ashomiyapatrika.com

ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্তলৈ বিশেষ নিদেৰ্শনা মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

0 40

গুৱাহাটীঃ ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্তসকললৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এক বিশেষ নিৰ্দেশনা জাৰি কৰিছে৷ এইসমূহ নিৰ্দেশনা এতিয়াৰে পৰা মুখ্যমন্ত্রীৰ সভাৰ ক্ষেত্রত মানিব লাগিব৷ মূখ্যমন্ত্ৰী শৰ্মাই  ৬টাকৈ নিয়মেৰে এক বিশেষ নিৰ্দেশনা জাৰি কৰিছে। সেই নিৰ্দেশনা মতে বন্তি প্রজ্বলন অনুষ্ঠান আয়োজকে সভাৰ পূৰ্বে আৰম্ভ কৰিব লাগিব। আয়োজক সকলে নিজেই এই কাৰ্যসূচী সমাপন কৰাৰ পোষকতা কৰিছে মূখ্যমন্ত্ৰী গৰাকীয়ে। সমান্তৰালভাবে মুখ্যমন্ত্রীক কোনো উপহাৰ নিদিবলৈ নিৰ্দেশনা আয়োজক সকলক৷ ফুলৰ থোপা, গামোচা আদিৰে সম্বৰ্ধনা বন্ধ কৰাৰো নিৰ্দেশ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ। অনুষ্ঠানত আঁত ধৰোতাৰ বাহিৰে

কোনেও শলাগৰ শৰাই দিয়াৰ প্রয়োজন নাই বুলি উল্লেখ কৰিছে মূখ্যমন্ত্ৰী শৰ্মাই ।কাৰ্যসূচীত চাহ দিয়াৰ ক্ষেত্ৰত  মাটিৰ পিয়লা ব্যৱহাৰৰ নিৰ্দেশ ৰাজ্যৰ উপায়ুক্তসকলক। তাৰোপৰি পানী যোগানৰ ক্ষেত্ৰত গ্লাছৰ বটলত যোগান ধৰিব লাগিব খোৱাপানী। এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ বটল বৰ্জনৰো নিৰ্দেশ দিয়ে মুখ্যমন্ত্রী শৰ্মাই। ইয়াৰ লগতে মধ্যাহ্ন আৰু নৈশ ভোজনত নিৰামিষ আহাৰ প্ৰচলনৰ নিৰ্দেশ দিয়ে মন্ত্ৰী গৰাকীয়ে৷ এই নিৰ্দেশনাত অসমীয়া আৰু থলুৱা জনগোষ্ঠীয় খাদ্য সম্ভাৰ যোগানৰ কথা স্পষ্টকৈ উল্লেখ কৰে মূখ্যমন্ত্ৰী শৰ্মাই৷ তদুপৰি মুখ্যমন্ত্রী গৰাকীয়ে যি ঠাইত নিশা বাহৰ পাতে, ইয়াৰ পিছৰ দিনাৰ অনুষ্ঠান বৃক্ষ ৰোপনেৰে আৰম্ভ কৰিব বুলি নিৰ্দেশনাত উল্লেখ কৰে৷

Leave A Reply

Your email address will not be published.