ashomiyapatrika.com

ধিঙত কৃষক ৰাইজৰ বিশেষ সজাগতা সভা

0 34

ধিংঃ কৃষক ৰাইজৰ সহায় হোৱাকৈ কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰিছিল প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি আচনি, যত দেশৰ লাখ লাখ কৃষকে‌ ২০০০ টকাকৈ প্ৰতিবাৰে লাভ কৰি আহিছে। কিন্তু এই আঁচনিৰ ধন পাবলৈ প্ৰকৃত কৃষকে মাটিৰ প্ৰয়োজনীয় নঠি পত্ৰৰ লগতে বেংক একাউণ্ট, আধাৰ কাৰ্ড আৰু ekyc কৰাতো অতি দৰকাৰী যদিও কিছু কৃষকে‌ এই সমুহ কাম সময়মতে নকৰাৰ ফলত বঞ্চিত হৈ আহিছে প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি আচনি ধন লাভৰ পৰা। কৃষকৰ এই সমস্যা সমুহ সমাধান কৰাৰ উদেশ্যে নগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত ধিঙত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে বিশেষ সজাগতা সভা। এই সজাগতা সভাত ইতিমধ্যেই ধিং

ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰ কৃষক ৰাইজে ভাগ লৈছে নিজা নিজা নঠিপত্ৰ পৰীক্ষা কৰাবলৈ৷ এই বিশেষ সজাগতা সভাত অংশ গ্ৰহন কৰি কৃষক ৰাইজে সন্মুখীন হোৱা সমস্যা সমুহ সমাধান কৰাত ভাগ লৈছে নগাঁও মহকুমা কৃষি বিষয়া ৰেকিবুল ফাৰুকী, কৃষি উন্নয়ন বিষয়া কিশোৰ কলিতা আৰু উপ পৰিদৰ্শক ৰবীন চন্দ্ৰ ডেকাই । আনহাতে এই সজাগতা সভাখনত বিশেষভাৱে সহযোগিতা আগবঢ়াইছে ধিং ৰাজহ চক্ৰৰ গাঁও প্ৰধান সকলৰ লগতে কৃষি সখী সকলেও৷

Leave A Reply

Your email address will not be published.