ashomiyapatrika.com

বৰঝাৰ বিমানবন্দৰৰ টেক্সি চালক সকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত জয়ন্ত মল্ল বৰুৱা

0 40

গুৱাহাটীঃ আইডিয়েল অভিযানৰ উদ্যোগত তথা অসম দক্ষতা বিকাশ অভিযানৰ সহযোগত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ টেক্সি চালক সকলৰ উদ্দেশ্যে অনুষ্ঠিত দহদিনীয়া কৰ্মশালাখনৰ আজি আনুষ্ঠানিক ভাৱে সামৰণি পৰে৷ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰটোত নিয়োজিত হৈ থকা টেক্সি চালক সকলক উপযুক্ত প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যেৰে এই কৰ্মশালাৰ আয়োজন কৰা হয়৷ আজি বৰঝাৰ বিমানবন্দৰৰ সমীপৱৰ্তী সামূহিক ভৱনত অনুষ্ঠিত দহদিনীয়া কৰ্মশালাৰ সামৰণি অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্য চৰকাৰৰ পৰ্যটন – জন স্বাস্থ্য

আৰু কাৰিকৰী তথা দক্ষতা বিকাশ দপ্তৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ভাষণ প্ৰসংগত কয় ‘টেক্সি চালকজন যাত্ৰীজনৰ এজন পথ প্ৰদৰ্শক হ’ব পাৰে’। ইপিনে টেক্সি চালকজনৰ কথাবার্তাৰ পৰা ৰাজ্যখনৰ সামগ্ৰিক সংস্কৃতি সম্পৰ্কেও জানিব পাৰে৷ টেক্সি চালকজনৰ মাৰ্জিত আচাৰ-ব্যৱহাৰৰ পৰাও বিমান যাত্ৰীজনে নিজ দেশলৈ এক শুভ বাৰ্তা কঢ়িয়াই নিব পাৰে৷ তেনেক্ষেত্ৰত বিমানবন্দৰৰ টেক্সি চালক সকল হৈছে ৰাজ্যখনৰ এজন সৎ প্ৰতিনিধি হ’ব পাৰে। ইয়াৰ সমান্তৰালকৈ ৰাজ্যখনৰ পৰা কঢ়িয়াই লৈ যোৱা শুভ সংবাদে ৰাজ্যখনৰ ৰাজহ বৃদ্ধিৰ সম্ভাৱনা প্ৰকট কৰি তুলিব পাৰে। সেই গতিকে বৰঝাৰ বিমান বন্দৰৰ টেক্সি চালক সকলক আমি

উপযুক্ত ভাবে এক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰাৰ পদক্ষেপ গ্ৰহণ কৰি এই কাৰ্যসূচী হাতত লোৱা হৈছে৷ ইপিনে প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই আই ডিয়েল অভিযান আৰু অসম দক্ষতা বিকাশ অভিযানৰ এনে মহৎ পদক্ষেপক আদৰণি জনায়। সামৰণি অনুষ্ঠানটোৰ আৰম্ভণিতে অসম দক্ষতা বিকাশ অভিযানৰ মিছন সঞ্চালক অংকুৰ জৈনে উপস্থিত সকলোকে আদৰণি জনাই উদ্দেশ্য ব্যাখ্যা কৰে৷ অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱা, অসম পৰ্যটন

বিভাগৰ সঞ্চালক ৰনোজ কুমাৰ বৰকটকী আৰু আইডিয়েল অভিযানৰ সভাপতি অপূৰ্ৱ বৰা৷ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত কৰ্মৰত প্ৰশিক্ষণপ্ৰাপ্ত এশজন টেক্সি চালকক যোগ্যতাৰ প্ৰমাণ পত্ৰ, এটা কীট বেগ আৰু এক এককালীন অর্থ সাহায্য প্ৰদান কৰা হয়৷ উল্লেখনীয় যে এই দহদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীত টেক্সিচালক সকলে দৈনিক চাৰি ঘণ্টাকৈ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল৷

Leave A Reply

Your email address will not be published.