শিঙিমাৰীৰ কলহী নদীত উদ্ধাৰ যুৱ সাংবাদিক আব্দুল ৰৌফ আলমগীৰৰ মৃতদেহঃ তীব্ৰ চাঞ্চল্য
শোক আৰু সংকিত অঞ্চলবাসীঃ বকো প্ৰেছ ক্লাৱৰ শোক প্ৰকাশ
বকোঃ কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত ছয়গাঁও সমষ্টিৰ জামবাৰীৰ কলহী নৈত উদ্ধাৰ শনিবাৰৰ পৰা সন্ধানহীন হৈ থকা সাংবাদিক আব্দুল ৰৌফ আলমগীৰৰ মৃতদেহ। নিৰূৰ্দিষ্ট সাংবাদিক জনক হত্যা কৰি নৈত পেলাই দিয়া ঘটনাই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনা প্ৰত্যক্ষ কৰি জানিব পৰা মতে মৃতদেহৰ ডিঙিত ৰচীৰে চেপি হত্যা কৰাৰ সন্দেহ আৰু ডিঙীত ৰচীৰ চিন স্পষ্ট দাঁত আৰু কান নাই মৃত আব্দুল ৰৌফৰ ৷ উল্লেখ্য যে শনিবাৰে সন্ধিয়া জামবাৰীৰ পৰা সন্ধানহীন হৈ আছিল সাংবাদিক গৰাকী। ৰহস্য জনক ভাৱে কলহী নদীত উদ্ধাৰ হোৱা আব্দুল ৰৌফ আলমগীৰৰ ঘৰ গৰৈমাৰী হাটীপাৰাত বুলি জানিব পৰা গৈছে ৷ আব্দুল ৰৌফে জামবাৰী চকত
পিএনবিৰ গ্ৰাহক সেৱা কেন্দ্ৰ চলোৱাৰ লগতে সাংবাদিকতাও কৰিছিল এটা টি এন এল নামৰ পৰ্টেলত নিউজত৷ ইফালে শনিবাৰে নিশাৰ পৰাই বকো আৰক্ষী আৰু জামবাৰী আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাইয়ো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাছিল। জানিব পৰা মতে বকোৰ জামবাৰীত প্ৰায় দুই বছৰ ধৰি পঞ্জাব নেচনেল বেঙ্কৰ গ্ৰাহক সেৱা কেন্দ্ৰ এটা চলাই আছিল ৷ ইফালে স্থানীয় লোকে জনোৱা মতে শনিবাৰে সন্ধিয়া প্ৰায় ৭ মান বজাত এখন অচিনাকি মাৰুটি বাহনত দুজন লোক আহি আব্দুল ৰৌফক গাড়ীত উঠাই লৈ যোৱাৰ সন্দেহ কৰিছিল ৷ আনহাতে পৰিয়ালৰ লোকে দাবী কৰে যে আততায়ীয়ে অপহৰণ কৰি ডিঙি চেপি হত্যা কৰি নদীত পেলায় দিয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।