২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ‘লাভ জেহাদ’ প্ৰতিৰোধী কঠোৰ আইন প্ৰণয়ন কৰক ৰাজ্যতঃ বিশ্ব হিন্দু মহাসংঘ
গুৱাহাটীঃ মধ্য যুগত আৰৱ দেশৰ পৰা অহা মুছলমান আক্ৰমণকাৰীয়ে ভাৰতবৰ্ষক গজৱা এ হিন্দ কৰাৰ বাবে যি সপোন দেখিছিল সেই সপোনকে বাস্তৱায়িত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় ইছলামিক জেহাদি শক্তিয়ে ভাৰতবৰ্ষত আজিও অহৰহ কাম কৰি আছে। বর্তমান সময়ত ভাৰতবৰ্ষত যিমানবোৰ ইছলামিক জেহাদি সংগঠনে গোপনে জেহাদি এজেণ্ডা চলাই আছে, তাৰ ভিতৰত ‘লাভ জেহাদ’ হ’ল সেই জেহাদি এজেণ্ডাসমূহৰে এটা অন্যতম কৌশল। সমগ্র ভাৰতবৰ্ষৰ লগতে এই জেহাদি কাৰ্যৰ পৰা আজি আমাৰ ৰাজ্য অসমো মুক্ত হৈ থকা নাই, বৰ ৰাজ্যখনৰ সাধাৰণ সনাতনী হিন্দু লোকৰ অজ্ঞতা আৰু সৰলতাৰ সুযোগ লৈ এই জেহাদি কাৰ্য অসমত
পৰিকল্পিতভাৱে অধিক তীব্ৰ ৰূপতহে চলাই গৈছে বুলি আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এখন সংবাদ মেলত বিশ্ব হিন্দু মহাসংঘ, অসমৰ ৰাজ্যিক সাধাৰণ সম্পাদক বলেন বৈশ্যই গুৰুতৰ অভিযোগ উত্থাপন কৰে। সংবাদ মেলখন সম্বোধন কৰি হিন্দুত্ববাদী সংগঠনটোৰ নেতা তথা ৰাজ্যিক সাধাৰণ সম্পাদক বলেন বৈশ্যই এই বুলিও কয় যে নাৰী হ’ল হিন্দু সমাজৰ একোটা পৰিয়ালৰ সন্মানৰ প্ৰতীক। সেই সন্মানক আঘাত কৰি হিন্দুৰ স্বাভিমান ধ্বংস কৰিবলৈকে জেহাদি সংগঠনবোৰে সদায় হিন্দু নাৰীক আক্ৰমণৰ লক্ষ্য কৰি লৈ আহিছে। ইফালে অসমত ‘লাভ জেহাদ অধিক হাৰত সফল হোৱাৰ আঁৰত ইছলামিক আগ্ৰাসনকাৰীৰ ষড়যন্ত্ৰ যিদৰে জগৰীয়া, তাৰ
সমান্তৰালকৈ ৰাজ্যখনৰ একাংশ সনাতনী অভিভাৱকৰ বেপৰোৱা মনোভাবো সমানেই জগৰীয়া বুলিও বৈশ্যই উল্লেখ কৰে। তেওঁ কয়, অসমৰ অধিকাংশ সনাতনী অভিভাৱকেই নিজৰ কন্যা সন্তানসকলক যিদৰে ভাৰতীয় সনাতনী সংস্কাৰ পৰম্পৰাৰে শিক্ষিত কৰি উপযুক্তকৈ গঢ়ি তুলিব লাগিছিল, তেনেদৰে গঢ়ি ভোলাত সম্পূর্ণভাবে ব্যর্থ হৈছে। ফলত অসমত ‘লাভ জেহাদে অধিক ভয়াবহ ৰূপ ধাৰণ কৰাত সফলতা লাভ কৰিছে। যিটো ৰাজ্যখনৰ ভৱিষ্যত প্ৰজন্মৰ বাবে ভয়াবহহৈ পৰিছে। তেওঁ লগতে কয় যে ৰাজাৰ অধিকাংশ সনাতনী হিন্দু পৰিয়ালত উপযুক্ত আধ্যাত্মিক চিন্তা-চৰ্চাৰ পৰিৱেশ নোহোৱা হৈ পৰাৰ বাবেই আজি হিন্দু কিশোৰী-যুৱতী, বোৱাৰীসকল
অধিক হাৰত লাভ জেহাদৰ দৰে ভয়ংকৰ আন্তঃৰাষ্ট্ৰীয় জেহাদি যড়যন্ত্ৰৰ চিকাৰ হৈ এটা অনিশ্চিত জীৱনলৈ গতি কৰিছে। সেয়েহে ৰাজ্যত চলি থকা লাভ জেহাদৰ দৰে হিন্দু নিঃশেষৰ আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰৰ সৈতে মোকাবিলা কৰিবলৈকে প্ৰতিটো হিন্দু পৰিয়ালৰ পিতৃ-মাতৃ তথা অভিভাৱকসকলে নিজৰ সন্তানক ভাৰতীয় সনাতনী সভ্যতা- সংস্কৃতিৰ শিক্ষাৰে অধিকৰূপত শিক্ষিত কৰি তুলিবলৈ ঘৰখনতো তেলে এটা আধ্যাত্মিক পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়োজন বুলি কৈ ৰাজ্যৰ প্ৰতিটো হিন্দু পৰিয়ালকে তাৰ বাবে কাম কৰিবলৈ আহ্বান জনায় সাধাৰণ সম্পাদক বলেন বৈশাই। আনহাতে লাভ জেহাদ নিয়ন্ত্ৰণ কৰাত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ ব্যৰ্থতা খুবেই
