ashomiyapatrika.com

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ ২৭ নং বকো পৰিষদীয় সমষ্টিৰ শিক্ষাৰ্থী – খেলুৱৈ আৰু উদ্যোগী মহিলাক এককালীন জলপানি বিতৰণ

0 24

বকোঃ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ এলেকাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীক আজি এক কালিন জলপানিৰ চেক বিতৰণ কৰে কাৰ্য্যবাহী পাৰিষদ সুমিত ৰাভাই। ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ ক্ৰীড়া আৰু শৈক্ষিক লগতে উদ্যোগ উন্নয়ণ পূজিৰ পৰা প্ৰদান কৰে চেক সমুহ। বকোস্থিত পৰ্য্যটন বাংলাত ৰাষ্ট্ৰীয় খেলুৱৈ আৰু উচ্চতৰ আৰু উচ্চ মাধ্যমিক পৰ্য্যায়ত শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীৰ লগতে উদ্যোগী মহিলক চেক সমুহ বিতৰণ কৰে বুলি জানিব দিয়ে কাৰ্য্যবাহী পাৰিষদ সুমিত ৰাভাই। পৰিষদীয় সমষ্টিৰ মণিটৰিং সমিতিৰ সম্পাদক অমৰেন্দ্ৰ অধিকাৰীয়ে আত ধৰা অনুস্থানত ২৭ নং বকো পৰিষদীয় সমষ্টিৰ এলেকাৰ কেৱা গৰাকী ৰাষ্ট্ৰীয়

খেলুৱৈক নগদ বিশ হাজাৰ টকাৰ চেক, এৰি মুগা পালক তথা সুতা উৎপাদন কৰা মহিলাক পছিশ হাজাৰ টকাৰ চেক আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ মুঠ ত্ৰিছ গৰাকী ছাত্ৰ ছাত্ৰীক এক কালিন জলপানিৰ চেক বিতৰণ কৰে। জানিব পৰা মতে ৰাষ্ট্ৰীয় ঊশ্বু খেলুৱৈ আৰু স্কুল অলিম্পিক খেলত ৰাষ্ট্ৰীয় খেলুৱৈক বিতৰণ কৰে চেক সমুহ। আজিৰ চেক বিতৰণী সভাত উপস্থিত থাকে পৰিষদীয় সমষ্টিৰ মণিটৰিং সমিতিৰ সভাপতি বিষ্ণু লাল চেত্ৰী, বকো সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ নগেন কলিতা, বকো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা আজীৱন সদস্য সুৰেন চন্দ্ৰ কলিতা, বকো বজাৰ সমিতিৰ সভাপতি

খগেন ঠাকুৰীয়া, সম্পাদক সম্ভু ভদ্ৰ, বিশিষ্ট ধৰ্মপ্ৰাণ অচ্যুত সাহা, নেপালী কল্যাণ সমিতিৰ উপদেষ্টা গোপাল শৰ্মা, বকো ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক জ্ঞানেন্দ্ৰ কলিতা, বকো আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী মঞ্জু বড়ো, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ বিষয় ববীয়াকে ধৰি বহু কেইজন পুৰুষ মহিলা। ইফালে সকলোৰে সহযোগত আজিৰ কাৰ্য্যসুচী ৰূপায়ণ কৰা হয় বুলি জানিব দিয়ে উদ্যোক্তা মণ্ডলীয়ে।

Leave A Reply

Your email address will not be published.