ashomiyapatrika.com

সুন্দৰৰ পূজাৰী ৰাভাৰ সৃষ্টি ৰাজিক স্মৰণ বকো সাহিত্য সভা, খাটলপাৰা বালিকা প্ৰাথমিক বিদ্যালয়, বকো আঞ্চলিক যুৱক সংঘৰ

0 62

বকোঃ সুন্দৰৰ পূজাৰী তথা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি ৫৪ সংখ্যক মৃত্যু তিথি। সমগ্ৰ দেশৰ লগতে কামৰূপ জিলাৰ বকোতো ভিন্ন প্ৰান্তৰ অনুস্থান প্ৰতিস্থানৰ উদ্যোগত পালন কৰা হয় হিয়াৰ আমঠু শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰাভা দিৱস। প্ৰবাদ প্ৰতীম বিশ্ব বৰেণ্য শিল্পী গৰাকীৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰি তেওঁৰ সৃষ্টি ৰাজিক স্মৰণ কৰে বকো সাহিত্য সভাই। আজি বকো সাহিত্য সভা শতদল শাখাৰ উদ্যোগত আৰু খাটলপাৰা বালিকা প্ৰাথমিক বিদ্যালয়ৰ সহযোগত পালন কৰা হয় বিষ্ণু ৰাভা দিৱস। বকো শিক্ষাখণ্ডৰ ৰম্যপুৰ সমল কেন্দ্ৰৰ খাটলপাৰা বালিকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মলয়া গোস্বামী আৰু সহ শিক্ষক অনুপম

কলিতাৰ সহযোগত আয়োজন কৰা ৰাভা দিৱসৰ কাৰ্য্যসূচী সঞ্চালনা কৰে বকো সাহিত্য সভাৰ সভাপতি বিজয়া ডেকাই। বকো সাহিত্য সভাৰ সাধাৰণ সম্পাদক জনাৰ্দন বড়োই আত ধৰা অনুস্থানত বিদ্যালয় খনৰ কণ কণ ছাত্ৰ ছাত্ৰীয়ে গীত মাত নৃত্যৰ সমাহাৰেৰে পালন কৰে ৰাভা দিৱসৰ কাৰ্য্যসূচী। অনুস্থানত প্ৰাক্তন সভাপতিদ্বয় ড° গণেশ্বৰ চহৰীয়া, সুৰেণ চন্দ্ৰ কলিতা আৰু সহকাৰী সম্পাদক বিষ্ণু ৰাম দাসে সহযোগ আগবঢ়ায়। ইফালে বকো আঞ্চলিক যুৱক সংঘৰ উদ্যোগত আজি দিনযোৰা কাৰ্য্যসুচীৰে গীত মাত নৃত্যৰে পালন কৰে ৰাভা দিৱসৰ কাৰ্য্যসূচী। বকো আঞ্চলিক যুৱক সংঘৰ সভাপতি তথা প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাসে কলাগুৰু বিষ্ণুপ্ৰসাদ

ৰাভাৰ বৃহৎ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰি ৰাভা দিৱসৰ কাৰ্য্যসূচী শুভাৰম্ভ কৰে। অনুস্থানত ৰাভা দেৱৰ জীৱনৰ কৰ্মৰাজি আৰু সৃষ্টি ৰাজিৰ ওপৰত সুন্দৰ স্বৰচিত কবিতা পাঠ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তথা নতুন কবি প্ৰফুল্ল কুমাৰ দলৈয়ে। উল্লেখ্য যে বকো আঞ্চলিক যুৱক সংঘ পৰিচালনা সমিতিৰ সম্পাদক হৰেণ ৰাভা আৰু সহ সম্পাদক ৰজিত বড়োই আত ধৰা কাৰ্য্যসুচীত পৰাণজ্যোতি দাস, যুৱ নেতা অনুপম দাস, ছাত্ৰ নেতা অজিত আলী, পদ্মলোচন দাস, সম্ভু ভদ্ৰকে ধৰি বহু সংখ্যক শুভাকাংশীয়ে অংশগ্ৰহণ কৰে। অনুস্থানত গীৰিধৰ বড়োই বাঁহীত ৰাভা দেৱৰ গীতৰ সুৰ তুলি পৰিবেশ সুমধুৰ কৰি তোলে।

Leave A Reply

Your email address will not be published.