ashomiyapatrika.com

সৰ্ববৃহৎ বিহু নৃত্যৰে বিশ্ব অভিলেখ গঢ়া শিল্পীক প্ৰমাণপত্ৰ, মাননি প্ৰদান মন্ত্ৰী বিমল বৰাৰ

0 39

মাছখোৱা আই টি এত জিলা প্ৰশাসনৰ বিশেষ অনুষ্ঠানঃ কামৰূপ মহানগৰ জিলাৰ ৮২০ বিহুৱা- বিহুৱতীয়ে লাভ কৰিলে ধন

গুৱাহাটীঃ গিনিজ বিশ্ব অভিলেখত স্থান লাভ কৰা সৰ্ববৃহৎ বিহু নৃত্যত অংশগ্ৰহণকাৰী কামৰূপ মহানগৰ জিলাৰ বিহুৱা- বিহুৱতীসকলক আজি গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি আই টি এ সাংস্কৃতিক প্ৰকল্পত আয়োজিত এক অনুষ্ঠানত প্ৰমাণপত্ৰ আৰু মাননি প্ৰদান কৰা হয়৷ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা৷ মন্ত্ৰীগৰাকীয়ে ৰিম’টৰ বুটাম টিপি ৮২০ গৰাকী বিহুৱা-বিহুৱতীৰ প্ৰতিগৰাকীৰ বেংক একাউন্টলৈ পোনপতীয়াকৈ ২৫ হেজাৰ টকাকৈ মাননিৰ

ধন প্ৰেৰণ কৰে৷ অনুষ্ঠানত ২০ গৰাকী বিহুৱা- বিহুৱতীক আনুষ্ঠানিকভাৱে প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়৷ বাকীসকলে জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা অহা ৫ জুলাইত প্ৰমাণপত্ৰ সংগ্ৰহ কৰিব পাৰিব৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী বিমল বৰাই কয়, ‘অসমৰ এঘাৰ হেজাৰ ডেকা-গাভৰুৱে সৰুসজাইৰ বাকৰিত বিহুৰ বিনন্দীয়া ৰূপ বিশ্ববাসীৰ ওচৰত তুলি ধৰিলে৷ আমি ভূপেনদাই ব’হাগক লৈ লিখা গীতটোৰ মৰ্মাৰ্থ সেইদিনা ভালদৰে উপলব্ধি কৰিবলৈ সক্ষম হ’লো৷ সেই অনুষ্ঠানৰ পিছৰে পৰা বিহু বিশ্বৰ সন্মুখত অসমৰ পৰিচয় হৈ পৰিল৷ এতিয়া অসমৰ বাবে পৃথক ব্ৰেণ্ড এম্বেচেডৰৰ প্ৰয়োজন নাই৷ বিহুৱে অসমৰ ব্ৰেণ্ড এম্বেচেডৰ৷’ বিহুৱা- বিহুৱতীসকলক উদ্দেশ্যি

মন্ত্ৰীগৰাকীয়ে কয়, ‘বিহু নৃত্য কৰি আনন্দ কৰিলেই নহ’ব৷ আমি বিহু নাচিম৷ কিন্তু বিহুৰ মাজেৰে আমি অৰ্থনীতিৰ বিকাশো কৰিব লাগিব৷ এয়া ভ্যেলু এডিচনৰ যুগ৷ আমি বিহুৰ সমলসমূহত ভ্যেলু যোগ কৰিব পাৰিব লাগিব৷ আপোনালোকে পাট, মূগাৰ কাপোৰ, বিহুৰ বাদ্য আদিক লৈ নতুনকৈ চিন্তা- চৰ্চা কৰক৷’ প্ৰসংগক্ৰমে মন্ত্ৰীগৰাকীয়ে কয় যে ব’হাগ বিহুৰ সময়ত দেশ- বিদেশৰ পৰ্যটকক অসমলৈ আকৰ্ষণ কৰাৰ এটা পৰিকল্পনা ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আৰম্ভ হৈছে৷ এয়া কাৰ্যকৰী হ’লে আমি যথেষ্ট লাভবান হম৷ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই আদৰণি ভাষণ দিয়া অনুষ্ঠানত ভাষণ প্ৰদান কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছা, গুৱাহাটী পৌৰ নিগমৰ

মেয়ৰ মৃগেন শৰনীয়া, সাংস্কৃতিক বিভাগৰ বিশেষ সচিব অশোক বৰ্মন, অতিৰিক্ত উপায়ুক্ত ড৹ ধ্ৰুৱজ্যোতি হাজৰিকাই৷ অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ প্ৰমুখ্যে জিলা প্ৰশাসনৰ কেবাগৰাকী বিষয়া, বিহুৱা- বিহুৱতীসকল উপস্থিত থাকে৷ অনুষ্ঠানৰ মাজতে পথ সুৰক্ষাৰ সজাগতাৰ বাবে ভিডিঅ’ আৰু মুকাভিনয় প্ৰদৰ্শন কৰা হয়৷ বিহু নৃত্য প্ৰদৰ্শনেৰে অনুষ্ঠানৰ সামৰণি পৰে৷

Leave A Reply

Your email address will not be published.