ধিঙৰ ভকত গাঁৱত চাঞ্চল্যকৰ ঘটনাঃ গৰ্ভৱতী পত্নীক চুৰিৰে পেটত হানি হত্যা কৰিলে স্বামীয়ে
ধিংঃ মঙলবাৰে নগাওঁ জিলাৰ ধিঙৰ ভকত গাৱঁত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা৷ এগৰাকী ছমহীয়া গৰ্ভৱতী পত্নীক স্বামীয়ে চুৰীকাঘাট কৰা ফলত গৰ্ভস্থ সন্তান সহ মহিলা গৰাকীৰ মৃত্যু হয়৷ এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানে সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্য অব্যাহত আছে৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে ধিং ভকত গাৱঁৰ ছয় মহীয়া গৰ্ভৱতী ববীতা দেৱী নামৰ মহিলা এগৰাকীক যোৱা কালি তেওঁৰে স্বামী অনন্ত নাথে পেটত চুৰিৰে হানে৷ এই অমানৱীয় তথা ঘৃণনীয় কাণ্ড সংঘটিত কৰিয়েই ৰক্তাক্ত অৱস্থাত পেলাই থৈ ঘটনাস্থলীৰ পৰা স্বামী অনন্তই পলায়নৰ চেষ্টা কৰে যদিও স্থানীয় একাংশ লোকৰ সহযোগত অনন্তক ধিং আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম
হয়৷ ইফালে মহিলা গৰাকীক ততাতৈয়াকৈ পৰিয়ালৰ লোকে ধিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই যদিও মহিলা গৰাকীৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্রেৰণ কৰে । পৰৱৰ্তী সময়ত মহিলা গৰাকীক নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও নিশাৰ ভাগলৈ মহিলা গৰাকীৰ লগতে গৰ্ভস্থ সন্তানটিৰ মৃত্যু হয়৷ অতি অমায়িক স্বভাৱৰ মহিলা গৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰে৷ উল্লেখযোগ্য যে অনন্তই ইয়াৰ পূৰ্বেও আৰু ২গৰাকী মহিলাক বিয়া কৰাই নিৰ্মম অত্যাচাৰ কৰি খেদি
পঠিয়াইছিল বুলি জানিব পৰা গৈছে৷ অনন্তই প্ৰায়ে ববীতা দেৱীৰ উপৰতো শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল বুলিও জানিব পৰা গৈছে৷ নিজ গৰ্ভৱতী পত্নী ববীতা দেৱীক স্বামী অনন্ত নাথে কি কাৰনত হত্যাৰ দৰে জঘন্য কাণ্ড সংঘটিত কৰিলে সেয়া বৰ্তমানেও জানিব পৰা নাই। ইপিনে হত্যাকাৰী অন্তত নাথক দৃষ্টান্ত মুলক শাস্তি দিবলৈ স্থানীয় একাংশ ৰাইজে দাবী জনাইছে৷