ashomiyapatrika.com

বকোৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ত অসম কলেজ অধ্যক্ষ পৰিষদৰ বাৰ্ষিক সাধাৰণ অধিবেশন

0 64

বকোৰ পৰা বিষ্ণু ৰাম দাসঃ অসম কলেজ অধ্যক্ষ পৰিষদৰ ২০২৩ বৰ্ষৰ বাৰ্ষিক সাধাৰণ অধিবেশন খন আজি কামৰূপ জিলাৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয় বকোত সম্পন্ন হয়। অসম কলেজ অধ্যক্ষ পৰিষদৰ বিষদ আলাপ আলোচনা কৰিবলৈ আয়োজন কৰা বাৰ্ষিক সাধাৰণ অধিবেশনত কলেজ অধ্যক্ষ পৰিষদৰ ভিন্ন আভ্যন্তৰীণ বিষয় আলোকপাত কৰা হয়। অনুস্থানৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু। সাধাৰণ অধিবেশনৰ কাৰ্য্যসূচী আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড° ননীগোপাল মহন্তই। জৱাহৰলাল নেহৰু মহাবিদ্যালয় বকোৰ অধ্যক্ষ

ড° তপন দত্তই জনোৱা মতে অসম কলেজ অধ্যক্ষ পৰিষদৰ আজিৰ অধিবেশনত পৰিষদৰ ভিন্ন দিশৰ ওপৰত আলোকপাত কৰা হয়। অনুস্থানত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ লক্ষ্মীকান্ত শৰ্মা, অসম কলেজ অধ্যক্ষ পৰিষদৰ সভাপতি ড° সমৰজ্যেতি মহন্ত আৰু সম্পাদক ড° ৰঞ্জন কলিতাকে ধৰি বহু কেইজন সন্মানীয় অতিথি উপস্থিত থাকে। বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা মঞ্জীৰা শৰ্মাই আত ধৰা অনুস্থানত শিক্ষা মন্ত্ৰী ড° ৰণোজ পেগুৱে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ নীতি নিৰ্দেশনা, উচ্চ শিক্ষাৰ গুণগত মানদণ্ডৰ ওপৰত বিষদ বৰ্ণনা দিয়াৰ

লগতে নতুন শিক্ষা নীতি ২০২২ ৰ লক্ষ্য উদ্যেশ্যৰ ওপৰত বহল বাখ্যা দাঙি ধৰে। ইয়াৰ উপৰিও শিক্ষা বিভাগৰ শিক্ষক নিয়ুক্তি, দা – দৰমহা, মহাবিদ্যালয়ৰ আন্ত: গাঠনি, শৈক্ষিক পৰিবেশ আদিকে ধৰি সকলো বিষয়ৰ ওপৰত বৰ্ণনা দাঙি ধৰে। আনহাতে মুকলি সভাৰ শেষত অনুষ্ঠিত হয় অসম কলেজ অধ্যক্ষ পৰিষদৰ সাধাৰণ অধিবেশনৰ প্ৰতিনিধি সভা।

Leave A Reply

Your email address will not be published.