বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সতীৰ্থ সন্মিলনৰ সাধাৰণ সভা
নতুন সমিতি গঠনঃ সভাপতি ৰমেন সিং ৰাভা আৰু সম্পাদক আঞ্চুমা খুংগুৰ বডোচা
বকোৰ পৰা বিষ্ণুৰাম দাসঃ কামৰূপ জিলাৰ উচ্চ শিক্ষাৰ অন্যতম শিক্ষা প্ৰতিষ্ঠান জৱাহৰলাল নেহৰু মহাবিদ্যালয় বকোৰ সতীৰ্থ সন্মিলনৰ সাধাৰণ সভা খন আজি সম্পন্ন হয়। উল্লেখ্য যে মহাবিদ্যালয় প্ৰাংগনত ছাত্ৰ ছাত্ৰীৰ সতীৰ্থ সন্মিলনৰ সভাপতি তথা অধ্যাপক ড° ক্ষীৰোদ ঠাকুৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভাত সন্মিলনৰ নীতি আদৰ্শৰ ওপৰত আলোকপাত কৰা হয়। সাধাৰণ সভাৰ কাৰ্য্যসূচী অনুসৰি পুৰণি সমিতি খন ভংগ কৰি বিষয় বাচনি সভাৰ জৰিয়তে এখন নতুন সমিতি গঠন কৰা হয়। সতীৰ্থ সন্মিলনৰ নতুনকৈ গঠিত সমিতিৰ সভাপতি হিচাপে ৰমেন সিং ৰাভা, উপ-সভাপতি হিচাপে ক্ৰমে ৰজিত বড়ো আৰু ড° মহানন্দ দাস, সাধাৰণ
সম্পাদক হিচাপে অঞ্চুমা খুংগুৰ বডোচা আৰু সহকাৰী সম্পাদক হিচাপে পবিত্ৰ কৈৱৰ্ত সহ দুজনক বাচনি কৰি আগন্তুক কাৰ্য্যকালৰ বাবে এখন কাৰ্য্যনিবাহক সমিতি গঠন কৰা হয়। আগন্তুক সময়ত নতুন সমিতি খনে মহাবিদ্যালয় খনৰ সমূহ প্ৰাক্তন তথা বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীৰ পূৰ্ণ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।