দুর্ভাগ্যজনক বুলি কৈ বৈশ্যই পুনৰ কয়, নিজৰ পৰিচয় গোপনে ৰাখি ইছলামিক জেহাদি শক্তিৰ নিৰ্দেশত একাংশ মুছলমান যুৱকে হিন্দু কিশোৰী-যুৱতী আৰু কম বয়সৰ বোৱাৰীসকলক প্ৰেমৰ জালত পেলায় আৰু পৰৱৰ্তী সময়ত তেওঁলোকক ধৰ্মান্তৰিত কৰি ভাৰতীয় সনাতনী সভ্যতা-সংস্কৃতিক নিঃশেষ কৰিবলৈ যি নিৰৱচ্ছিন্ন যড়যন্ত্র চলাই আহিছে, তাক সামাজিক সমস্যা হিচাপে নলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ইয়াক এটা জঘন্য অপৰাধ বুলি গণ্য কৰিব লাগে বুলি মহাসংঘৰ সাধাৰণ সম্পাদকজনে চৰকাৰৰ ওচৰত দাবী জনায়। আনহাতে এনে জঘন্য অপৰাধ সংঘটিত কৰাসকলৰ ওপৰত যাতে তাৎক্ষণিকভাবে আইনী ব্যৱস্থা ল’ব পাৰে, তাৰ বাবে শীঘ্ৰে
লাভ জেহাদ প্ৰতিৰোধী সুকীয়া কঠোৰ আইন এখন প্রণয়ন কৰিবলৈকো দাবী জনায় হিন্দুত্ববাদী নেতাজনে। সংবাদ মেলখনত তেওঁ এই বুলিও কয় যে লাভ জেহাদৰ চিকাৰ হোৱা কিশোৰী যুৱতীসকলক পৰৱৰ্তী সময়ত ইছলাম ধর্ম গ্রহণ কৰিবলৈ মুছলমান যুৱকসকলৰ লগতে যুৱকসকলৰ পৰিয়ালবৰ্গই ভয়, ভাবুকি দিয়াৰ উপৰিও আনকি লাভ জেহাদৰ বলি যুৱতীসকলক বহু সময়ত প্রাণে মাৰাৰো ভাবুকি দিয়াৰ এই ৰাজ্যতে অলেখ উদাহৰণ ওলাব। সেয়েহে এনেধৰণৰ অপৰাধ সংঘটিত কৰিলে অপৰাধীবোৰক কমেও ১০বছৰৰ অধিক সশ্ৰম কাৰাদণ্ডৰ লগতে লাভ জেহাদৰ বলি হোৱা যুৱতীগৰাকীক উপযুক্ত আর্থিক ক্ষতিপূৰ্ণ দিয়াৰো এই আইনত সুনিশ্চিত
ব্যৱস্থা কৰিবলৈ দাবী জনায় সংগঠনটোৰ নেতাজনে। আনহাতে যদি কেতিয়াবা কোনো হিন্দু যুৱতী লাভ জেহাদৰ চিকাৰ হৈ মুছলমান ধর্মালম্বী যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হ’বলগীয়াও হয়, তেতিয়া যাতে হিন্দু যুৱতীগৰাকীয়ে বিবাহৰ পাছতো নিজৰ পূৰ্বৰ স্বধৰ্মীয় ৰীতি-নীতি, পূজা-পার্বণ নিজৰ ইচ্ছা অনুসৰি বাধাহীনভাবে মুছলমান যুৱকজনৰ ঘৰত সুচাৰুৰূপে পালন কৰিব পাৰে সেইটো এই ‘লাভ জেহাদ প্ৰতিৰোধী আইনৰ দ্বাৰা চৰকাৰে সুনিশ্চিত কৰিব লাগে বুলি বৈশ্যই সংবাদ মেলখনত চৰকাৰক দাবী জনায়। সংবাদমেলত বৈশ্যই এইটো দাবী কৰে যে ৰাজ্য চৰকাৰে এনেধৰণৰ এখন কঠোৰ আইন প্ৰণয়ন কৰি ৰাজাত বলৱৎ কৰিলেহে
ৰাজ্যৰ হিন্দু কিশোৰী যুৱতী তথা কম বয়সৰ বোৱাৰী সকলক এই জেহাদি চক্ৰৰ আক্ৰমণৰ পৰা কিছু হ’লেও সুৰক্ষা দিব পৰা যাব। আনহাতে এই আইনখন আগন্তক ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত বলৱৎ কৰি ৰাজ্য চৰকাৰে নিজৰ সদিচ্ছাৰ পৰিচয় দিয়ক বুলি ৰাজ্য চৰকাৰকো আহ্বান জনায় ৰাষ্ট্ৰবাদী নেতাজনে। ইফালে আজি অনুষ্ঠিত সংবাদ মেলখনত সংগঠনটোৰ ৰাজ্যিক সভাপতি জনার্দন দেৱগোস্বামী, মুখ্য সাংগঠনিক সম্পাদিকা দেৱশ্রী গোস্বামী, প্ৰচাৰ সম্পাদক নির্মলেশ্বৰ গোস্বামী, সাংগঠনিক সম্পাদিকা নন্দা দেবী, গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে অচ্যুত গোস্বামী আৰু কংকন কলিতাকে ধৰি সংগঠনটোৰ বহুসংখ্যক নেতা-কর্মী উপস্থিত থাকে।