ashomiyapatrika.com

অসমৰ মুখ্যমন্ত্রী আধুনিক ‘কুম্ভকৰ্ণ’- ভূপেন বৰা

0 114

সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ অসমবাসীৰ তীব্র ওজৰ-আপত্তি আৰু অভিযোগ সমূহ লৈ দেশৰ নিৰ্বাচন আয়োগ আৰু ৰাষ্ট্রপতিৰ কাষ চাপিব প্ৰদেশ কংগ্ৰেছ

গুৱাহাটীঃ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ অসমৰ ক’তো ওজৰ-আপত্তি আৰু অভিযোগ নাই বুলি মুখ্যমন্ত্রীয়ে কোৱা মন্তব্যত তীব্র প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য দি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয় যে যেতিয়া ৰামায়ণৰ যুগত ৰাম-ৰাৱনৰ তয়াময়া যুদ্ধত লংকা জ্বলি ছাৰখাৰ হৈ গৈছিল সেই সময়ৰ কিন্তু ৰাৱনৰ ভাতৃ কুম্ভকৰ্ণ ঘোৰ নিদ্ৰাত আছিল। হাতীয়ে গছকাইহে তেওঁক টোপনিৰ পৰা উঠাবলগীয়া হৈছিল। ঠিক তেনেদৰে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ৰাজ্যখনৰ চৌদিশে বিভিন্ন ঠাইত যেনে মাৰ্ঘেৰিটা, শিৱসাগৰ, আমগুৰি, লাহোৱাল, বৰপেটা, ধুবুৰী, বঙাইগাঁও, মৰিগাঁও আদি ঠাইত বিভিন্ন

জাতীয় জনগোষ্ঠীয় দল সংগঠন, নাগৰিক সমাজ তথা সৰ্বসাধাৰণ ৰাইজে তীব্র বিৰোধিতা বা অসন্তোষ প্ৰকাশ কৰি প্ৰতিবাদী কাৰ্য্যসূচী আৰু আন্দোলনৰ কার্যসূচী গ্রহণ কৰিছে। বৰাক উপত্যকাত সৰ্বাত্মক বন্ধৰ কার্যসূচী গ্রহণ কৰিছে। প্ৰায় ৭০০ তকৈও অধিক লোকক যোৱাকালিৰ দিনটোতে বৰাক উপত্যকাত গ্ৰেপ্তাৰ কৰিছে। এফালে মুখ্যমন্ত্রীয়ে বিভিন্ন প্ৰকাৰে ব্যৱহাৰ কৰি ৰাইজৰ গণতান্ত্রিক কন্ঠ ৰোধ কৰিবলৈ চেষ্টা কৰিছে। আনহাতেদি ৰাজ্যখনৰ বিভিন্ন ঠাইত তীব্র বিৰোধিতা আৰু প্ৰতিবাদ হৈ থকাৰ পাছতো মুখ্যমন্ত্রীয়ে কি যুক্তিত সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ অসমবাসীৰ মাজত ক’তো একো অসন্তোষ সৃষ্টি হোৱা নাই বা প্ৰতিবাদ হোৱা নাই বুলি ক’বলৈ

পাৰিছে ? আচলতে মুখ্যমন্ত্রীয়ে ৰামায়ণৰ যুগৰ ‘কুম্ভকৰ্ণ’ৰ আধুনিক ৰুপ গ্রহণ কৰিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে লগতে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ অতি গুৰুত্বপূর্ণ গোটেই বিষয়তো লৈ প্ৰদেশ কংগ্ৰেছে ৰাইজৰ কাষ চাপিছে। আমি ইতিমধ্যেই গুৱাহাটী লোকসভা আৰু মঙ্গলদৈ লোকসভাৰ ৰাইজৰ সৈতে মত বিনিময় কৰিছো। ঠিক তেনেদৰে অহা ৩০ জুন তাৰিখে শিৱসাগৰত, ২/৩ জুনত বৰাক উপত্যকাত, ৪/৫ জুনত কোকৰাঝাৰ আৰু ধুবুৰী জিলাত আৰু অন্যান্য জিলাসমূহতো বিভিন্ন পৰ্য্যায়ত ৰাইজৰ মতামত গ্রহণ কৰি থকা হৈছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়ক প্ৰদেশ কংগ্ৰেছৰ উচ্চস্তৰীয় কমিটিৰ অধ্যক্ষ তথা বিৰোধী উপ-দলপতি ৰকিবুল

