ফেচবুকত বিজেপি নেত্ৰীৰ বিৰুদ্ধে অশ্লীল পোষ্টঃ বিতৰ্কিত লেখিকা শিখা শৰ্মাক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ
গুৱাহাটীঃ ফেচবুকত বিজেপি নেত্ৰীৰ বিৰুদ্ধে পোষ্ট দি ৰঙাঘৰৰ আলহী হল বিতৰ্কিত লেখিকা শিখা শৰ্মা৷ উল্লেখ্য যে বিজেপিৰ গোৱালপাৰা জিলাৰ এগৰাকী মৃত নেত্ৰীৰ বিৰুদ্ধে অশ্লীল মন্তব্য দিয়াৰ অভিযোগত আজি দিশপুৰ আৰক্ষীয়ে শিখা শৰ্মাক গুৱাহাটীৰ পথাৰকোৱেৰীৰ বাসগৃহৰ পৰা আটক কৰি আনে আৰু সোধ পোচৰ অন্তত গ্ৰেপ্তাৰ কৰে৷ গ্ৰেপ্তাৰ হোৱাৰ পিছতেই বিতৰ্কিত লেখিকা শিখা শৰ্মাই চৰকাৰৰ বিৰূদ্ধে সৰব হৈ পৰে। গুৱাহাটী নিশাৰ এন্ধাৰ পোহৰাবলৈ শিখা জ্বলিৱই লাগিব ৷ এই মন্তব্য ফেচবুকত বিজেপি নেত্ৰীৰ বিৰুদ্ধে বিৰূপ মন্তব্য প্ৰকাশ কৰি দিশপুৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা শিখা শৰ্মাৰ ৷ শুকুৰবাৰে গ্ৰেপ্তাৰ হোৱাৰ পিচত স্বাস্থ্য
পৰীক্ষাৰ বাবে লৈ যোৱাৰ সময়ত চিঞৰি চিঞৰি এই মন্তব্য আগবঢ়াই আটকাধীন শিখা শৰ্মাই ৷ উল্লেখ্য যে কিছুদিন পূৰ্বে শিখা শৰ্মাই ফেচবুকত সদ্য প্ৰয়াত বিজেপি নেত্ৰী জোনালী নাথ সন্দৰ্ভত কিছু আপত্তিজনক মন্তব্য দিছিল ৷ হত্যাৰ বলি হোৱা বিজেপি নেত্ৰী জোনমণি নাথৰ চৰিত্ৰক লৈ প্ৰশ্ন কৰিছিল শিখা শৰ্মাই ৷ এই সন্দৰ্ভত দিশপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু হৈছিল৷ শিখা শৰ্মাৰ ফেচবুকত কৰা মন্তব্যৰ বিৰুদ্ধে আপত্তি দৰ্শাইছিল ৰাজ্যিক মহিলা আয়োগেও। আনকি এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা হেমপ্ৰভা বৰঠাকুৰে ডিজিপি লৈ পত্ৰ প্ৰেৰণ কৰিছিল৷ আৰক্ষী সঞ্চালক প্ৰধানলৈ লিখা পত্ৰত এনে কাৰ্যৰ
বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিল ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষাগৰাকীয়ে ৷ ইতিমধ্যে দিছপুৰ আৰক্ষী থানাই ১০৪৭/২৩ নম্বৰৰ গোচৰত বিতৰ্কিত লেখিকা শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে ৷ শিখা শৰ্মাৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ৫০০/৫০৯/৫৩৯২৯৫(এ)/২০১/২০৩/৫০৫ নং ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰামতে আদালতত হাজিৰ কৰাই শিখা শৰ্মাক পুনৰ আৰক্ষী জিম্মাত বিচৰিব৷