ashomiyapatrika.com

ৰাজ্যত আৰম্ভ অভিযান সুৰক্ষিত যাতায়াত

0 29

মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশত অধিক তৎপৰ পৰিবহণ বিভাগঃ খানাপাৰাৰ ৰাজপথত সজাগতা সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসৰ

নিউজ ডেক্সঃ এতিয়াৰ পৰা জৰিমণা নহয়, পৰিবহণ বিভাগৰ লক্ষ্য হ’ব অভিযান সুৰক্ষিত যাতায়াত৷ পথত যানবাহন চলাওঁতে আইন উলংঘাকাৰী ব্যক্তি যিকোনো ঠাইত, যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব৷ কেবল সিমানেই নহয় জেললৈ যাবলগীয়া পৰ্যন্ত হ’ব পাৰে যানবাহন চলাওঁতে ‘পঞ্চসূত্ৰ’ অৰ্থাৎ যান-বাহন আইন উলংঘাকাৰী বাহনৰ চালক৷ মহানগৰীৰ সদাব্যস্ত খানাপাৰাৰ কেইবা হাজাৰ ব্যক্তিগত, ব্যৱসায়িক বাহনৰ চালক-যাত্ৰীৰ সন্মুখত পৰিবহণ বিষয়া, প্ৰৱৰ্তক পৰিদৰ্শক, যানবাহন পৰিদৰ্শকসহ সদলবলে ৰাজপথত নামি সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে আজি বিভাগৰ

সুৰক্ষিত যাতায়াতৰ অভিযানৰ কথা সদৰি কৰে৷ উল্লেখ্য যে ৰাজ্যত ক্ৰমবৰ্ধমান পথ-দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পথ-সুৰক্ষাৰ লগত জড়িত বিভিন্ন বিভাগসমূহক একলগে সুৰক্ষিত যাতায়াত ব্যৱস্থা নিশ্চিত কৰা আৰু যানবাহন আইন ভঙ্গকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে দিয়া নিৰ্দেশনাৰ ভিত্তিত পৰিবহণ বিভাগৰ উদ্যোগত আজিৰে পৰা ৰাজ্যত আৰম্ভ হয় “অভিযান সুৰক্ষিত যাতায়াত৷’ ৰাজ্যৰ ৰাজধানী চহৰখনত শনিবাৰে এই অভিযান আৰম্ভ কৰি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে যোৱা কেইমাহমানলৈকে গুৱাহাটীত পথ দুৰ্ঘটনাৰ সংখ্যা তুলনামূলকভাৱে হ্ৰাস পোৱাৰ মাজতে মে মাহত ৰাজ্যত ৩০৫জন লোকৰ

পথদুৰ্ঘটনাত মৃত্যু হোৱাৰ তথ্য সদৰি কৰি ইয়াৰে ২৫জন লোকৰ কেবল মহাগৰখনতে মৃত্যু হোৱাত গভীৰ উদ্বেগ প্ৰকাশ কৰি এতিয়াৰে পৰা কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগ পূৰ্বতকৈও অধিক সতৰ্ক আৰু সষ্টম হ’ব বুলি মন্তব্য কৰি অভিযানৰ কথা দোহাৰে ৷ ৰাজপথত সুৰক্ষিত যাতায়াত ব্যৱস্থা বাহাল ৰখাৰ স্বাৰ্থত পানীনসৰকা তালাচী অভিযান অব্যাহত ৰখাৰ কথা উল্লেখ কৰি সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে আজি আইন অমান্যকাৰী সকলোকে কঠোৰ ভাষাৰে সকিয়নী দি মহানগৰীৰ ৰাজপথেৰে চলাচল কৰা এখন এখনকৈ বাহনত নিজে তালাচী চলায় ৷ চালককে ধৰি সকলো শ্ৰেণীৰ বাহনৰ মালিকক সকিয়াই দি তেওঁ কয় যে

সুৰাপান কৰি গাড়ী চলালেই গ্ৰেপ্তাৰ হোৱাৰ উপৰি জেললৈ যাব লাগিব ৷ সেয়ে তেওঁ কয় যে কোনোৱে সুৰাপান কৰি গাড়ী নচলাব ৷ শেহতীয়াকৈ বহুতেই মহানগৰখনৰ ভিতৰুৱা অঞ্চলত হেলমেট পিন্ধিবলৈ বাদ দিয়াৰ তথ্য সদৰি কৰি তেওঁ দুচকীয়া বাহনৰ চালক-আৰোহী উভয়কে হেলেমট পৰিধান আৰু চাৰিচকীয়া বাহনত ছীটবেল্ট ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় । অনিয়ন্ত্ৰীত গতিত বাহন চলোৱাৰ ভয়াবহতাৰ দিশসমূহ দাঙি ধৰি তেওঁ সকলোকে নিয়ন্ত্ৰণীত গতিতহে বাহন চলোৱাৰ লগতে নিদ্ধাৰিত যাত্ৰী আৰু সামগ্ৰীহে কঢ়িয়াবলৈ নিৰ্দেশ দিয়ে ৷ ইফালে গাড়ী চলাওঁতে ম’বাইলত কথা পাতি অন্যমনস্ক হৈ নিজৰ লগতে আনকো

যাতে বিপদত নেপেলাই তাৰ বাবেও তেওঁ সকলোকে সতৰ্ক কৰি দিয়ে ৷ সকলো শ্ৰেণীৰ বাহনকে বকেয়াসহ যাৱতীয় কৰ-কাটলসমূহ সময়মতে আদায় দি বাহনসমূহ বৈধ কৰি ৰাখিবলৈ তেওঁ আহ্বান জনায়। মেঘালয়, মনিপুৰ, মিজোৰামকে ধৰি বিভিন্ন বৰ্হিৰাজ্যৰ বাহনে অসমত কৰ ফাঁকি দি চূড়াঁন্ত অন্যায় অনিয়মেৰে ৰাজপথলৈ দুৰ্যোগ দুৰ্ঘটনা মাতি অনা বুলি উল্লেখ কৰি এই বাহনসমূহক শীঘ্ৰে অসমত যানবাহন কৰ আদায় দি অসমৰ যানবাহন আইনৰ নীতি নিয়ম মানি চলি সুৰক্ষিত যাতায়াত ব্যৱস্থা গঢ়ি তুলিবলৈও কঠোৰ নিৰ্দেশ দিয়ে সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে ৷ ইফালে অভিযানত অংশগ্ৰহণ কৰি অন্যতম পৰিবহণ বিষয়া (প্ৰৱৰ্তক)

হিমাংশু কুমাৰ দাসে চলিত বিত্তীয় বৰ্ষৰ আৰম্ভণিৰে পৰাই বিভিন্ন অনিয়ম, অপৰাধত কেইবাশ বাহন জব্দ হোৱা বুলি উল্লেখ কৰে৷ অনাগত দিনত বাহনৰ চালক-মালিক উভয়কে চালকৰ বৈধ অনুজ্ঞাপত্ৰ, বাহনৰ ফিটনেছ, ব্যৱসায়ীক বাহনৰ পাৰ্মিট, ইঞ্চুৰেঞ্চ, যানবাহন কৰ, প্ৰদূষণ মুক্তৰ প্ৰমাণপত্ৰ আদি সঠিক কৰি ৰাখিহে পথত যানবাহন চলাবলৈ আহ্বান জনায়। অন্যথা নথিপত্ৰ নৱীকৰণ নোহোৱা বাহন পথত দেখা মাত্ৰকে জব্দ হ’ব বুলি সকীয়াই দিয়ে৷

Leave A Reply

Your email address will not be published.