোজ মিলাই ছাত্র-ছাত্ৰী সকলক নিজৰ নিজৰ লক্ষত উপনীত হবলৈ আহ্বান জনোৱাৰ লগতে সময়ৰ লগত খোজ মিলাই ছাত্র-ছাত্ৰী সকলে কঠোৰ অধ্যয়ন কৰিলেহে তেওঁলোকে সমাজত নিজকে সুকীয়া এক পৰিচয় দিবলৈ সক্ষম হব বুলি বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱজিত মহন্ত, বিশিষ্ট সমাজ সেৱক তথা বেচামাৰী জিলা পৰিষদৰ প্রাক্তন সদস্য হাইদৰ আলী, ধনীয়াভেটি

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰফিকুল ইছলাম, শিক্ষাবিদ ও কবি- সাহিত্যিক তথা গীতিকাৰ প্ৰেমেশ্বৰ ঠাকুৰীয়া, মোচাৰফ আমছুৰ কেন্দ্ৰীয় কমিটিৰ উপ সভাপতি তথা এফ জি আইৰ অধ্যক্ষ মুছাৰফ হুছেইন কবিৰ, বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ সভাপতি তথা শিক্ষাবিদ জয়ন্ত হাজৰিকাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীক উদ্দেশ্যেৰে বহুমূলীয়া ভাষণ প্ৰদান কৰে । উল্লেখযোগ্য যে ছাত্ৰ- ছাত্ৰীক ৰাজহুৱা ভাৱে সন্মানিত কৰাত বটদ্ৰৱা ঘুনুচাবাৰী ক্ষুদ্ৰ সংগ্ৰাহলয়ৰ সম্পদক ৰাজীৱ মহন্ত, বটদ্ৰৱা জাতীয় বিদ্যালয়ৰ সহকাৰী শিক্ষক গিৰিশ বৰুৱা, আলিটাঙনী উচমানীয়া উচ্চতৰ মাধ্যমিক

বিদ্যালয়ৰ আক্রাম হুছেইন, জামুগুৰি কে এন ছোৱালী উচ্চ মাধ্যমিকৰ শিক্ষকৰ বাহাৰুল ইছলাম, সতী ৰাধিকা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক নাজিম উদ্দিন আহমেদৰ লগতে বহু কেইজন লোকে ছাত্র ছাত্ৰীক তেঁও লোকৰ নিজৰ নিজৰ লক্ষ্যত আগবাঢ়ি যাবলৈ পৰামৰ্শ দিয়ে। বটদ্ৰৱা সাংবাদিক সন্থাৰ এই প্ৰচেষ্টাত বৃহত্তৰ অঞ্চলবাসীয়ে ভূয়সী প্ৰশংসা কৰে৷

Leave A Reply

Your email address will not be published.