ashomiyapatrika.com

সাম্প্ৰতিক শিক্ষা ব্যৱস্থাত সুখী জীৱনৰ কৌশল আয়ত্তৰ সুযোগ নাই

0 57

অসম – মেঘালয় সীমান্তৰ জিমিৰিগাঁওৰ শৈক্ষিক আড্ডাত শিক্ষাবিদ পৰেশ বৈশ্য

বকোঃ সাম্প্ৰতিক শিক্ষা ব্যৱস্থাত সুখী জীৱনৰ কৌশল আয়ত্তৰ সুযোগ নাই। এই শিক্ষাই আমাক বহু ক্ষেত্ৰত স্বাৰ্থপৰ আৰু অসুখীহে কৰি আহিছে। আনহাতে শিক্ষাৰ উপযোগিতা বাস্তৱ জীৱনত বিচাৰি নাপাই শিক্ষা ব্যৱস্থাৰ প্ৰতি মানুহৰ অবিশ্বাস জন্মাবলৈ লৈছে। এতিয়া হতাশা হৈ পৰিছে শিক্ষা জগতৰ এৰাব নোৱাৰা সংগী। আজি অসম – মেঘালয়ৰ সমীপৱৰ্তী জিমিৰিগাঁওৰ ওচৰৰ বাখালপাৰা – বাটাবাৰী এম ই স্কুলত অনুষ্ঠিত কামৰূপৰ শৈক্ষিক উন্নয়ন গোটৰ এক শৈক্ষিক আড্ডাত ভাগ লৈ বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্যই এইদৰে কয়। তেওঁ আৰু কয় যে আধুনিক শিক্ষাই যেতিয়ালৈকে আমাক এক সমৃদ্ধ জীৱনৰ লগতে প্ৰত্যেকৰে সামৰ্থ্যবোৰক সমাজৰ হকে

উছৰ্গা কৰিবলৈ প্ৰেৰণা দিব নোৱাৰিব, তেতিয়ালৈকে শিক্ষাই ইস্পিত লক্ষ্যত উপনীত হ’ব নোৱাৰে। কৃতজ্ঞতা, দয়া, ক্ষমা, সহমৰ্মিতা আদি মানৱীয় গুণবোৰ কেৱল নীতিশিক্ষাৰ নামান্তৰ নহৈ এক বিজ্ঞানসন্মত ইতিবাচক আবেগ হিচাপে হৃদয়ত স্থাপনৰ পৰিবেশ শিক্ষাই দিব পাৰিব লাগিব। তেওঁ আৰু কয় যে আমাৰ শিক্ষাই ডিগ্ৰী আৰু দক্ষতাৰ মাজত ভাৰসাম্য ৰাখিব পৰা নাই। ফলত শিক্ষাত জীৱনমুখী চেতনা সংপৃক্ত হোৱা নাই। ছাত্ৰ- ছাত্ৰীক স্বাধীনমনা, অনুসন্ধিৎসু কৰা আৰু নিজৰ নিজৰ সৃজনীশীলতাক উদ্ভাসিত কৰাৰ পৰিবেশো সাম্প্ৰতিক শিক্ষাত অভাৱ। শিক্ষাৰ লক্ষ্য কেৱল চাকৰিমুখী হোৱা স্বত্বেও কৰ্মৰ প্ৰতি স্বতঃস্ফূৰ্ত উদ্দীপনাও শিক্ষাই জগাব

পৰা নাই। ইফালে মোবাইল জালত পৰি মানুহ অমনোযোগিতাৰ মহামাৰীত আক্ৰান্ত হৈছে। ফলত প্ৰকৃতিৰ বিনন্দীয়া সৌন্দৰ্যও হৈ পৰিছে আমাৰ বাবে এলাগী। তেওঁ কয় যে বৃটিছে ভাৰতীয়সকলক দুবাৰ পৰাধীন কৰি গ’ল। এবাৰ ৰাজনৈতিক ভাৱে আৰু এবাৰ ত্ৰুটিপূৰ্ণ শিক্ষা ব্যৱস্থাৰ জৰিয়তে। স্বাধীনতাৰ পাছতো আজিলৈকে বৃটিছৰ আৰ্হিৰ শিক্ষাৰেই আমি বৰ্তি আছোঁ। আমাৰ শিক্ষা ব্যৱস্থাৰ এই দীনতাক দেশৰ নতুন শিক্ষানীতিয়ে অৱসান ঘটাব বুলি দেশবাসী আশাৰে ৰৈ থকা বুলিও বৈশ্যই গুৰুত্বপূৰ্ণ মন্তব্য কৰে। শৈক্ষিক উন্নয়ন গোটৰ সম্পাদক অমিয় কুমাৰ ৰয়ে আঁত ধৰা উক্ত আড্ডাত শৈক্ষিক উন্নয়ন গোটৰ সভাপতি তথা কামৰূপৰ

বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই ভাগ লৈ বিদ্যালয় এখনৰ উত্তৰণত সমাজৰ সক্ৰিয় অংশগ্ৰহণৰ প্ৰয়োজনীয়তা উল্লেখ কৰে। লগতে নতুন শিক্ষা নীতিয়ে শিক্ষাখণ্ডলৈ আনিব পৰা সুফলৰ বিষয়ে কয়। তেওঁ বাখলাপাৰা অঞ্চলত এখন হাইস্কুলৰ প্ৰয়োজনীয়তা আছে বুলিও অনুভৱ কৰে। আড্ডাত বাখালপাৰা- বাটাবাৰী এম ই স্কুলৰ প্ৰধান শিক্ষক প্ৰদীপ কলিতাই অতিথি সকলক আদৰণি জনায়। এই আড্ডাত হেকেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা শিক্ষাবিদ ড° গণেশ্বৰ চহৰীয়াৰ লগতে বাখালপাৰা প্ৰাথমিক বিদ্যালয়, কুণ্ডিলনগৰ প্ৰাথমিক বিদ্যালয় আৰু

জিমিৰিগাঁও প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু মাতৃ গোটৰ সদস্যসকলে অংশগ্ৰহণ কৰে। আড্ডাত শৈক্ষিক উন্নয়ন গোটৰ সদস্য সকলো উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.