হুছেইনৰ নেতৃত্বৰ কমিটিয়ে ইতিমধ্যেই অসমৰ বিভিন্ন জাতীয়, জনগোষ্ঠীয় দল সংগঠন, নাগৰিক সমাজ, বিশিষ্ট ব্যক্তি তথা ৰাইজৰ পৰা ওজৰ আপত্তি আৰু অভিযোগ সমূহ সংগ্ৰহ কৰি আছে আৰু সকলোৰে মতামত গ্রহণ কৰি আছে। আগন্তুক কেইটামান দিনত আমি সকলো জাতি, জনগোষ্ঠীৰ বিভিন্ন দল সংগঠন, অৰাজনৈতিক দল-সংগঠন, নাগৰিক সমাজ, সৰ্বসাধাৰণ ৰাইজৰ ওজৰ-আপত্তি, তীব্র অসন্তোষ, অভিযোগ সমূহ সংগ্ৰহ কৰি দিল্লীত দেশৰ নিৰ্বাচন আয়োগৰ ওপৰত দাখিল কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছো। ইতিমধ্যেই চাৰিদিনৰ পূর্বেই প্ৰদেশ কংগ্ৰেছ কমিটিয়ে দেশৰ নিৰ্বাচন আয়োগৰ ওচৰত সাক্ষাৎ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছো। ১২ টা বিৰোধী

দলেও একেলগে ৰাষ্ট্রপতিৰ সাক্ষাৎকাৰ বিচাৰি দুবাৰ পত্ৰ প্ৰেৰণ কৰিছে। নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈও ৰাষ্ট্রপতিৰ সাক্ষাৎ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে। কিন্তু দুৰ্ভাগ্যজনক ভাৱে এতিয়ালৈকে আমি নিৰ্বাচন আয়োগৰ পৰা কোনো সাক্ষাৎকাৰৰ অনুমতি লাভ কৰা নাই বা কোনো ইতিবাচক সঁহাৰি লাভ কৰা নাই। ঠিক তেনেদৰে মহামান্য ৰাষ্ট্রপতি মহোদয়াৰ কাৰ্য্যলয়ৰ পৰাও আজিৰ তাৰিখলৈ কোনো যোগাযোগ কৰা নাই। কি কাৰণত যোগাযোগ কৰা নাই আমি নাজানো। কেনেবাকৈ আমি দেশৰ নিৰ্বাচন আয়োগ আৰু ৰাষ্ট্রপতি মহোদয়াৰ প্ৰত্যক্ষ সাক্ষাৎ লাভ নকৰো, তথাপি আমি ৰাজ্যখনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ এই অতি গুৰুত্বপূর্ণ আৰু স্পৰ্শকাতৰ

বিষয়টোক লৈ অসমৰ ৰাইজৰ তীব্র ওজৰ-আপত্তি আৰু অভিযোগ সমূহ লৈ অহা ৬ আৰু ৭ জুনত দিল্লীলৈ গৈ দেশৰ নিৰ্বাচন আয়োগৰ কাৰ্য্যলয়ত আৰু ৰাষ্ট্রপতি ভৱনৰ পদূলিত গৈ হ’লেও ওজৰ আপত্তি আৰু অভিযোগ সমূহ জমা দিয়াৰ কাৰ্য্যসূচী লোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছো৷

Leave A Reply

Your email address will not be published.