ashomiyapatrika.com

বকোৰ ৩নং মালিবাৰীত চৰকাৰৰ পানী যোগান আঁচনি নিৰ্মাণত দুই ফৈদৰ বিতৰ্কঃ সাংবাদিকৰ মধ্যস্থতাত শেষ বিতৰ্ক

0 132

বকোঃ অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জলজীৱন মিচনৰ নতুন আঁচনি এখন কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত ৩ নং মালিবাৰী গাওঁত স্থাপন হৈছে। ইফালে আঁচনি খনৰ কাম আৰম্ভ হোৱাৰ সময়তেই কাম আৰু পৰিচালনা সমিতি গঠনক লৈ গাওঁৰ বাসিন্দাৰ মাজত দুই ফৈদ সৃষ্টি হয়। জানিব পৰা মতে এটা ফৈদে আঁচনিৰ কামত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা বুলি আৰু পৰিচালনা সমিতি গঠন কৰাত ৰাইজৰ সন্মতি নাই বুলি অভিযোগ উত্থাপন কৰিছিল। ইফালে অভিযোগ কাৰীক ধন দাবী কৰা ভণ্ড, বালি মাফিয়া, মদাহী, উদণ্ড বুলি তিৰস্কাৰ কৰি নিউজ প্ৰকাশ কৰে আন এটা ফৈদে। এই সন্দৰ্ভত আজি আঁচনিৰ বাবে ভূমি দাতা আমিৰ

হামজা, স্থানীয় বাসিন্দা আৰু কামত নিয়োজিত মিস্ত্ৰীয়ে দোষ স্বীকাৰ কৰি তেওঁলোকে স্থানীয় সচেতন যুৱক সকলোৰ ওপৰত জাৰি কৰা অভিযোগ অসত্য বুলি জানিব দিয়ে। আমিৰ হামজাই ভূলক্ৰমে বালি মাফিয়া, ধন দাবী কৰা, মদাহী, উদণ্ড যুৱক বুলি অভিহিত কৰা কেইজন নিৰ্দোষী বুলি প্ৰমাণ কৰে। আজি আঁচনি খনৰ স্থানত সাংবাদিক উপস্থিত হোৱাত পৰিচালনাৰ দায়িত্বত থকা ফৈদ টোৱে ভূল স্বীকাৰ কৰি অভিযোগ – প্ৰতি অভিযোগ খণ্ডন কৰে। উল্লেখ্য যে বকোৰ সাংবাদিকৰ মধ্যস্থতাত স্থানীয় সচেতন যুৱক হাফিজুৰ ৰহমান, মহিবুল হক, নুৰ হুছেইন আৰু ময়নুল হকক নিৰ্দোষী বুলি প্ৰমাণ কৰি তেওঁলোকে মনেসজা বাতৰি প্ৰকাশ কৰে বুলি স্বীকাৰ কৰে।

Leave A Reply

Your email address will not be published.