ashomiyapatrika.com

জালুকবাৰী, গাড়ীগাঁও ঈদগাহ ময়দানত ঈদ – উজ – আজহাৰ সমূহীয়া নামাজ সম্পন্ন

0 48

গুৱাহাটীঃ বিশ্বৰ ইছলাম ধৰ্মী লোক সকলৰ পবিত্ৰ ত্যাগৰ উৎসৱ স্বৰূপ ঈদ – উজ – আজহা উপলক্ষে দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো ঈদগাহ ময়দান আৰু মছজিদ সমূহত আজি পুৱাৰ ভাগত সমূহীয়া নামাজ সম্পন্ন হয়৷ আনহাতে গুৱাহাটীৰ আন আন ঈদগাহ ময়দান বা মছজিদৰ দৰে জালুকবাৰী আৰু গাড়ীগাঁও ঈদগাহ ময়দানতো পুৱাৰে পৰা হৈ থকা কিনকিনীয়া বৰষূণক নেওচিও পুৱা ৮বজাত সমূহীয়া নামাজ অনুষ্ঠিত হয়৷ গাড়ীগাঁও ঈদগাহ ময়দানত প্ৰায় আঠ হাজাৰৰো অধিক লোকৰ উপস্থিতিত সমূহীয়া নামাজত ইমামতি কৰে গুৱাহাটীৰ দক্ষিণগাওঁস্থিত মদিনাতুল উলুম মাদ্ৰাছাৰ প্ৰধান শিক্ষক হাফিজক্কাৰি মৌলানা মহচিন

আলী কাচিমীয়ে। নামাজৰ পূৰ্বে উপস্থিত সকলোকে আদৰণি জনায় গাড়ীগাঁও ঈদগাহ কমিটিৰ সভাপতি মইনুল ইছলামে আৰু সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে সাধাৰণ সম্পাদক আতোৱাৰ ৰহমানে। তেনেদৰে জালুকবাৰী ঈদগাহ ময়দানত প্ৰায় তিনি হাজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠিত সমূহীয়া নামাজত ইমামতি কৰে উত্তৰ জালুকবাৰী এক নং জামে মছজিদৰ ইমাম মৌলানা ছাহনুৰ ইছলাম আৰু উত্তৰ জালুকবাৰী বুঢ়া মছজিদৰ ইমাম মৌলানা মুফটি মোৱাজুদ্দিনে৷ নামাজৰ পূৰ্বে অনুষ্ঠিত এক চমু অনুষ্ঠানত উপস্থিত সকলোকে আদৰণি জনাই পবিত্ৰ ঈদ – উজ – আজহাৰ উদ্দেশ্য বাখ্যা কৰে জালুকবাৰী ঈদগাহ কাৰ্যকৰী কমিটিৰ সভাপতি আলহাজ চৰিফ উল্লাহে আৰু সম্পাদকীয় প্ৰতিবেদন পাঠ কৰি সাধাৰণ সম্পাদক আবুল আলীয়ে৷ তেনেদৰে কোষাধ্যক্ষ নাছেম আলীয়ে জানিবলৈ দিয়া মতে নামাজৰ লগত সংগতি ৰাখি ইমাম, ঈদগাহ, মছজিদ, কবৰস্থানৰ উন্নয়নৰ বাবে ধন সংগ্ৰহ কৰা হয়৷

Leave A Reply

Your email address will not be published.