সংবাদ মেলত বকো বিধানসভা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰাত নিৰ্বাচন আয়োগক শুভেচ্ছা দক্ষিণ কামৰূপ জিলা ট্ৰাইবেল সংঘৰ
বকোঃ দেশৰ নিৰ্বাচন আয়োগে অসম বিধানসভাৰ সমষ্টি খচৰা প্ৰস্তূত কৰি কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিটো অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰাত নিৰ্বাচন আয়োগক আন্তৰিক শুভেচ্ছা জনায় ট্ৰাইবেল সংঘৰ দক্ষিণ কামৰূপ জিলা সমিতিয়ে। এই ক্ষেত্ৰত আজি সংঘৰ জিলা কাৰ্য্যালয়ত আয়োজন কৰে এক সংবাদ মেল। ইফালে ট্ৰাইবেল সংঘৰ দক্ষিণ কামৰূপ জিলা সমিতিয়ে বকো সমষ্টিক অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত কৰিবলৈ বিগত ২০০৫ বৰ্ষৰ ৯ মে’ তাৰিখে আবেদন দাখিল কৰিছিল বুলি আজি সংবাদ মেলত সাদৰি কৰে ট্ৰাইবেল সংঘৰ জিলা সমিতিৰ উপদেষ্টা প্ৰহ্লাদ বড়ো, বড়ো ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক জিলা সভাপতি
তথা বিশিষ্ট সমাজ কৰ্মী স্বাধীন বড়ো, ট্ৰাইবেল সংঘৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক বিপুল ৰাভাই। সংঘৰ জিলা সমিতিৰ সভাপতি দীপৰ বড়ো আৰু সম্পাদক দূৰ্গেশ্বৰ বড়োৰ তৎপৰতাত আয়োজন কৰা সংবাদ মেলত সহযোগ আগবঢ়াই জিলা ইউথ লীগৰ সম্পাদক জীৱন ৰাভাই। বৃহত্তৰ অঞ্চলটোৰ জনজাতীয় এলেকাত সীমা আৰু জনগাঠনিৰ প্ৰতিবেদন প্ৰস্তূত কৰি সেই সময়ৰ বহু সংখ্যক সমাজ সংগঠকক স্মৰণ কৰে আজিৰ সংবাদ মেলত। ইফালে বকো সমষ্টিত পয়ৰঙা, দাৰি, নাৰেঙা আৰু আলোকজাৰী গাওঁকো সামৰি লৱলৈ নিৰ্বাচন আয়োগক আহ্বান জনায়। প্ৰকাশ্য যে নিৰ্বাচন আয়োগক শুভেচ্ছা জনোৱা সংবাদ মেলত বকো বিধানসভা সমষ্টিক
অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত কৰিবলৈ ২০০৫ চনতে নিৰ্বাচন আয়োগক আবেদন জনাইছিল প্ৰয়াত ক্ৰমে প্ৰমোদ চন্দ্ৰ ৰাভা, কাতিৰাম ৰাভা, নাৰায়ণ প্ৰসাদ ৰাভা, সভাৰাম দৈমাৰীকে ধৰি বহু কেইজনে। ইফালে বৰ্তমানৰ জনজাতীয় নেতা জনচন মাৰাক, সঞ্জীৱ ৰাভা সত্যজিত ৰাভা, দেৱেন বড়ো, প্ৰদীপ বড়ো, বিষ্ণু বসুমতাৰীকে ধৰি বহু জনজাতীয় নেতাৰ আশা আকাংক্ষাৰ ফল আজি মহামান্য নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে বুলি সন্তোষ প্ৰকাশ কৰে।