কেন্দ্ৰীয় চৰকাৰৰ বিদ্যুৎ উপভোক্তা বিধি সংশোধনীৰ তীব্ৰ বিৰোধিতা কৃষক মুক্তি সংগ্রাম সমিতিৰ
গুৱাহাটীঃ কেন্দ্রীয় চৰকাৰে ‘বিদ্যুৎ উপভোক্তা বিধি, ২০২০’ৰ সংশোধনীৰ জৰিয়তে বিদ্যুৎ মাচুল বৃদ্ধিৰ মাৰাত্মক সিদ্ধান্ত গ্ৰহণ কৰিছে। বহুকেইজন ৰাজ্যত চৰকাৰে বিদ্যুৎ মাচুল ৰেহাই দিয়াৰ বিপৰীতে অসমত বিদ্যুৎ মাচুলে ৰাইজৰ টোপনি হৰণ কৰিছে। আজি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত কৃষক মুক্তি সংগ্রাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কয় যে বৰ্তমানৰ সংশোধিত স্মার্ট মিটাৰে ৰাইজৰ মূৰত মাধমাৰ মৰাৰ সময়খিনিতে পুনৰ কেন্দ্ৰীয় চৰকাৰৰ এই নতুন নীতিয়ে ৰাইজক যে দিকভ্রান্ত কৰিব সেইটো নিশ্চিত। বিদ্যুতৰ মাচুল দিনত ২০% হ্রাস আৰু ৰাতি ২০% বৃদ্ধিয়ে কাক লাভান্বিত কৰিব আৰু কাক লোকচান কৰিব সেই
কথাটো অতি স্পষ্ট। আম্বানি, আদানিহঁতৰ দৰে পুঁজিপতিৰ বৃহৎ বৃহৎ উদ্যোগবোৰ । দিনৰ ভাগত চলাৰ সময়ত বিদ্যুতৰ মাচুল কম কৰি ৰাতি গৰমত সৰ্বসাধাৰণ ৰাইজৰ ফেন, এচি, লাইটবোৰ চলোৱাৰ বিপৰীতে পৰিশোধ কৰিব লাগিব অত্যধিক মূল্য। পুঁজিপতিৰ স্বাৰ্থত প্ৰতি মুহূৰ্তত সদা সতর্ক এইখন চৰকাৰৰ বিৰুদ্ধে সজাগ হ’বলৈ আমি অসমবাসী ৰাইজক অনুৰোধ কৰিছো। সামগ্রীকভাৱেই বিদ্যুৎ মাচুল বৃদ্ধিয়ে ৰাইজক জলাকলা খুৱাই থকাৰ এই সময়ত চৰকাৰে পুনৰ এক সংশোধনীৰ জৰিয়তে বিদ্যুৎ মাচুল বৃদ্ধি কৰিবলৈ লোৱা হঠকাৰী নীতি আমি কোনোপধ্যেই মানি নলওঁ, সেইটো স্পষ্ট৷