ashomiyapatrika.com

বিধানসভা সমষ্টিৰ পুনৰ্গঠনৰ প্ৰথমখন খচৰা ঘোষণাঃ আমগুৰিত উত্তাল প্ৰতিবাদ দল- সংগঠনৰ

0 88

আমগুৰিঃ আমগুৰি বিধানসভা সমষ্টিৰ পুনৰ্গঠনৰ প্ৰথমখন খচৰা নিৰ্বাচন আয়োগে ঘোষণা হোৱাৰ লগে লগে আমগুৰিত উত্তপ্ত পৰিস্থিতি হয়৷ আমগুৰি সমষ্টি বিলুপ্তি কোনো কাৰনতে মানি লোৱা নহব হুংকাৰ দি পৰিৱেশ উত্তাল কৰি তোলে আমগুৰিবাসীয়ে৷ উল্লেখ্য যে আজি পুৱাই আমগুৰি নগৰৰ চাৰিআলিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কেইবাটাও দল- সংগঠনে৷ ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত অসম বিধানসভাৰ সমষ্টি পুনৰ্নিদ্ধাৰণৰ বাবে নিৰ্বাচন আয়োগে প্ৰস্তুত কৰা প্ৰথমখন খচৰা যোৱা কালি ঘোষণা হোৱাৰ পিছত আজি

আমগুৰিত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, সদৌ টাই ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিকে ধৰি বহুকেইটা জাতীয় সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে প্ৰকাশ হোৱা প্ৰথমখন খচৰা অনুসৰি ঐতিহাসিক আমগুৰি সমষ্টি বিলুপ্তি কৰা হৈছে। আমগুৰি বিধানসভা সমষ্টিৰ কিছু অংশ নাজিৰা আৰু কিছু অংশ শিৱসাগৰ বিধানসভা সমষ্টিত চামিল কৰা হৈছে। যিটো আমগুৰি বাসীয়ে কোনো কাৰনতে মানি লোৱা নহব বুলি হুংকাৰ দিয়ে৷ আমগুৰিবাসীৰ প্ৰতিবাদক আয়োগে কি ধৰনে লয় সেয়া লক্ষ্যনীয় হব৷

Leave A Reply

Your email address will not be published.