ashomiyapatrika.com

বকোত মঘাই চেনাই গ্ৰুপৰ উদ্যোগত পাৰ্ক ৰেষ্টুৰেন্টৰ সহযোগত বিনামূলীয়া বিহু আৰু আধুনিক নৃত্য প্ৰশিক্ষণ কৰ্মশালা শুভাৰম্ভ

0 82

বকোঃ সম্প্ৰতি বিদ্যালয় সমূহত গ্ৰীষ্মকালীন ছুটি হৈছে। এই সময়তে ছাত্ৰ ছাত্ৰী সকল উদগ্ৰীৱ হৈ পৰে নিজৰ অন্যান্য প্ৰতিভা বিকাশৰ বাবে ভিন্ন ক’লা কৌশল প্ৰদৰ্শনত। সেই উপলক্ষে বৃহত্তৰ দক্ষিণ কামৰূপৰ অগ্ৰণী সাংস্কৃতিক সংস্থা মঘাই চেনাই গ্ৰুপৰ উদ্যোগত আৰু পাৰ্ক ৰেষ্টুৰেন্টৰ সহযোগত আয়োজন কৰা হৈছে বিনামূলীয়া বিহু আৰু আধুনিক নৃত্য প্ৰশিক্ষণ কৰ্মশালা। বিহু আৰু আধুনিক নৃত্য প্ৰশিক্ষণ কৰ্মশালা আয়োজক সমিতিৰ পৰিচালক তথা কন্ঠশিল্পী জিতেন দাসে জনোৱা মতে বকো শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰেক্ষাগৃহত আজি অৰ্থাৎ ২ জুলাইৰ পৰা ৮ জুলাইলৈ সাত দিনীয়াকৈ আয়োজন কৰা হৈছে কৰ্মশালাৰ। ইফালে মঘাই চেনাই

গ্ৰুপৰ সভানেত্ৰী মুনমুনি বড়ো, সম্পাদিকা কাশ্মিৰী ৰাভাই জনোৱা মতে বিহু আৰু আধুনিক নৃত্য প্ৰশিক্ষণ কৰ্মশালাৰ বাবে সকলো যাৱতীয় ব্যৱস্থা পুৰ্ণ কৰা হৈছে। ইতিমধ্যে শতাধিক ছাত্ৰ ছাত্ৰী তথা অংশগ্ৰহনকাৰীয়ে যোগাযোগ কৰি প্ৰ – পত্ৰ পুৰণ কৰিছে। বহু কেইজন বিশিষ্ট নৃত্য প্ৰশিক্ষক তথা সমল ব্যক্তিক কৰ্মশালাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। আজি বিহু আৰু আধুনিক নৃত্য প্ৰশিক্ষণ কৰ্মশালা খন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ সুমিত ৰাভা আৰু আদিত্য ৰাভাই। বিশিষ্ট শিল্পী শশাংক ভবানীয়ে আত ধৰা অনুস্থানত শিল্পী দেৱজিৎ দাস, কৃষ্ণ

দাস, পিংকী মণ্ডল, জ্যোতি প্ৰসাদ ৰাভা, প্ৰফুল্ল দাস, ৰতন শৰ্মা, কিশোৰ বড়োকে ধৰি বহু কেইজন সাংবাদিক তথা বিশিষ্ট অতিথি উপস্থিত থাকে। এক মনোমোহা পৰিবেশত জীতেন দাসৰ এটি আধুনিক গীতেৰে কৰ্মশালা খন শুভাৰম্ভণি কৰা হয়।

Leave A Reply

Your email address will not be published.