বকোৰ শিংৰা হাইস্কুলৰ মেধাবৃত্তিৰ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনাঃ ক্ৰীড়া আৰু সাহিত্য চ’ৰাত সাফল্য
বকোঃ কামৰূপ জিলাৰ বকো শিক্ষা খণ্ডৰ অন্তৰ্গত শিংৰা হাইস্কুলৰ ছাত্ৰ ছাত্ৰীয়ে ক্ৰীড়া আৰু সাহিত্য চ’ৰাৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰি সন্মান বুটলিবলৈ সক্ষম হৈছে। সাম্প্ৰতিক সময়ত শিক্ষিত সমাজত তথা স্কুলীয়া জীৱনত ক্ৰীড়া আৰু সাহিত্য চ’ৰা এক বিশেষ পন্থা হৈ পৰিছে। এই সাফল্য অনুসৰি অলপতে দেশৰ মধ্যপ্ৰদেশৰ ভূপালত অনুষ্ঠিত ৰাষ্ট্ৰীয় স্কুল টুৰ্ণামেন্টত শিংৰা হাইস্কুলৰ ছাত্ৰী অংগিতা ৰাভাই ১৯ বছৰ অনুৰ্ধ্বৰ মহিলা ফুটবলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ উদ্যোগত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় কুইজ প্ৰতিযোগিতাত বিদ্যালয় খনৰ দশম শ্ৰেণীৰ ছাত্ৰ অক্ষয় ৰাভা আৰু নৱম শ্ৰেণীৰ ছাত্ৰী বৰ্ণালী কলিতাই ব্লক
ভিত্তিত আয়োজন কৰা প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে। অসম বিজ্ঞান সমিতি বকো শাখাৰ উদ্যোগত আয়োজন কৰা ৰচনা প্ৰতিযোগিতাত দশম শ্ৰেণীৰ ছাত্ৰ – ছাত্ৰী ক্ৰমে লক্ষ্যজিৎ বসুমতাৰী, দৰ্পনা কলিতা, আৰু অক্ষয় ৰাভাই প্ৰথম – দ্বিতীয় আৰু তৃতীয় স্থান পাৱলৈ সক্ষম হৈছে। ইফালে চিত্ৰাংকন প্ৰতিযোগিতাত কৃপানন্দ বসুমতাৰী আৰু ৰত্নেশ্বৰ ৰাভাই প্ৰথম আৰু দ্বিতীয় স্থান পোৱাৰ উপৰিও শ্লোগান লিখা প্ৰতিযোগিতাত দীপান্দিতা কলিতা আৰু দৰ্শনা কলিতাই ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰিছে। ইফালে শিংৰা হাইস্কুলৰ প্ৰধান শিক্ষক ইন্দ্ৰমোহন চৌধুৰীয়ে আত ধৰা অনুস্থানত অংশগ্ৰহণ কৰে বিদ্যালয় খনৰ উন্নয়ণ আৰু
পৰিচালনা সমিতিৰ বিষয় ববীয়া সকলৰ উপৰিও শিক্ষক শিক্ষয়িত্ৰী সকলে। আনহাতে বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীয়ে সহ বিদ্যা তনিক বিষয় – ক্ৰীড়া, চিত্ৰকলা আৰু সাহিত্য চ’ৰাৰ যোগেদি সুনাম কঢ়িয়াই অনাত সন্তোষ প্ৰকাশ কৰে। প্ৰধান শিক্ষক ইন্দ্ৰমোহন চৌধুৰীয়ে ছাত্ৰ ছাত্ৰী সকলে স্কুলীয়া শিক্ষাৰ উপৰিও অন্যান্য দিশেৰে বিদ্যালয় নাম উজোলোৱা বাবে শুভেচ্ছা জ্ঞাপন কৰে।