ashomiyapatrika.com

ভাৰতীয় জনতা পাৰ্টিৰ বিষ্ণু ৰাভা দিৱস উদযাপন

0 39

গুৱাহাটীঃ ভাৰতীয় জনতা পাৰ্টি, গুৱাহাটী মহানগৰ জিলাৰ উদ্যোগত আজি কলা গুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয়৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি, গুৱাহাটী মহানগৰ জিলাৰ সভাপতি তপন চন্দ্ৰ দাস, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ক্ষেত্ৰৰ বৌদ্ধিক প্ৰমুখ তীৰ্থাংকৰ দাস কলিতা (শংকৰ দাস), ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সাধাৰণ সম্পাদক তথা যুৱ মৰ্চা, অসম প্ৰদেশৰ প্ৰাক্তন ৰাজ্যিক সভাপতি দিপ্লু ৰঞ্জন শৰ্মা৷ সভাৰ আদৰণি ভাষণত জিলা সভাপতিয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কলা, কৃষ্টি, সংস্কৃতি আৰু তেখেতৰ অশেষ অৱদানৰ

বিষয়ে অৱগত কৰায়৷ ঠিক সেইদৰে সাংসদ কুইন ওজাই তেখেতৰ শৈশৱৰ দিনৰ ৰাভাৰ সাৎক্ষাতৰ অভিজ্ঞতাৰ বিষয়ে জনায়৷ দিপ্লু ৰঞ্জন শৰ্মাই ৰাভাৰ সাংস্কৃতি আৰু ৰাজনীতি ক্ষেত্ৰত কিমান গভীৰ অৰিহনা আছিল সেই বিষয়ে অৱগত কৰায়৷ শেষত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ক্ষেত্ৰৰ বৌদ্ধিক প্ৰমুখ তীৰ্থাংকৰ দাস কলিতাক মুখ্য বক্তা হিচাপে আমন্ত্ৰণ জনোৱাত তেখেতে কলাগুৰু মৃত্যু তিথিত তেওঁৰ অসমীয়া জাতি প্ৰতি তেওঁৰ অৱদানৰ কথা স্মৰণ কৰি কয় যে ৰাভাই শংকৰ দেৱৰ ওপৰত অধ্যয়ন কৰি তেওঁৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ইংৰাজৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ পৰাই আন্দোলনত জঢ়িত হৈ নিজৰ কলেজীয়া শিক্ষা মাজতে

এৰি আই মাতৃৰ সেৱাত নিজকে নিয়োজিত কৰিছিল। সভাৰ অন্তত জটিল ৰোগত ৰোগাক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা বহুসংখ্যক ৰোগী আৰু ৰোগীৰ আত্মীয়ৰ মাজত মুখ্যমন্ত্ৰী সাহায্য পুঁ‌জিৰ পৰা অহা চেক সমূহ বিতৰণ কৰা হয়৷

Leave A Reply

Your email address will not be published.