জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাঃ মাতৃ সুমিত্ৰা ৰাভাক লগত লৈ জোনমণিৰ চৰকাৰী আবাসত চিবিআইৰ অভিযান
গুৱাহাটীঃ সুদক্ষ আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ ঘটনাৰ পিছতে ৰাজ্যবাসীয়ে জোনমণিৰ মৃত্যুৰ তদন্তৰ দায়িত্ব চিবিআইক দিবলৈ দাবী উত্থাপন কৰিছিল৷ প্ৰথমাৱস্থাত চিআইডিয়ে ঘটনাটোৰ তদন্ত কৰিছিল যদিও অৱশেষত ৰাইজৰ দাবীৰ প্ৰতি সন্মান জনাই আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত কৰিবলৈ চিবিআইক দায়িত্ব অৰ্পণ কৰে৷ দায়িত্ব লৈয়েই দিল্লীৰ পৰা সুদক্ষ আইপিএছ বিষয়া তথা চিবিআইৰ ডিআইজি লাভলী কাটিয়াৰে এটা দলসহ গুৱাহাটীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷ আনকি চিবিআইৰ এটা দলে দুৰ্ঘটনাস্হলী পৰিদৰ্শন কৰি তন্ন তন্নকৈ পৰিক্ষা কৰাও দেখা গৈছে৷ উল্লেখ্য যে চিবিআইয়ে
ক্ষিপ্ৰ গতিত আগবঢ়াইছে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্ত। কালি বিভিন্নজনক সোধ পোচ কৰাৰ অন্তত আজি নগাঁও আৱৰ্ত্ত ভৱনত সাক্ষ্য প্ৰদানৰ বাবে পুৱাই উপস্থিত হ’য় জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভা। একে সময়তে নগাঁও আৱৰ্ত্ত ভৱনলৈ জেৰাৰ বাবে মাতি অনা হ’য় কচুঁৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইৰশ্বাদক। চিবিআইয়ে জোনমণিৰ মাতৃ সুমিত্ৰাৰ প্ৰতিটো অভিযোগৰ উত্তৰ বিচাৰিলে ৰাজা ইৰশ্বাদৰ পৰা৷ ইয়াৰ পিছতে জোনমণি ৰাভাৰ চৰকাৰী আৱাসত অভিযান চলাই চিবিআইৰ দলে। তথ্য বিছাৰি মাতৃ সুমিত্ৰাক লগত লৈ ডিআইজি লাভলী কাটিয়াৰে অভিযান চলালে জোনমণিৰ চৰকাৰী আৱাসত। অভিযানৰ পিছতে আৰক্ষী সঞ্চালকপ্ৰধান
জিপি সিঙৰ বিৰুদ্ধে জোনমণিৰ সম্পৰ্কীয় ভাতৃয়ে ক্ষোভ উজাৰে। আনকি আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুৰ পিছত ৫০হাজাৰ টকা প্ৰদান কৰিয়ে অসম আৰক্ষীয়ে দায়িত্ব সামৰিলে বুলিও ক্ষোভ উজাৰে জোনমণিৰ পৰিয়ালে। এতিয়া চিবিআইৰ তদন্তৰ অন্তলৈ আশাৰে বাট চাইছে জোনমণিৰ পৰিয়ালৰ লগতে ৰাজ্যৰ জনসাধাৰণে৷ তদন্তত কি উদঘাটন হয় সেয়াহে লক্ষ্যনীয় হব৷