ashomiyapatrika.com

ৰ’দালি শাখা সাহিত্য সভাত সাহিত্যিক পেঞ্চনপ্ৰাপক সুপ্ৰভা দেৱীৰ উপন্যাস ‘তাত এখন নৈ আছিল’ উন্মোচন

0 56

নলবাৰীঃ নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত ৰ’দালি শাখা সাহিত্য সভাৰ উদ্যোগত গোৱালপাৰা হাইস্কুলত সাহিত্যিক পেঞ্চনপ্ৰাপক সুপ্ৰভা দেৱীৰ ‘তাত এখন নৈ আছিল’ নামৰ উপন্যাস এখন উন্মোচন কৰা হয়। এই উপলক্ষে ৰ’দালি শাখা সাহিত্য সভাৰ সভাপতি ৰমেশ হালৈৰ সভাপতিত্বত হোৱা সভা এখনত উপন্যাসখন উন্মোচন কৰি নলবাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ দীনমণি ভাগৱতীয়ে স্থানীয় অঞ্চলৰ প্ৰাচীন সমলবোৰৰ গুৰুত্বৰ বিষয়ে বিৱৰি কয়। সভাখনত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ দিয়া ভাষণত নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই সাহিত্য চৰ্চা আৰু সভাৰ সাংগঠনিক দিশৰ বিষয়ে বহলাই

কয়। ৰ’দালি শাখা সাহিত্য সভাৰ সম্পাদক উৎপল দাসে সভা আয়োজনৰ উদ্যেশ্য ব্যাখ্যা কৰে। স্থানীয় নৰেন্দ্ৰনাথ ভট্টাচাৰ্য সংগীত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা ‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক বৃন্দগীতেৰে আৰম্ভ হোৱা সভাখন উদ্বোধন কৰে সমাজকৰ্মী পুলক শৰ্মাই। গোৱালপাৰা, বলোৱা, বগুৰিহাটী আদি অঞ্চলৰ বহুকেইগৰাকী কীৰ্তিমান শিক্ষাৰ্থীক সাদৰ অভিনন্দনৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী তথা অসম সাহিত্য সভাৰ আজীৱন সভ্যক সম্বৰ্ধনা জ্ঞাপন কৰা এই অনুষ্ঠানৰ আঁত ধৰে শাখাখনৰ সম্পাদক উৎপল দাস আৰু শিক্ষক মানস শৰ্মাই। ইয়াৰ পাছতে হোৱা ‘সাহিত্যৰ এদিন’ শীৰ্ষক অনুষ্ঠান উদ্বোধন কৰে জাগাৰা হাইস্কুলৰ প্ৰধান শিক্ষক

বিপিন তালুকদাৰে। এই অনুষ্ঠানত অনন্ত ভঁৰালী, নগেন ডেকা, গণেশ বৰ্মন, কমল ডেকা, দিলীপ তালুকদাৰ, ৰাধাকৃষ্ণ চক্ৰৱৰ্তী, ঘনকান্ত বৰ্মন, দীপিকা ঠাকুৰীয়া, ৰেণুমা বেগম, ভগৱান ভঁৰালী, বাপুৰাম তালুকদাৰ, দুলাল তালুকদাৰ, সুপ্ৰভা দেৱী, বিপিন ডেকা প্ৰমুখ্যে বহুকেইগৰাকীয়ে স্বৰচিত কবিতা পাঠ কৰে। অনুষ্ঠানত দীপিকা ঠাকুৰীয়াই অভিনয়, অনিমা দেৱী আৰু মূৰ্চ্ছনা কাশ্যপে নৃত্য প্ৰদৰ্শন কৰে। অসম সংগীতেৰে অনুষ্ঠান সামৰা হয়। আকৌ পুৱাৰ ভাগত ৰ’দালী শাখা সাহিত্য সভাৰ সভাপতি ৰমেশ হালৈয়ে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে আৰু শিক্ষাব্ৰতী অমলেন্দু শৰ্মাই বন্তি জ্বলায়।

Leave A Reply

Your email address will not be published.