বকোত গুৱাহাটী জিলা কোচ ৰাজবংশী সন্মিলনীৰ কাৰ্য্যনিৰ্বাহক সভা সম্পন্নঃ উন্নয়ণ পৰিষদৰ দ্বাৰা ধাৰ্য্য কৰা পূজিৰে জিলা কাৰ্য্যালয় নিৰ্মাণৰ আলোচনা
বকোৰ পৰা বিষ্ণু ৰাম দাসঃ সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ অন্যতম জিলা সমিতি গুৱাহাটী জিলা সমিতিৰ এখন কাৰ্য্যনিৰ্বাহক সভা আজি বকোৰ চিলাৰায় ভৱনত অনুষ্ঠিত হয়। গুৱাহাটী জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি অশোক কুমাৰ দাসে সঞ্চালনা কৰা সভাৰ আত ধৰে সাধাৰণ সম্পাদক দীপক কুমাৰ ৰয়ে। সভাত গুৱাহাটী জিলা সমিতিৰ বহু কেইখন প্ৰাথমিক গোটৰ বিষয় ববীয়াই অংশগ্ৰহণ কৰে। সভাত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ উপ সভাপতি খগেন্দ্ৰজীৎ ঠাকুৰীয়া, ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক ডিম্বেশ্বৰ দাস, যুৱ ছাত্ৰ সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যকৰী সভাপতি অনুপম দাস, জিলা সমিতিৰ কাৰ্য্যকৰী সভাপতি পবিত্ৰ
কুমাৰ দাস, মহিলা সমিতিৰ সম্পাদিকা জয়া দাস, কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ জিলা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ধৰ্মেন্দ্ৰ দাস, সাংগঠনিক সম্পাদক সৰ্বেশ্বৰ দাস, মিলন কুমাৰ দাস, জিলা মহিলা সমিতিৰ সভানেত্ৰী নিশি চৰকাৰ, কাৰ্য্যনিৰ্বাহক সমৰেন্দ্ৰ দাস, বকো আঞ্চলিক সমিতি যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি জোন চৌধুৰী আৰু সাধাৰণ সম্পাদক নিপেন তালুকদাৰকে ধৰি বহু কেইজন কোচ ৰাজবংশী জ্ঞাতী উপস্থিত থাকে। সভাত কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে আৰু জাতীয় সংগঠনটোৰ সমস্যা সমুহ সমাধানৰ আলোচনা কৰে। সভাত কোচ ৰাজবংশী উন্নয়ণ পৰিষদৰ পূজিৰে ধাৰ্য্য কৰা গুৱাহাটী জিলা কোচ ৰাজবংশী সন্মিলনীৰ কাৰ্য্যালয় নিৰ্মাণ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰে।