ashomiyapatrika.com

দেশৰ ৭৫টা লাইটহাউছক পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰাৰ অভিযানৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

0 60

দ্বাৰকাঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গুজৰাটৰ দ্বাৰকা, গোপনাথ আৰু ভেৰাভালত তিনিটা ঐতিহাসিক লাইটহাউছৰ শুভ উদ্বোধন কৰে। এই লাইটহাউছবোৰ পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰি পুনৰ নিৰ্মাণ কৰা হৈছে। আজিৰ এই শুভ উদ্বোধনে সমগ্ৰ ভাৰতৰ ৭৫টা ঐতিহাসিক লাইটহাউছক পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ বাবে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে লোৱা বিশেষ অভিযানৰ আৰম্ভণি চিহ্নিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী দৃষ্টিভংগীক সাৰোগত কৰি ভাৰতৰ স্বকীয় গৰিমাৰে উদ্ভাসিত ৭৫টা লাইটহাউছক মনোমোহা পৰ্যটন ক্ষেত্ৰলৈ

ৰূপান্তৰিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই উদ্যোগৰ উদ্দেশ্য হৈছে এই সুন্দৰ গাঁথনিবোৰৰ সমৃদ্ধ ঐতিহ্য, সংস্কৃতি, তাৎপৰ্য আৰু আকৰ্ষণ প্ৰদৰ্শন কৰা, যাৰদ্বাৰা ই পৰ্যটন আৰু স্থানীয় অৰ্থনীতিৰ শক্তি, সম্ভাৱনা কঢ়িয়াই আনিব পাৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “এয়া এক ঐতিহাসিক মুহূৰ্ত যিহেতু আমি ভাৰতৰ ঐতিহ্যমণ্ডিত আৰু আকৰ্ষণীয় লাইটহাউছসমূহক পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰাৰ বাবে এক অভিযান আৰম্ভ কৰিছোঁ। এই পদক্ষেপে স্থানীয়ভাৱে অৰ্থনীতিক আগুৱাই নিয়াৰ লগতে ভাৰতৰ পৰ্যটন খণ্ডক সমৃদ্ধ কৰিব। দেশৰ কৰ্মোদ্যমী তথা দূৰদৰ্শী নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাতৰ ৭৫তম খণ্ডত

লাইটহাউছসমূহৰ অনন্য আকৰ্ষণ আৰু ইয়াৰ পৰ্যটনৰ সম্ভাৱনাৰ বিষয়ে কৈছিল। মোদীৰ নিৰ্দেশনামৰ্মে ৰূপায়ণ হৈ থকা এই অভিযানৰ উদ্দেশ্য হৈছে পৰ্যটকসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ হোৱাৰ সম্ভাৱনা থকা, ইয়াৰ চৌদিশৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগৰ সুবিধা থকা আমাৰ লাইটহাউছবোৰক পুনৰুজ্জীৱিত কৰা। আমি বিশ্বাস কৰোঁ যে এই ৰূপান্তৰিত লাইটহাউছবোৰে বিশ্বৰ সন্মুখত ভাৰতৰ সমৃদ্ধ আৰু অনন্য ঐতিহ্য প্ৰদৰ্শন কৰি এক পৰ্যটন বৰ্তনীৰ সৃষ্টি কৰিব।’ ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে চুৰাটত অনুষ্ঠিত চিআইআই বি-২০ বৈঠকত অংশগ্ৰহণ কৰে য’ত তেওঁ আগশাৰীৰ ব্যৱসায়ীসকলৰ সৈতে মত বিনিময় কৰে। ভাৰতৰ বিভিন্ন

ক্ষেত্ৰত বিগত ৯টা বছৰত নৰেন্দ্ৰ মোদী চৰকাৰে সম্ভৱ কৰি তোলা অভূতপূৰ্ব ৰূপান্তৰ আৰু গুৰুত্বপূৰ্ণ সাফল্যৰ সন্দৰ্ভত আলোকপাত কৰে সোণোৱালে। সৰ্বানন্দ সোণোৱালে ব্যৱসায়ীসকলক বি২বি-ৰ লগতে বি২চি ব্যৱসায় দুয়োটাৰ সৈতে সংগতি ৰাখি ভাৰতৰ সমৃদ্ধ অভ্যন্তৰীণ জলপথ খণ্ডত বিনিয়োগ কৰিবলৈ আহ্বান জনায়। সোণোৱালে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক তেওঁলোকৰ কাৰ্গ’ৰ চলাচলৰ বাবে অভ্যন্তৰীণ জলপথ বাছনি কৰিবলৈ আহ্বান জনায়, যি হৈছে এক ব্যয়সাপেক্ষ আৰু পাৰিপাৰ্শ্বিকভাৱে সুৰক্ষিত তথা অনুকূল বিকল্প। বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী ভ্ৰমণ গংগা বিলাসৰ অভূতপূৰ্ব সফলতাৰ পাছত, সোণোৱালে

‘নৰ্মদা বিলাস’, ‘গোদাৱৰী বিলাস’, ‘মহানদী বিলাস’, ‘কাবেৰী বিলাস’ আদি ৰিভাৰ ক্ৰুজৰ জৰিয়তে সমৃদ্ধ নদী ক্ৰুজ পৰ্যটন খণ্ডত বিনিয়োগৰ বাবেও উদ্যোগী তথা ব্যৱসায়ীসকলক আহ্বান জনায়। চুৰাটৰ উল্লেখযোগ্য বিকাশ হৈছে ভাৰতৰ অৰ্থনৈতিক সম্ভাৱনা উন্মুক্তকৰণৰ এক অনন্য নিদৰ্শন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা সবল ৰাজনৈতিক নেতৃত্ব আৰু সঠিক দৃষ্টিভংগীৰো এয়া এক উজ্জ্বল উদাহৰণ। ভাৰতৰ জি-২০ সভাপতিত্ব হৈছে ‘সবকা সাথ, সবকা বিকাশ’ৰ দৃষ্টিভংগীৰ আন্তঃৰাষ্ট্ৰীয়কৰণ। আজি, ভাৰত বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতিলৈ ৰূপান্তৰিত হৈছে আৰু কেৱল অধিক ক্ৰয় ক্ষমতা থকা উপভোক্তা বজাৰ হিচাপেই নহয়, লগতে এক

পছন্দৰ বিনিয়োগ গন্তব্য স্থান হিচাপেও ভাৰতৰ সুখ্যাতি যথেষ্ট বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় লজিষ্টিক নীতি, মাল্টিম’ডেল সংযোগৰ বাবে প্ৰধানমন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰপ্লেন আৰু এনেধৰণৰ বহু সংস্কাৰমুখী তথা পৰিৱৰ্তনমুখী পদক্ষেপৰ দ্বাৰা প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতীয় আন্তঃগাঁথনি খণ্ড বহুগুণে বৃদ্ধি পাইছে। আমাৰ চৰকাৰে ভাৰতৰ সামুদ্ৰিক খণ্ডসমূহত সেউজমুখী বিকাশ সম্ভৱ কৰি তোলাৰ দিশত প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে আৰু ইয়াৰ সফলতাৰ বাবে সময়সীমাবদ্ধ বিনিয়োগ ৰখা হৈছে বুলি সোণোৱালে উল্লেখ কৰে। পৰিবহণৰ বাবে অভ্যন্তৰীণ জলপথ খণ্ডৰ অপৰিসীম সুযোগ-সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে

কয়, মই এই সুযোগতে উদ্যোগী তথা ব্যৱসায়ীসকলক জল পৰিবহণ খণ্ডত বিনিয়োগৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছোঁ। আমি শেহতীয়াকৈ ভাৰতত নদী ভ্ৰমণৰ নতুন অভিজ্ঞতা বিকশিত কৰিছোঁ। আমাৰ নদীসমৃদ্ধ ৰাষ্ট্ৰখনত ‘নৰ্মদা বিলাস’, ‘গোদাৱৰী বিলাস’, ‘মহানদী বিলাস’, ‘কাবেৰী বিলাস’ আৰু বহুতো নদী পৰিভ্ৰমণৰ সুযোগ-সম্ভাৱনা থাকিব। কাৰ্গ’ৰ সুচল চলাচলৰ বাবে অভ্যন্তৰীণ জলপথৰ সুবিধা ল’বলৈ ব্যৱসায়িক প্ৰতিষ্ঠান তথা উদ্যোগী আৰু ব্যৱসায়ীসকলক আহ্বান জনাইছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত পুনৰুজ্জীৱিত কৰি তোলা জলপথসমূহ হৈছে পৰিবহণৰ অত্যন্ত ব্যয়সন্মত, সময় হ্ৰাসকাৰী আৰু

পৰিৱেশ-অনুকূল মাধ্যম। চিআইআই-ৰ বৈঠকত গুজৰাট চৰকাৰৰ মন্ত্ৰী হৰ্ষ সংঘৱী, জেমোলজিকেল ইনষ্টিটিউট অফ আমেৰিকাৰ কাৰ্যবাহী উপ-সভাপতি টম ম’ছেছ, চিআইআই গুজৰাটৰ অধ্যক্ষ দৰ্শন শ্বাহ, উপাধ্যক্ষ কুলিন লালভাই প্ৰমুখ্যে অঞ্চলটোৰ অন্যান্য বিশিষ্ট ব্যক্তি আৰু ব্যৱসায়ীসকল উপস্থিত থাকে। আনহাতে, লাইটহাউছৰ উদ্বোধনী অনুষ্ঠানত সাংসদদ্বয় পুনম্বেন মাদাম, ৰাজেশভাই চুদাচামা, বিধায়ক সকল- গৌতমভাই চৌহান, পাবুভা মানেক, বিমলভাই চুদাচামা আৰু বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব টি কে ৰামচন্দ্ৰন প্ৰমুখ্যে অন্যান্য অতিথিসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.