পুনৰ ঊশ্বুত সোণৰ পদকেৰে উজলি উঠিল বকোৰ ইলিনা ৰাভাঃ ক্ৰীড়া প্ৰেমীৰ আদৰণি
বকোঃ আত্মৰক্ষা আৰু শৰীৰ চৰ্চাৰ কৌশলী খেল ঊশ্বু। এই ঊশ্বু খেলত কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত কালিয়াবড়ী গাওঁৰ ইলিনা ৰাভাই দপোকদপে সন্মান আৰু বঁটা বুটলিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ গোলাঘাট জিলাত অনুষ্ঠিত হোৱা দ্বাদশ সংখ্যক চাৱ জুনিয়ৰ আৰু জুনিয়ৰ শাখাত অনুষ্ঠিত হোৱা ঊশ্বু চেম্পিয়নশ্বিপ – ২০২৩ বৰ্ষৰ খেলত ইলিনাই জুনিয়ৰ শাখাত খেলি প্ৰথম সন্মান অৰ্জন কৰি সোণৰ পদক লাভ কৰে। আনহাতে আগন্তুক পঞ্জাৱত অনুস্থিত হ’ব লগা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুবিধা লাভ কৰে।
বকোৰ কালিয়াবড়ী গাওঁৰ স্বপন ৰাভা আৰু কবিতা ৰাভাৰ জীয়ৰী ইলিনাই কোকৰাঝাৰত ছাই একাডেমীত প্ৰশিক্ষণ লৈ থকা খেলুৱৈ। উল্লেখ্য যে অসম ঊশ্বু এচোছিয়েশ্যনৰ উদ্যোগত গোলাঘাট জিলা সমিতিৰ তত্বাৱধানত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত কামৰূপ জিলাৰ হৈ ৫২ কেজিৰ তলৰ শাখাত খেলি শ্ৰেষ্ঠত্ব অৰ্জন কৰে।